২০ বছৰ আগতে স্বামীয়ে দেখা এটা সপোনে কোটিপতি কৰিলে এগৰাকী মহিলাক! জিকিলে ৩৪০ কোটি টকাৰ জেকপট

৫৭ বছৰীয়া মহিলাগৰাকীৰ স্বামীয়ে ২০ বছৰ পূৰ্বে কিছু লটাৰীৰ নম্বৰৰ সপোন দেখিছিল আৰু সেই নম্বৰ সমূহৰ মতেই তেওঁ ২০বছৰ ধৰি লটাৰীৰ টিকট ক্ৰয় কৰি আছিল। শেহতীয়াকৈ মহিলাগৰাকীয়ে ৩৪০কোটি টকাৰ জেকপট জয় কৰে।
৫৭ বছৰীয়া মহিলাগৰাকীৰ স্বামীয়ে ২০ বছৰ পূৰ্বে কিছু লটাৰীৰ নম্বৰৰ সপোন দেখিছিল আৰু সেই নম্বৰ সমূহৰ মতেই তেওঁ ২০বছৰ ধৰি লটাৰীৰ টিকট ক্ৰয় কৰি আছিল। শেহতীয়াকৈ মহিলাগৰাকীয়ে ৩৪০কোটি টকাৰ জেকপট জয় কৰে।
- News18 Assam
- Last Updated: January 26, 2021, 2:02 PM IST
৫৭বছৰীয়া মহিলাগৰাকীৰ মতে ২০ বছৰ পূৰ্বে তেওঁৰ স্বামীয়ে লটাৰী নম্বৰ সপোন পাইছিল। সেই নম্বৰটোৰে তেওঁ ২০ বছৰ ধৰি লটাৰী ক্ৰয় কৰি আছিল আৰু এতিয়া জেকপট জিকিছে। ডেংগ প্ৰাবটুডমে ১৯৮০ চনত নিজৰ ১৪ ভাই ভগ্নীৰ সৈতে কানাডাৰ পৰা লাঅ’ছত আহি বসতি কৰিছিল। তেওঁৰ স্বামীয়ে ৪০বছৰে দৈনিক কেইবাঘণ্টা হাজিৰা কৰি পৰিয়ালক পোহ–পাল দিয়াৰ কথা তেওঁ সোঁৱৰে।
৩৪০ কোটি টকাৰ লটাৰী জয় কৰি ডেংগৰ পৰিয়াল এতিয়া সপ্তম স্বৰ্গত। তেওঁ আৰু স্বামীয়ে এটা নতুন ঘৰ ক্ৰয় কৰাৰ প্লেন কৰি আছে। কিছু টকাৰে পূৰ্বৰ ঋণ শোধ কৰিব আৰু সন্তানক চাব। টকাৰে কোৰোণাৰ পিছত পৃথিৱী ঘুৰাৰ পৰিকল্পনাও আছে ডেংগৰ।