যৌনাংগৰ কেঞ্চাৰ বুলি মিছা প্ৰচাৰ চলাই ধন আত্মসাৎ, জে’ললৈ গ’ল এইগৰাকী মহিলা

ইমান নিখুটভাৱে মহিলাগৰাকীয়ে এই কাম কৰিছিল যে কেতিয়াও বন্ধুবৰ্গৰ সন্দেহ হোৱা নাছিল।
ইমান নিখুটভাৱে মহিলাগৰাকীয়ে এই কাম কৰিছিল যে কেতিয়াও বন্ধুবৰ্গৰ সন্দেহ হোৱা নাছিল।
- News18 Assam
- Last Updated: December 23, 2020, 5:35 PM IST
২০১৫ চনৰ জুন মাহত ইংলেণ্ডৰ টনী ষ্টেনডন নামৰ মহিলাগৰাকীয়ে তেওঁৰ বন্ধুবৰ্গক জনায় যে তেওঁ কেঞ্চাৰত আক্ৰান্ত। টাৰ্মিনেল ভেজিনেল কেঞ্চাৰত আক্ৰান্ত তেওঁ। ইয়াৰ পিছৰে পৰা বিভিন্ন সময়ত বন্ধুবৰ্গৰ আগত চিকিৎসাৰ খবৰ জনায় থাকে। ইমান নিখুটভাৱে মহিলাগৰাকীয়ে এই কাম কৰিছিল যে কেতিয়াও বন্ধুবৰ্গৰ সন্দেহ হোৱা নাছিল।
ইয়াৰ পিছত টনীৰ পিতৃ কেঞ্চাৰত আক্ৰান্ত হয়। বন্ধুসকলক তেওঁ জনায় যে তেওঁৰ পিতৃৰ শেষ ইচ্ছা কন্যাৰ বিয়াখন চাই যোৱা। ইয়াৰ পিছত টনীৰ বিয়াৰ বাবে টকা তোলাৰ ব্যৱস্থা কৰে বন্ধুবৰ্গই। টনীৰ এই খবৰত চকুলো টুকিছিল বহুতে। কেঞ্চাৰৰ চিকিৎসাৰ ফলত টনীৰ চুলি গুচি যোৱা দেখি সহানুভূতি জাগিছিল সকলোৰে মনত।
আদালতত বিচাৰকে জনায় যে মহিলাগৰাকীয়ে সকলোৰে সৈতে মিথ্যাচাৰৰ আশ্ৰয় লৈছে। বিশেষকৈ বিভিন্ন সাক্ষাৎকাৰৰ যোগেদি সকলোকে বুৰ্বক বনাইছে। বন্ধুবৰ্গই দিয়া টকা বিয়া আৰু অৱসৰ বিনোদনত ব্যৱহাৰ কৰিছে। ইতিমধ্যে সেই টকাৰ বৃহৎ অংশ ওভতাই দিয়াৰ নিৰ্দেশ দিয়াৰ লগতে মহিলাগৰাকীক ৫ মাহৰ কাৰাদণ্ড বিহে আদালতে।