ভাৰত–ইংলেণ্ডৰ মেচক লৈ টনাটনি, ২০ হাজাৰৰ টিকট ক্ৰয় কৰিছে ১ লাখ টকাত

ইতিমধ্যে সকলো টিকট বিক্ৰী হৈছে এই মেচখনৰ, কিন্তু যিসকলে এই খেলখন চাবলৈ নাযায় সেইসকলে কেইটামান ৱেবছাইটৰ জৰিয়তে বিক্ৰী কৰিছে নিজৰ টিকট।

Dulu Medhi | News18-Assam
Updated:June 29, 2019, 3:24 PM IST
ভাৰত–ইংলেণ্ডৰ মেচক লৈ টনাটনি, ২০ হাজাৰৰ টিকট ক্ৰয় কৰিছে ১ লাখ টকাত
ইতিমধ্যে সকলো টিকট বিক্ৰী হৈছে এই মেচখনৰ, কিন্তু যিসকলে এই খেলখন চাবলৈ নাযায় সেইসকলে কেইটামান ৱেবছাইটৰ জৰিয়তে বিক্ৰী কৰিছে নিজৰ টিকট।
Dulu Medhi | News18-Assam
Updated: June 29, 2019, 3:24 PM IST
দেওবাৰে ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হ’বলগীয়া খেলৰ টিকটৰ বাবে সৃষ্টি হৈছে টনাটনিৰ। ইংলেণ্ডৰ দৰ্শকে এই মেচখন চাবলৈ দিবলৈ যিমান বিচাৰে সিমানে টকা দিবলৈ সাজু হৈছে।

৬ গুণতকৈ অধিক মূল্য

ইতিমধ্যে সকলো টিকট বিক্ৰী হৈছে এই মেচখনৰ, কিন্তু যিসকলে এই খেলখন চাবলৈ নাযায় সেইসকলে কেইটামান ৱেবছাইটৰ জৰিয়তে বিক্ৰী কৰিছে নিজৰ টিকট। ২৩৫ পাউণ্ডৰ প্লেটিনাম টিকট ১৩০০ পাউণ্ডত বিক্ৰী হৈছে। অৰ্থাৎ ভাৰতীয় ধনৰ মূল্য অনুসৰি ২০ হাজাৰ টকাৰ টিকট বহুলোকে ১ লাখ ১৩ হাজাৰত ক্ৰয় কৰি আছে। আনহাতে, ১৫০ পাউণ্ডৰ গোল্ড টিকট ৯০০ পাউণ্ডত বিক্ৰী হৈ আছে। অৰ্থাৎ ভাৰতীয় ধনৰ মূল্য অনুসৰি ১৩ হাজাৰ টকাৰ টিকট প্ৰায় ৭৮ হাজাৰ টকাত ক্ৰয় কৰি আছে।

ভাৰতীয় অনুৰাগীৰ টিকটত দখল
দেওবাৰে এজবেষ্টন খেলপথাৰত আধাতকৈ অধিক অনুৰাগী ভাৰতৰ হ’ব। ICCৰ অনুসৰি ৫৫ শতাংশ টিকট ভাৰতীয় দৰ্শকে আগতীয়াকৈ ক্ৰয় কৰিছে। এজবেষ্টনত ষ্টেডিয়ামৰ ক্ষমতা হ’ল ২৪২০০জন লোকৰ। অৰ্থাৎ ৱৰ্ল্ড কাপত ইংলেণ্ডে অন্য মেচৰ তুলনাত এই মেচখনত আটাইতকৈ কম সমৰ্থক পাব দলটোৱে।



বিগত বৰ্ষত হৈছিল পঞ্জীয়ন

ৱৰ্ল্ড কাপ মেচসমূহৰ টিকটৰ বাবে বিগত বৰ্ষতেই ICC–এ পঞ্জীয়নৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল। ৮ লাখ টিকটৰ বাবে ৩০ লাখ লোকে আবেদন কৰিছিল। ইংলেণ্ডত বহুকেইটা ৱেবছাইট আছে যিয়ে লোকৰ পৰা টিকট লৈ পুনঃবিক্ৰী কৰে।

চাহিদা কিয় আছে এই মেচখনৰ?
এই মেচখন ইংলেণ্ডৰ বাবে এখন যুঁজ। এই মেচখনত পৰাজয় মানে হ’ল দলটো ৱৰ্ল্ড কাপৰ পৰা বাহিৰ হোৱা।

 
আৰু চাওক পৰৱৰ্তী বাতৰি