মুখ্যপৃষ্ঠা »খবৰ »বিশ্ব »বিশ্ব পৰিৱেশ দিৱস : গানেৰে প্ৰদূষণ ৰোধৰ বাৰ্তা বলীউদৰ তাৰকাৰ

বিশ্ব পৰিৱেশ দিৱস : গানেৰে প্ৰদূষণ ৰোধৰ বাৰ্তা বলীউদৰ তাৰকাৰ

বিকি কৌশল, ৰাজকুমাৰ ৰাও, কপিল শৰ্মাৰ উপৰি কৰিঅ’গ্ৰাফাৰ শামক ডাৱৰ, গায়িকা সুনিধি চৌহান আৰু শংকৰ মহাদেৱনৰ দৰে তাৰকাক দেখা গৈছে গানটোত।

  • Share this:
    আজি বিশ্ব পৰিৱেশ দিৱস। এই উপলক্ষে পৰিৱেশ সংৰক্ষণৰ এক বাৰ্তাৰে এটা গীত মুকলি কৰিছে বলীউদ জগতে। এই গানৰ জৰিয়তে দূষিত বায়ু প্ৰদূষণমুক্ত কৰাৰ আহ্বান জনোৱা হৈছে। এইবাৰ বিশ্ব পৰিৱেশ দিৱসৰ বায়ু প্ৰদূষণ। ভাৰতেও দীৰ্ঘদিন ধৰি ভুগি এই বায়ু প্ৰদূষণৰ সমস্যাত।

    এই ভিডিঅ’টোৰ আৰম্ভণিতে দেখা গৈছে জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰক। ইয়াৰ পিছত বিকি কৌশল, ৰাজকুমাৰ ৰাও, কপিল শৰ্মাৰ উপৰি কৰিঅ’গ্ৰাফাৰ শামক ডাৱৰ, গায়িকা সুনিধি চৌহান আৰু শংকৰ মহাদেৱনৰ দৰে তাৰকাক দেখা গৈছে গানটোত।

    গছপুলি ৰোপণৰ লগতে ট্ৰাফিক আৰু তাৰ পৰা বৃদ্ধি পোৱা প্ৰদূষণৰ ওপৰত গুৰুত্ব দিয়া হৈছে এই ভিডিঅ’টোত। অতি আকৰ্ষণীয় হৈছে পৰিৱেশ দিৱসৰ এই গীতটো। গানটোৰ জৰিয়তে জনসাধাৰণলৈ প্ৰেৰণ কৰা হৈছে গুৰুত্বপূৰ্ণ বাৰ্তা।

    শেহতীয়া বাতৰি