• Home
  • »
  • News
  • »
  • world
  • »
  • আশ্বৰ্যজনক! মৃত্যুৰ ৪৫ মিনিট পিছত পুনৰ জীৱিত হৈ উঠিল মহিলা, হাৰ্ট এটেকত হৈছিল মৃত্যু!

আশ্বৰ্যজনক! মৃত্যুৰ ৪৫ মিনিট পিছত পুনৰ জীৱিত হৈ উঠিল মহিলা, হাৰ্ট এটেকত হৈছিল মৃত্যু!

এই ঘটনা ছচিয়েল মিডিয়াত চৰ্চিত হৈ পৰিছে। মহিলাগৰাকী মৃত্যু হোৱাৰ ৪৫ মিনিট পিছত পুনৰ জীৱিত হৈ উঠা ঘটনা যেন কোনো চমৎকাৰতকৈ কম নহয়।

এই ঘটনা ছচিয়েল মিডিয়াত চৰ্চিত হৈ পৰিছে। মহিলাগৰাকী মৃত্যু হোৱাৰ ৪৫ মিনিট পিছত পুনৰ জীৱিত হৈ উঠা ঘটনা যেন কোনো চমৎকাৰতকৈ কম নহয়।

এই ঘটনা ছচিয়েল মিডিয়াত চৰ্চিত হৈ পৰিছে। মহিলাগৰাকী মৃত্যু হোৱাৰ ৪৫ মিনিট পিছত পুনৰ জীৱিত হৈ উঠা ঘটনা যেন কোনো চমৎকাৰতকৈ কম নহয়।

  • Share this:
ৰাখে হৰি মাৰে কোনে! আপোনালোকে হয়তো শুনিছে যে যাক ভগৱানে ৰক্ষা কৰে তেওঁক কোনেও মাৰিব নোৱাৰে, কিন্তু মৃত্যু হোৱাৰ পিছত পুনৰ জীৱিত হৈ উঠিব পাৰেনে কোনোবাই! আমেৰিকাৰ (United States) মেৰীলেণ্ড (Maryland)ৰ কেথী পেটেন (Kathy Patten)ৰ সৈতে এনেকুৱা এক চমৎকাৰেই ঘটিল। কেথীৰ মৃত্যু হোৱাৰ ৪৫ মিনিট পিছত পুনৰ জীৱিত হৈ উঠিল আৰু এতিয়া সম্পূৰ্ণ সুস্থ।

এই ঘটনা ছচিয়েল মিডিয়াত চৰ্চিত হৈ পৰিছে। মহিলাগৰাকী মৃত্যু হোৱাৰ ৪৫ মিনিট পিছত পুনৰ জীৱিত হৈ উঠা ঘটনা যেন কোনো চমৎকাৰতকৈ কম নহয়। অনলাইন ছাইট Mirrorৰ মতে, কেথী পেটেনৰ কন্যা গৰ্ভৱতী। লেবাৰ পেইন হোৱাৰ পিছত তেওঁ কন্যাক হাস্পতাললৈ লৈ গৈছিল আৰু হাস্পতালতে হাৰ্ট এটেকত আক্ৰান্ত হয়।

চিকিৎসকে কেথীক পৰীক্ষা কৰি দেখিছিল যে তেওঁৰ পাল্ছ (Pulse) বন্ধ গৈ গৈছিল আৰু মগজুলৈ অক্সিজেনো পোৱা নাছিল। চিকিৎসকে অন্তিম প্ৰয়াস হিচাপে চিপিআৰ (CPR) দিয়া আৰম্ভ কৰে।

প্ৰায় এঘণ্টা ধৰি চিকিৎসকে চিপিআৰ দি থাকিল। ফলত ৪৫ মিনিট পিছত কেথীয়ে উশাল ল’লে। তেওঁৰ পাল্ছ ৰেট ঘূৰি আহিল। চিকিৎসকে পুনৰ এবাৰ পৰীক্ষাৰ পিছত এই চমৎকাৰৰ কথা ঘোষণা কৰে যে কেথী জীৱিত হৈ উঠিছে। কেথীয়ে পুনৰ জীৱন পোৱাৰ পিছত তেওঁৰ কন্যাই এটা সন্তান জন্ম দিয়ে। কেথীয়ে কয় যে কেৱল নিজৰ নাতিক চাবলৈ তেওঁ নতুন জীৱন লাভ কৰিছে।
Published by:Sanjay Kumar Das
First published: