উৰন্ত বিমানৰ ভিতৰতে আবাঞ্ছিত ঘটনা! এগৰাকী মহিলা যাত্ৰীয়ে বিমানৰ ভিতৰতে খুলিলে দেহৰ সমস্ত কাপোৰ। শেষত অন্তৰ্বাস খুলিবলৈ লওতেই বিমানৰ কৰ্মচাৰীয়ে মহিলাগৰাকীক তেওঁৰ আসনতে বান্ধি ৰাখিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হয়।
বিমানখন উৰা মৰাৰ লগে লগে ৩৯ বছৰীয়া মহিলাগৰাকীয়ে কেবিনৰ চাৰিওফালে লক্ষ্যহীনভাবে ঘূৰি ফুৰিবলৈ আৰম্ভ কৰিছিল। সন্দেহ কৰা হৈছিল যে, মহিলাগৰাকীয়ে ড্ৰাগছ সেৱন কৰি বিমানৰ ভিতৰত বিশৃংখল পৰিবেশৰ সৃষ্টি কৰিছিল।
ডেইলী মেইলৰ প্ৰতিবেদন অনুসৰি, ৰাছিয়াৰ ভ্লাদিভষ্টকৰ পৰা বিমানখন উৰা মৰাৰ ১৫ মিনিটৰ ভিতৰতে মহিলাগৰাকীয়ে নিজৰ আসনৰ পৰা উঠি কেবিনৰ চাৰিওফালে ঘূৰিবলৈ আৰম্ভ কৰিছিল। তাৰ পিছত চলন্ত বিমানৰ মাজতেই মহিলাগৰাকীয়ে নিজৰ কাপোৰ খুলিবলৈ আৰম্ভ কৰে। মহিলাগৰাকীৰ এনে কৰ্ম-কাণ্ড দেখি হতবাক হৈ পৰে বাকী যাত্ৰীসকল।
বহুবাৰ অনুৰোধৰ পিছতো মহিলাগৰাকীৰ এনে বিশৃংখল কাম-কাজ দেখি বিমান কৰ্মচাৰী আৰু আন একাংশ যাত্ৰীয়ে একগোট হৈ মহিলাগৰাকীৰ নিজৰ সুৰক্ষাৰ লগতে আন যাত্ৰীসকলৰ প্ৰতি লক্ষ্য ৰাখি তেওঁক আসনত বান্ধি থোৱাৰ সিদ্ধান্ত ল'লে।
বিমানখন চাইবেৰিয়াৰ নভোচিবিৰ্স্কৰ টলমাছেভোত অৱতৰণ কৰাৰ পিছতে মহিলাগৰাকীক লৈ যোৱা হৈছিল আৰু গ্ৰেপ্তাৰ কৰা হৈছিল। ডেইলী মেইলৰ মতে, মহিলাগৰাকীক আৰক্ষী থানালৈ লৈ যোৱাৰ পিছতে তেওঁ বিমানত উঠাৰ পূৰ্বে ড্ৰাগছ সেৱন কৰাৰ কথা স্বীকাৰ কৰে।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : March 10, 2021, 17:49 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|