உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • world
    • »
    • ১০০ বছৰ পূৰ্বে ডুবা জাহাজ উদ্ধাৰ হ'ল সম্পূৰ্ণ সুৰক্ষিত অৱস্থাত, সমুদ্ৰৰ গভীৰতো নহ'ল নষ্ট

    ১০০ বছৰ পূৰ্বে ডুবা জাহাজ উদ্ধাৰ হ'ল সম্পূৰ্ণ সুৰক্ষিত অৱস্থাত, সমুদ্ৰৰ গভীৰতো নহ'ল নষ্ট

    সমুদ্ৰত বহু বছৰ পূৰ্বে ডুবি যোৱা এখন জাহাজ উদ্ধাৰ কৰা হৈছে যিখন প্ৰায় সম্পূৰ্ণ সুৰক্ষিত হৈ আছে।

    সমুদ্ৰত বহু বছৰ পূৰ্বে ডুবি যোৱা এখন জাহাজ উদ্ধাৰ কৰা হৈছে যিখন প্ৰায় সম্পূৰ্ণ সুৰক্ষিত হৈ আছে।

    সমুদ্ৰত বহু বছৰ পূৰ্বে ডুবি যোৱা এখন জাহাজ উদ্ধাৰ কৰা হৈছে যিখন প্ৰায় সম্পূৰ্ণ সুৰক্ষিত হৈ আছে।

    • Share this:
    কাঠেৰে নিৰ্মাণ কৰা জাহাজ (Ship) পানীত সহজতে উপঙি থাকিব পাৰে। কিন্তু এটুকুৰা কাঠ যদি বহুদিন পানীত পৰি থাকে তেন্তে পছি যায়। আমি সকলোৱেই এই কথাটো জানোঁ। পিছে এনে এটা আচৰিত ঘটনা পোহৰলৈ আহিছে যিটোৱে বিজ্ঞানীসকলকো স্তম্ভিত কৰিছে। সমুদ্ৰত বহু বছৰ পূৰ্বে ডুবি যোৱা এখন জাহাজ উদ্ধাৰ কৰা হৈছে যিখন প্ৰায় সম্পূৰ্ণ সুৰক্ষিত হৈ আছে।

    এণ্টাৰ্কটিকা (Anterctica)ত ১০০ বছৰ পূৰ্বে ডুবি যেৱা ছেকলটন জাহাজখন সম্পূৰ্ণ সুৰক্ষিত অৱস্থআত উদ্ধাৰ কৰা হৈছে। অলপতে প্ৰকাশ হোৱা জাহাজখনৰ ধ্বংসাৱশেষৰ ফটোৰ পৰা এই কথা স্পষ্ট যে কাঠৰ জাহাজখনৰ বিশেষ কোনো ক্ষয়-ক্ষতি হোৱা নাই। দহ দশকৰ পূৰ্বে ৩০০৮ মিটাৰ তললৈ ডুবি যোৱা জাহাজখন এনেদৰে সুৰক্ষিত অৱস্থাত পাই আচৰিত হৈ পৰিছে বিজ্ঞানীসকলো। সমুদ্ৰ ইতিহাস বিশেষজ্ঞ তথা পোৰ্টছমাউথ বিশ্ববিদ্যালয়ৰ অধ্যাপক এন কোটছে কয় যে জাহাজখন সম্পূৰ্ণ সুৰক্ষিত হৈ থকাৰ কাৰণ হ'ল এণ্টাৰ্কটিকাৰ গভীৰত কাঠখোৱা পোক-পতংগ বা জীৱাণু পোৱা নাযায়।

    জাহাজখন এনেদৰে সুৰক্ষিত অৱস্থাত পোৱাৰ পিছত জাহাজখনৰ পৰা বহুত নতুন কথা শিকিব পৰা যাব বুলি অনুমান কৰা হৈছে। জাহাজখনৰ নিৰ্মাণ আৰু ইয়াৰ চালক দলৰ বিষয়ে উদ্ধাৰ হোৱা তথ্যই ১০০ বছৰ পূৰ্বৰ জাহাজ নিৰ্মাণৰ বিষয়ে বহু গুৰুত্বপূৰ্ণ তথ্য প্ৰদান কৰিব।

    ছেকলটন জাহাজখনে তিনিবাৰ এণ্টাৰ্কটিকা পাৰ কৰিবলৈ চেষ্টা কৰিবলৈ। প্ৰথম দুবাৰত চেষ্টা বিফল হোৱাৰ পিছত তৃতীয়বাৰৰ চেষ্টাত ডুবিছিল জাহাজখন। ফকলেণ্ড মেৰিটাইম হেৰিটেজ ট্ৰাষ্টৰ মতে ছাৰ আৰ্ণেষ্টৰ মৃত্যুৰ ১০০ বছৰ পূৰ্তিৰ সময়তে এণ্টাৰ্কটিকাৰ গভীৰত জাহাজখনৰ ধ্বংসাৱশেষ উদ্ধাৰ হৈছে। এই অভিযানৰ নিৰ্দেশকৰ মতে তেওঁলোকে ইয়াৰ পূৰ্বে ইমান সুন্দৰ কাঠৰ জাহাজ দেখা নাই।
    Published by:Manjumoni Borah
    First published: