অজানিতে বিশ্বৰ আটাইতকৈ বিষাক্ত প্ৰাণী হাতত লৈ মহিলাৰ ফটোশ্বুট, যিটো প্ৰাণীয়ে কিছু মিনিটতে হত্যা কৰিব পাৰে ২৬জনকৈ লোকক!

News18 Assam | News18-Assam
Updated:March 25, 2021, 5:08 PM IST
অজানিতে বিশ্বৰ আটাইতকৈ বিষাক্ত প্ৰাণী হাতত লৈ মহিলাৰ ফটোশ্বুট, যিটো প্ৰাণীয়ে কিছু মিনিটতে হত্যা কৰিব পাৰে ২৬জনকৈ লোকক!
ভয়ংকৰ দিশটো হ'ল যে বহু সময়লৈকে মানুহে অনুভৱ নকৰে যে তেওঁলোকক গাত ই বিষ ঢালিছে।

ভয়ংকৰ দিশটো হ'ল যে বহু সময়লৈকে মানুহে অনুভৱ নকৰে যে তেওঁলোকক গাত ই বিষ ঢালিছে।

  • Share this:
শেহতীয়া এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে, য’ত এগৰাকী মহিলাই অজানিতে তেওঁৰ হাতত তুলি লৈছিল অতি বিষাক্ত এবিধ প্ৰাণী৷ সচৰাচৰ দেখিবলৈ পোৱা নোযোৱা এই সাগৰীয় প্ৰাণীবিধক ব্লু-ৰিঙড অক্টোপাছ হিচাপে চিনাক্ত কৰা হৈছে।

এই ঘটনা ইণ্ডোনেছিয়াৰ বালিত। এগৰাকী মহিলাই নজনাকৈয়ে হাতত তুলি লৈছিল অতি বিষাক্ত এবিধ প্ৰাণী। যিটো সচৰাচৰ দেখিবলৈয়ে পোৱা নাযায়৷ এই সাগৰৰ প্ৰাণীবিধক ব্লু-ৰিঙড অক্টোপাছ হিচাপে চিনাক্ত কৰা হৈছে।

The Mirrorৰ এক প্ৰতিবেদন অনুসৰি, ঘটনাটো @Kaylinmarie21 নামৰ এগৰাকী TikTok ব্যৱহাৰকাৰীয়ে শ্বেয়াৰ কৰিছিল। ক্লিপটোতে তেওঁ বৰ্ণনা কৰিছিল কেনেকৈ তেওঁ ক্ষুদ্ৰ জীৱবিধৰ সম্পৰ্কে অজ্ঞাত আছিল।

ভিডিঅ'টোত মুগা শৰীৰ আৰু ডাঠ বৃত্তৰ এটা অক্টোপাছ দেখিবলৈ পোৱা গৈছে, যি শান্তভাৱে মহিলাগৰাকীৰ হাতত আছিল। পৰ্যটনৰ এক অংশ হিচাপে জীৱবিধৰ সৈতে ফটো তুলিবলৈ এনে কৰিছিল মহিলাগৰাকীয়ে। কিন্তু পিছত যেতিয়া অত্যুৎসাহী পৰ্যটকগৰাকীয়ে এই জীৱবিধৰ বিষয়ে জানিবলৈ গুগলত চাৰ্চ কৰে, তেতিয়া তেওঁৰ চকু কপালচত উঠে। জানিব পাৰে যে ই অতি বিষাক্ত আৰু মিনিটৰ ভিতৰতে ২৬ জন প্ৰাপ্তবয়স্ক লোকক হত্যা কৰিব পৰাকৈ পৰ্যাপ্ত বিষ বহন কৰে।

লগতে তেওঁৰ এটি ভিডিঅ'ত তেওঁ উল্লেখ কৰে যে এই তথ্য জনাৰ পিছতে ভয়তে দেউতাকক ফোন কৰিছিল৷ সৌভাগ্যবশতঃ তেওঁ সুৰক্ষিত আছিল আৰু তেওঁৰ কোনোধৰণৰ ক্ষতি হোৱা নাছিল৷

Ocean Conservancy তথ্য অনুসৰি, এই জন্তুৰ বিষ সায়ানাইডতকৈ হাজাৰ গুণ অধিক শক্তিশালী। ভয়ংকৰ দিশটো হ'ল যে বহু সময়লৈকে মানুহে অনুভৱ নকৰে যে তেওঁলোকক গাত ই বিষ ঢালিছে। তদুপৰি আজিলৈকে কোনো ব্লু ৰিঙড অক্টোপাছ এণ্টিভেনম উপলব্ধ হোৱা নাই আৰু এই মাৰাত্মক প্ৰাণীটোৱে কামোৰা ব্যক্তি এজনক ৰক্ষা কৰাৰ একমাত্ৰ উপায় হৈছে লগে লগে কৃত্ৰিম শ্বাস প্ৰদান কৰা।

যদি এজন ব্যক্তিৰ শৰীৰত ব্লু ৰিঙড অক্টোপাছৰ বিষ প্ৰৱেশ কৰিছে তেন্তে তেওঁৰ শৰীৰত দেখা দিব পৰা লক্ষণবোৰ হৈছে বমি হোৱা, দৃষ্টি শক্তি হ্ৰাস বা অন্ধ হৈ পৰা ইত্যাদি। লগতে এই জীৱৰ দংশনে পেশী পক্ষাঘাতৰ সৃষ্টি কৰে, উশাহ লোৱাৰ বাবে প্ৰয়োজনীয় পেশীবোৰ পক্ষাঘাতগ্ৰস্ত কৰে। ফলস্বৰূপে শ্বাস-প্ৰশ্বাজনিত সমস্যাৰ ফলত ব্যক্তিজনৰ মৃত্যু হয়।
Published by: Sanjay Kumar Das
First published: March 25, 2021, 5:04 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি