World Cup 2019: ভাৰতৰ সন্মুখত আজি শ্ৰীলংকা

শণিবাৰে ভাৰতে শ্ৰীলংকাৰ বিৰুদ্ধে খেলিব ৰাউণ্ড ৰবীন পৰ্যায়ৰ অন্তিম খন মেচ

News18-Assam
Updated:July 6, 2019, 7:38 AM IST
World Cup 2019: ভাৰতৰ সন্মুখত আজি শ্ৰীলংকা
শণিবাৰে ভাৰতে শ্ৰীলংকাৰ বিৰুদ্ধে খেলিব ৰাউণ্ড ৰবীন পৰ্যায়ৰ অন্তিম খন মেচ
News18-Assam
Updated: July 6, 2019, 7:38 AM IST
আজি বিশ্বকাপত মুখামুখি হ’ব এছিয়া মহাদেশৰ দুই ক্ৰিকেটৰ মহাশক্তি ভাৰত আৰু শ্ৰীলংকা। ইতিমধ্যে বাংলাদেশক পৰাস্ত কৰি ভাৰতীয় দলে বিশ্বকাপৰ ছেমি ফাইনেললৈ যোগ্যতা অৰ্জন কৰিছে। মেচখন ভাৰতীয় দলৰ বাবে নহয় বিশেষ গুৰুত্বপূৰ্ণ। সেয়েহে মেচখনত ভাৰতে দলৰ বহুকেইগৰাকী খেলুৱৈক বিশ্ৰাম দিব পাৰে। কিন্তু শ্ৰীলংকাৰ বিৰুদ্ধে জয়লাভ কৰিলে ভাৰতে পইণ্ট তালিকাৰ শীৰ্ষত উপনীত হ’ব পাৰে, যদিহে অষ্ট্ৰেলিয়াই দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলিবলগীয়া মেচত পৰাজয়বৰণ কৰে।

শণিবাৰে মেচত মূল একাদশত স্থান লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে দলৰ অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজাৰ। জাদেজাই কেদাৰ যাদৱৰ স্থানত দলৰ মূল একাদশত লাভ কৰিব পাৰে স্থান। সেইদৰে দীনেশ কাৰ্তিক আৰু মায়ংক আগৰৱালেও পাব পাৰে সুযোগ। বিশ্ৰাম দিব পাৰে হাৰ্ডিক পাণ্ডিয়াকো।



আজি মেচখনৰ জৰিয়তে ভাৰতে ছেমি ফাইনেলৰ বাবে দলৰ প্ৰস্তুতি কি পৰ্যায়ত আছে, সেই বিষয়ে এক পৰীক্ষা কৰাৰ সুযোগ লাভ কৰিব। সেইদৰে মেচখনত শ্ৰীলংকাকো সহজ ভাৱে ল’ব নোৱাৰি। ইতিমধ্যে বিশ্বকাপৰ পৰা বিদায় লোৱা শ্ৰীলংকাই এতিয়ালৈকে মুঠ ৮ খন খেলত ভাগলৈ মাত্ৰ তিনিখন মেচতহে জয়লাভ কৰিবলৈ সক্ষম হৈছে।

বিশ্বকাপৰ ইতিহাসত ভাৰত আৰু শ্ৰীলংকাই এতিয়ালৈকে ৮ বাৰ মুখামুখি হৈছে। য’ত ভাৰতে তিনিখনত জয়লাভ কৰাৰ বিপৰীতে শ্ৰীলংকাই জয়লাভ কৰিছে চাৰিখনত।
আৰু চাওক পৰৱৰ্তী বাতৰি