বালাকোটৰ এয়াৰ ষ্ট্ৰাইকৰ বাবে ৩ মাহ পাকিস্তানত আবদ্ধ এগৰাকী মহিলা, স্বামীক পোৱাৰ পিছতে ধন্যবাদ জনালে মোদীক
News18-Assam Updated:June 9, 2019, 11:19 AM IST

দুই সন্তানৰ সৈতে পিতৃক চাবলৈ পাকিস্তানলৈ গৈছিল মহিলাগৰাকী।
দুই সন্তানৰ সৈতে পিতৃক চাবলৈ পাকিস্তানলৈ গৈছিল মহিলাগৰাকী।
- News18 Assam
- Last Updated: June 9, 2019, 11:19 AM IST
এ এন আইৰ সৈতে সাক্ষাৎকাৰত মহিলাগৰাকীয়ে কয় – ‘মোৰ ইচ্ছা আছিল যে মই পৰিয়ালৰ সৈতে হায়দৰাবাদত ঈদ পালন কৰিম। পৰিয়ালৰ সৈতে ঈদ পালন কৰিবলৈ পাই মই যথেষ্ট সুখী। মোৰ বিষয়টো উত্থাপন কৰাত আৰু ভিছা লাভত সহায় কৰাৰ বাবে প্ৰধানমন্ত্ৰী মোদী আৰু তদানীন্তন বিদেশ মন্ত্ৰী সুষমা স্বৰাজক ধন্যবাদ জনাইছো।’
উল্লেখযোগ্য যে পাকিস্তান মূলৰ এই মহিলাগৰাকীৰ নাম সুমেৰা। ২০১১ চনত হায়দৰাবাদ নিবাসী শ্বেখ এজাজ মহিয়ুদ্দিনৰ সৈতে বিবাহ হৈছিল মহিলাগৰাকীৰ। দুই সন্তানৰ সৈতে পিতৃক চাবলৈ পাকিস্তানলৈ গৈছিল মহিলাগৰাকী। ২৭ ফেব্ৰুৱাৰীত লাহোৰৰ পৰা ওভতাৰ কথা আছিল সুমেৰাৰ। কিন্তু ভাৰত–পাকিস্তানৰ মাজত সৃষ্টি হোৱা পৰিস্থিতিৰ বাবে বিমান বাতিল হৈছিল। ফলত ৫ দিনলৈ লাহোৰ বিমানবন্দৰত থাকিবলগা হৈছিল মহিলাগৰাকী।