আচৰিত কাণ্ড! প্ৰাক্তন প্ৰেমিকে শাৰীৰিক নিৰ্যাতন চলোৱাক লৈ থানাত গোচৰ মহিলাৰ, CCTVৰ ফুটেজে চকু কপালত তুলিলে আৰক্ষীৰ

News18 Assam | News18-Assam
Updated:September 7, 2020, 3:38 PM IST
আচৰিত কাণ্ড! প্ৰাক্তন প্ৰেমিকে শাৰীৰিক নিৰ্যাতন চলোৱাক লৈ থানাত গোচৰ মহিলাৰ, CCTVৰ ফুটেজে চকু কপালত তুলিলে আৰক্ষীৰ
চিচিটিভি ফুটেজত দেখা যায় যে মহিলাগৰাকীয়ে নিজেই নিজৰ বাবে ছুৰী আৰু আঠা কিনিছিল।

চিচিটিভি ফুটেজত দেখা যায় যে মহিলাগৰাকীয়ে নিজেই নিজৰ বাবে ছুৰী আৰু আঠা কিনিছিল।

  • Share this:
এক আচৰিত ঘটনা বুলি ক’লে কম কোৱা নহ’ব। এনেধৰণৰ ঘটনা খুব কমেই ঘটে। প্ৰাক্তন প্ৰেমিক বা প্ৰেমিকাক শিক্ষা দিবলৈ কোনো মিছা অভিযোগ কৰে, কোনোৱে হত্যাকাণ্ড পৰ্যন্ত সংঘটিত কৰে। কিন্তু নিজৰ ক্ষতি কৰি ওলোটাই প্ৰেমিকক ফচোৱাৰ অদ্ভুত পৰিকল্পনা কোনোবাই কৰেনে? তেনে এক ঘটনাই সংঘটিত হৈছে স্পেইনৰ বেমবিমব্ৰে চহৰত। ঘটনা দেখি থমতম খালে আৰক্ষীয়েও। এনেকুৱাও কৰিব পাৰেনে কোনোবাই! চিচিটিভিৰ ফুটেজৰ মাধ্যমত সকলো সত্য পোহৰলৈ আহিলেও অবিশ্বাস্য লাগে এই ঘটনা।

বেমবিমব্ৰে চহৰৰ এঘৰাকী ৩৬ বছৰীয়া মহিলা। মহিলাগৰাকীৰ প্ৰাক্তন প্ৰেমিকৰ নাম ইভান ৰিকো। প্ৰাক্তন প্ৰেমিকাৰ ওপৰত বহু অভিযোগ মহিলাগৰাকীৰ। আৰক্ষী থানাত উপস্থিত হৈ মহিলাগৰাকীয়ে কয়, ইভানে তেওঁক ঘৰৰ সন্মুখৰ পৰা অপহৰণ কৰিছে আৰু অকথ্য শাৰীৰিক অত্যাচাৰ কৰি অৰ্ধনগ্ন অৱস্থাত জংঘলৰ কাষত পেলাই থৈ গৈছে। ইমানেই নহয়, যুৱতীগৰাকীৰ যৌনাংগ আঠা লগাই বন্ধ কৰি দিয়াৰো অভিযোগ কৰে। কিন্তু পিছত দেখা গ’ল এয়া সকলো মনেসজা কাহিনী।

চিচিটিভি ফুটেজত দেখা যায় যে মহিলাগৰাকীয়ে নিজেই নিজৰ বাবে ছুৰী আৰু আঠা কিনিছিল। এই কথা পোহৰলৈ অহাৰ পিছত বিষয়টো অধিক গুৰুত্ব সহকাৰে তদন্ত কৰে আৰক্ষীয়ে। সহায় লোৱা হয় চিচিটিভি ফুটেজৰ। তদন্তত পোহৰলৈ আহে যে যি স্থানৰ পৰা মহিলাগৰাকীয়ে এখন ক’লা ৰঙৰ গাড়ীত যোৱাৰ দাবী কৰিছিল, সেইফালে সেই সময়ত কোনো ক’লা ৰঙৰ গাড়ী যোৱাই নাছিল।

অভিযোগ মিছা প্ৰমাণিত হোৱাত মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। কেইবাদিনো ধৰি জেৰাৰ পিছত মহিলাগৰাকীয়ে স্বীকাৰ কৰে যে তেওঁ ইচ্ছা কৰিয়ে এই ঘটনা সংঘটিত কৰিছে। প্ৰাক্তন প্ৰেমিকাক শিক্ষা দিবলৈ ৰচিছিল এই নাটক। আদালতে এজন নিৰ্দোষী লোকক মিছা অভিযোগত ফচোৱাৰ বাবে মহিলাগৰাকীক ১০ বছৰৰ কাৰাদণ্ড বিহে। ইয়াৰ উপৰি প্ৰাক্তন প্ৰেমিকৰ মানহানি কৰাৰ বাবে ক্ষতিপূৰণৰ বাবদ ২৫ হাজাৰ ইউৰো দিয়াৰ নিৰ্দেশ দিয়ে।
Published by: Sanjay Kumar Das
First published: September 7, 2020, 3:38 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading