IND vs ENG:কেনেকৈ বলিং কৰি কোহলীক শলঠেকত পেলাব পাৰি মই জানো!...কোনে ক’লে?

ইংলেণ্ডৰ আগশাৰীৰ বাতৰি কাকত ‘The Guardian–’ৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত কাইলে হ’বলগীয়া ইংলেণ্ডৰ বিৰুদ্ধে মেচত ভাৰতীয় দল চাপত থাকিব বুলি মন্তব্য কৰে মঈন আলীয়ে

News18-Assam
Updated:June 29, 2019, 2:12 PM IST
IND vs ENG:কেনেকৈ বলিং কৰি কোহলীক শলঠেকত পেলাব পাৰি মই জানো!...কোনে ক’লে?
ইংলেণ্ডৰ আগশাৰীৰ বাতৰি কাকত ‘The Guardian–’ৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত কাইলে হ’বলগীয়া ইংলেণ্ডৰ বিৰুদ্ধে মেচত ভাৰতীয় দল চাপত থাকিব বুলি মন্তব্য কৰে মঈন আলীয়ে
News18-Assam
Updated: June 29, 2019, 2:12 PM IST
দেওবাৰে অনুষ্ঠিত হ’ব ভাৰত আৰু ইংলেণ্ডৰ মাজত বিশ্বকাপৰ বহু প্ৰত্যাশিত মেচখন। বিশ্বকাপত ছেমি ফাইনেল খেলাৰ আশা সজীৱ কৰি ৰাখিবলৈ কাইলৈ ইংলেণ্ডে দিব লাগিব মৰণ–পৰণ যুঁজ। কাইলৈ মেচত জয়ী হ’লে ভাৰতেও ছেমি ফাইনেলত নিজৰ স্থান সুনিশ্চিত কৰিব পাৰিব! কিন্তু কাইলৈ হ’বলগীয়া মেচখনৰ প্ৰাকমুহূৰ্তত ইংলেণ্ডৰ অফ স্পীনাৰ মঈন আলীয়ে ভাৰতৰ অধিনায়ক বিৰাট কোহলীক যিকোনো প্ৰকাৰে তেওঁ আউট কৰিব বুলি দাবী কৰিছে।



‘মই আউট কৰিম বিৰাট কোহলীক’

ইংলেণ্ডৰ আগশাৰীৰ বাতৰি কাকত ‘The Guardian’–ৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত মঈন আলীয়ে কয় যে ইংলেণ্ডৰ বিৰুদ্ধে মেচত ভাৰতীয় দল চাপত থাকিব। খেলুৱৈজনে লগতে কয় যে– ‘বিৰাট কোহলীয়ে জানে যে ভাৰতে জয়লাভ কৰিবলৈ হ’লে তেঁও মেচখনত যথেষ্ট গুৰুত্বপূৰ্ণ ইনিংছ খেলিব লাগিব, কিন্তু বিৰাট কোহলীক মই সেই সুবিধা নিদিও, মই যিকোনো প্ৰকাৰে আউট কৰিম বিৰাট কোহলীক। বিৰাটক মই ১৯ অনুৰ্ধ্বৰ বিশ্বকাপৰ সময়ৰ পৰাই জানো, সেইদৰে মই ২০১৮ আৰু ২০১৯ বৰ্ষৰ আইপিএলত ৰয়েল চেলেঞ্জৰ হৈয়ে খেলিছো, কেনেকৈ বলিং কৰি বিৰাট কোহলীক শলঠেকত পেলাব পাৰি মই ভালকৈয়ে জানো!’



ইতিমধ্যে ভাৰতে খেলা বিশ্বকাপৰ প্ৰতিখন খলত বিৰাট কোহলীয়ে দুৰ্দান্ত বেটিং কৰি ভাৰতীয় দলৰ জয়ত লৈছে গুৰুত্বপূৰ্ণ ভূমিকা।
আৰু চাওক পৰৱৰ্তী বাতৰি