বিশ্বকাপ ক্ৰিকেটৰ দ্ৰুততম শতক

চলি আছে বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতা। দেওবাৰে ভাৰতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাগলৈছে বিশ্বকাপত নিজৰ দ্বিতীয়খন মেচত।

Dulu Medhi | news18assam
Updated:June 9, 2019, 6:31 PM IST
বিশ্বকাপ ক্ৰিকেটৰ দ্ৰুততম শতক
চলি আছে বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতা। দেওবাৰে ভাৰতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাগলৈছে বিশ্বকাপত নিজৰ দ্বিতীয়খন মেচত।
Dulu Medhi | news18assam
Updated: June 9, 2019, 6:31 PM IST
চলি আছে বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতা। দেওবাৰে ভাৰতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাগলৈছে বিশ্বকাপত নিজৰ দ্বিতীয়খন মেচত। খেলখনত ভাৰতৰ অপেনাৰ শিখৰ ধাৱানৰ শতকেৰে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দেখুৱাইছে বেটিং বিক্ৰম।

বিশ্বকাপত দ্ৰুততম শতক কৰা খেলুৱৈৰ তালিকাখন যথেষ্ট আকৰ্ষণীয়। বহুকেইগৰকী খেলুৱৈয়ে নিজৰ বিপক্ষৰ বলিং লাইন আপ তচ নচ কৰি নিজৰ নামত লিখিছে বিভিন্ন অভিলেখ।

বিশ্বকাপত দ্ৰুততম শতক কৰা খেলুৱৈৰ তালিকা

মাত্ৰ ৫২ টা বলত ১৬২ ৰাণ সংগ্ৰহ কৰি তালিকাৰ শীৰ্ষত আছে দক্ষিণ আফ্ৰিকাৰ মহান বেটচমেন এ বি ডিভিলিয়াৰ্চ। ২০১৫ চনৰ বিশ্বকাপত ৱেষ্ট ইণ্ডিছৰ বিৰুদ্ধে এই অভিলেখ গঢ়িছিল ডিভিলিয়াৰ্ছে।


২০১১ চনৰ বিশ্বকাপত মাত্ৰ ৫০ টা বলতে শতৰাণ কৰিছিল আয়াৰলেণ্ডৰ কে জে অব্ৰায়নে। অব্ৰায়নে ইংলেণ্ডৰ বিৰুদ্ধে সংগ্ৰহ কৰিছিল এই দ্ৰুততম শতৰাণ।


২০১৫ ৰ বিশ্বকাপত শ্ৰীলংকাৰ বিৰুদ্ধে মাত্ৰ ৫১ টা বলত শতৰাণ সংগ্ৰহ কৰিছিল অষ্ট্ৰেলিয়াৰ বিস্ফোৰক বেটচমেন গ্লেন মেক্সৱেলে।


২০০৭ ৰ বিশ্বকাপত শ্ৰীলংকাৰ বিৰুদ্ধে মাত্ৰ ৭২ টা বলত ১৪৯ ৰাণ সংগ্ৰহ কৰিছিল অষ্ট্ৰেলিয়াৰ বিস্ফোৰক বেটচমেন আডাম গ্ৰীলখ্ৰীষ্টে।


২০১৫ ৰ বিশ্বকাপত শ্ৰীলংকাৰ কুমাৰ ছাংগাকাৰাই ইংলেণ্ডৰ বিৰুদ্ধে মাত্ৰ ৭০ টা বলত ১১৭ ৰাণ সংগ্ৰহ কৰিছিল।



আৰু চাওক পৰৱৰ্তী বাতৰি