World Cancer Day: এই চাৰিটা কথাৰ পৰা আঁতৰত থাকক, হ’ব পাৰে কেন্সাৰ

News18 Assam | News18-Assam
Updated:February 4, 2020, 2:05 PM IST
World Cancer Day: এই চাৰিটা কথাৰ পৰা আঁতৰত থাকক, হ’ব পাৰে কেন্সাৰ
বিশ্ব কেন্সাৰ দিৱসত সংকল্প লওঁ আহক।

বিশ্ব কেন্সাৰ দিৱসত সংকল্প লওঁ আহক।

  • Share this:
সমগ্ৰ বিশ্বত প্ৰতি অষ্টমজন ব্যক্তিৰ মৃত্যু কেন্সাৰত আক্ৰান্ত হোৱাৰ কাৰণে হয়। ধনী–দুখীয়া, শিশু–বৃদ্ধ, পুৰুষ–মহিলা মৃত্যুদূত কেন্সাৰে কাকো নিস্তাৰ নিদিয়ে। যদি আৰম্ভনিতে ইয়াক নিয়ন্ত্ৰণ কৰা নহয় তেনেহ’লে কেন্সাৰ হৈ পৰে মাৰাত্মক। আমেৰিকা যুক্তৰাষ্ট্ৰত ২০শতাংশ লোক মেদবহুলতা, শাৰিৰীক সক্ৰিয়হীনতা, বেয়া খাদ্যাভাস আৰু সুৰাপাণৰ কাৰণে কেন্সাৰত আক্ৰান্ত হয়। অৰ্থাৎ মানুহৰ খাদ্যাভাসৰ সৈতে কেন্সাৰৰ পোণপটীয়া সম্পৰ্ক আছে। ‘মেডিকেল নিউজ টুডে’ৰ এক প্ৰতিবেদন অনুসৰি খাদ্যাভাসে কেন্সাৰ হোৱাৰ আশংকা হ্ৰাস কৰিব বা বৃদ্ধি কৰিব পাৰে। মানুহৰ খাদ্য তালিকাত নানান ধৰণৰ খাদ্য অন্তৰ্ভুক্ত হোৱাৰ কাৰণে কোনবিধ খাদ্যই কেন্সাৰ কৰিব পাৰে আৰু কোনবিধে নোৱাৰে সেয়া ধৰিবলৈ টান।

২০১৮চনত ১০০০০০ লোকক লৈ কৰা এক অধ্যয়নত ধৰা পৰিছিল যে আল্ট্ৰা প্ৰচেচড ফুড বা কৃত্ৰিমভাৱে সংৰক্ষিত খাদ্য খোৱাৰ কাৰণে বহুতৰে কেন্সাৰ হৈছিল। ১০শতাংশ লোকে কেৱল প্ৰচেচড ফুড খোৱাৰ কাৰণেই কেন্সাৰত আক্ৰান্ত হৈছিল।

মাৰাত্মক হয় প্ৰচেচড ফুড

প্ৰচেচড ফুডৰ ভিতৰত পেকেটৰ মিঠাই, ছুগাৰ ড্ৰিংকছ, ছ’ডা, পেকেটত পোৱা মাংস আদিত প্ৰচুৰ পৰিমাণে চৰ্বি, মিঠা, তেল থকাৰ কাৰণে কেন্সাৰ হোৱাৰ আশংকা বৃদ্ধি পায়। ৰসায়নৰ জৰিয়তে দীঘলীয়া সময় ভাল হৈ থাকিবলৈ সংৰক্ষণ কৰা পেকেটৰ মাংস যেনে হেম, বেকন, হট ডগ আদি কেন্সাৰ কৰাৰ কাৰণ।

আমেৰিকান ইন্সষ্টিটিউট অৱ কেন্সাৰ ৰিচাৰ্ছৰ মতে একেৰাহে প্ৰচেচড মীট খাই থাকিলে কেন্সাৰ হোৱাৰ আশংকা বহুত বৃদ্ধি পায়। আনহাতে নন প্ৰচেচড ৰেড মীট খালে সেই আশংকা নাথাকে। অধিক পৰিমাণৰ প্ৰচেচড মাংস খালে পেট বা কলৰেক্টল কেন্সাৰ হ’ব পাৰে।

সুৰাপাণৰ পৰা দূৰৈত থাকক

অত্যাধিক সুৰাপাণে মুখ, ডিঙি, লিভাৰ, ব্ৰেষ্ট, কলৰেক্টল কেন্সাৰ কৰিব পাৰে। এই কথা ‍বিভিন্ন অধ্যয়নত প্ৰমাণ হৈছে যে অত্যাধিক সুৰাপাণ বা নিচাজাতীয় সামগ্ৰী সেৱন কৰিলে কেন্সাৰ হোৱাৰ আশংকা বৃদ্ধি পায়।

চিগাৰেট আৰু ধঁপাত সেৱনৰ পৰা বিপদ

ধঁপাত সেৱনক লৈ বাৰে বাৰে সকীয়নি দি আহিছে বিশেষজ্ঞ তথা চিকিৎসকসকলে। আমেৰিকান ইন্সষ্টিটিউট অৱ কেন্সাৰ ৰিচাৰ্ছ মতে ধঁপাত বা চিগাৰেট সেৱন কৰিলেও কেন্সাৰৰ আশংকা বহুত বৃদ্ধি পায়। দৰাচলতে সুৰা বা আন যিকোনো নিচাজাতীয় সামগ্ৰীয়ে মানুহৰ ডিএনএ ক্ষতিগ্ৰস্ত কৰি শাৰীৰিক ক্ষমতা ক্ষতিগ্ৰস্ত কৰে। 

মেদবহুলতা হ’ব পাৰে কেন্সাৰৰ কাৰণ

নেচনেল ইন্সষ্টিটিউট অৱ ডায়বেটিজ এণ্ড ডায়জেষ্টিভ এণ্ড কিডনী ডিজিজৰ মতে আমেৰিকাত মেদবহুলতাৰ কাৰণে দুই–তৃতীয়াংশ লোকৰ মাজত কেন্সাৰৰ আশংকা বৃদ্ধি পাইছে। অত্যাধিক মেদবহুলতাৰ কাৰণে টাইপ–২ ডায়বেটিজ, হৃদৰোগ আৰু বিভিন্ন ধৰণৰ কেন্সাৰ বিয়পে। মেদবহুলতাৰ কাৰণে কলৰেক্টল, ব্ৰেষ্ট কেন্সাৰ, এণ্ডমেটৰিয়েল কেন্সাৰ, ব্লেডাৰ কেন্সাৰ, কিডনী কেন্সাৰ, পেনক্ৰিয়াজ কেন্সাৰ, চাৰ্ভিক্স কেন্সাৰ আৰু অভাৰী কেন্সাৰ আদি হোৱা দেখিবলৈ পোৱা যায়।

 
আৰু চাওক
পৰৱৰ্তী বাতৰি