• Home
  • »
  • News
  • »
  • world
  • »
  • Salman Rushdie Attacked : বিশ্ব বিখ্যাত লেখক ছলমান ৰুশ্বডীক আক্ৰমণ, চাওক ভিডিঅ'

Salman Rushdie Attacked : বিশ্ব বিখ্যাত লেখক ছলমান ৰুশ্বডীক আক্ৰমণ, চাওক ভিডিঅ'

Salman Rushdie Attacked: পশ্চিম নিউয়ৰ্কত বক্তৃতা দিবলৈ ওলোৱাৰ সময়তে লেখক ছলমান ৰুছদীয়ে আক্ৰমণৰ বলি হৈছে বুলি APয়ে প্ৰকাশ কৰিছে

Salman Rushdie Attacked: পশ্চিম নিউয়ৰ্কত বক্তৃতা দিবলৈ ওলোৱাৰ সময়তে লেখক ছলমান ৰুছদীয়ে আক্ৰমণৰ বলি হৈছে বুলি APয়ে প্ৰকাশ কৰিছে

Salman Rushdie Attacked: পশ্চিম নিউয়ৰ্কত বক্তৃতা দিবলৈ ওলোৱাৰ সময়তে লেখক ছলমান ৰুছদীয়ে আক্ৰমণৰ বলি হৈছে বুলি APয়ে প্ৰকাশ কৰিছে

  • Share this:
বিশ্ব বিখ্যাত লেখক ছলমান ৰুশ্বডীক আক্ৰমণ (Salman Rushdie Attacked)।

আমেৰিকাৰ পশ্চিম নিউয়ৰ্কত ৰুশ্বডীক আক্ৰমণৰ খবৰ। জানিব পৰা মতে মঞ্চত ছুৰীৰে আক্ৰমণ কৰা হৈছে লেখক ৰুশ্বডীক।

সংবাদ সংস্থা APয়ে প্ৰকাশ কৰিছে এই বাতৰি।

পশ্চিম নিউয়ৰ্ক (western New York)ত বক্তৃতা দিবলৈ ওলোৱাৰ সময়তে লেখক ছলমান ৰুছদীয়ে আক্ৰমণৰ বলি হৈছে বুলি APয়ে প্ৰকাশ কৰিছে। চাওক ভিডিঅ'



উল্লেখ্য যে বুকাৰ অৱ বুকাৰ বঁটাৰে সন্মানিত ছলমান ৰুশ্বডীক তেওঁৰ বিভিন্ন লিখনিৰ বাবে সমালোচনা কৰি অহা হৈছে। বিশেষকৈ 'দা ছাটানিক ভাৰ্ছেছ' (The Satanic Verses) নামৰ গ্ৰন্থখনৰ পৰাই বিতৰ্কত সোমাই পৰিছিল লেখকগৰাকী। বিশেষকৈ ইছলামিক সমাজৰ ৰোষত পৰিছিল ৰুশ্বডী।

লেখক ৰুশ্বডীক বিভিন্ন সময়ত বিভিন্ন পক্ষই মৃত্যুৰ ভাবুকি দি আহিছিল। আনকি এটা সময়ত ৰুশ্বডীক হত্যাকৰাজনক ৩ নিযুত মাৰ্কিন ডলাৰৰ পুৰস্কাৰ দিয়াৰ কথাও ঘোষণা কৰা হৈছিল। ১৯৮৮ চনত ইৰাণে ৰুশ্বডীৰ 'দা ছাটানিক ভাৰ্ছেছ' কিতাপখন ইছলামবিৰোধী বুলি নিষিদ্ধ কৰিছিল। ইৰাণৰ তেতিয়াৰ নেতা আয়াতোল্লা খোমেইনী ( Ayatollah Ruhollah Khomeini)য়ে ৰুশ্বডীৰ মৃত্যুৰ বাবে ফতোৱা জাৰি কৰিছিল আৰু ৩ নিযুত মাৰ্কিন ডলাৰৰ পুৰস্কাৰ ঘোষণা কৰিছিল।

নিউয়ৰ্কৰ চৌটাকুৱা কাউণ্টী (Chautauqua County) ইনষ্টিটিউচনত বক্তৃতা দিবলৈ সাজু হোৱা সময়তে এজন লোকে মঞ্চলৈ উঠি গৈ ৰুশ্বডীক ছুৰীৰে আক্ৰমণ কৰে। লগে লগে উপস্থিত লোক মঞ্চলৈ উঠি গৈ ৰুশ্বডীক ৰক্ষা কৰে। আক্ৰমণকাৰী লোকজনক আটক কৰা হৈছে।
Published by:Manjumoni Borah
First published: