৯ মাহৰ গৰ্ভৱতী বুলি নাটক কৰিছিল প্ৰেমিকাই, কাৰণ জানিলে আচৰিত হ'ব আপুনিও

জেকলিনে ইমানেই মিথ্যাচাৰৰ আশ্ৰয় লৈছিল যে তাইৰ ভূমিষ্ঠ হ’বলগীয়া নৱজাতকৰ নাম নৌহা ৰাখিছিল।
জেকলিনে ইমানেই মিথ্যাচাৰৰ আশ্ৰয় লৈছিল যে তাইৰ ভূমিষ্ঠ হ’বলগীয়া নৱজাতকৰ নাম নৌহা ৰাখিছিল।
- News18 Assam
- Last Updated: February 9, 2021, 1:41 PM IST
জেকলিন মেকগবেন নামৰ এগৰাকী মহিলাই নিজৰ প্ৰাক্তন প্ৰেমিক জেমি ইতকেনৰ মাতৃক গৰ্ভৱতী বুলি মিছা ফটোও পঠিয়াইছিল। জেকলিনে জেমিৰ পৰিয়ালক ৯ মাহলৈকে তাইৰ গৰ্ভত জেমিৰ সন্তান আছে বুলি কৈ আছিল।
ডেইলী ৰেকৰ্ডছৰ মতে, ৩৬ বছৰীয়া জেকলিনে নিজৰ সন্তানৰ বিষয়ে কথা পাতিবলৈ জেমিৰ আত্মীয়ৰ ওচৰলৈ প্ৰায়েই গৈছিল। এবাৰ ৯ মহীয়া সন্তান গৰ্ভত আছে বুলি জেমিৰ ভাতৃৰ কাৰ্যালয়তো উপস্থিত হৈ সহায় বিচাৰিছিল। ইয়াৰ বাবে এটা মিছা বেবী বাম্প কিনিছিল আৰু কাপোৰৰ তলত লগাই লৈছিল।
জেকলিনে কৈছিল যে তাইৰ আহিবলগীয়া সন্তানৰ প্ৰসৱ ২০ মাৰ্চ ২০২০ত হ'ব। লগতে কৈছিল যে ডেলিভাৰীৰ পিছত জেমিৰ মাকে নিজৰ নাতিয়েকক ভৰণ–পোষণ দিব লাগিব।
এদিন হঠাত জেকলিনে জেমিৰ নৱজাতকৰ ঝুলনাত খেলি থকা ফটো শ্বেয়াৰ কৰিছিল আৰু ২,৯৯,৮৮৮ টকা বিচাৰিছিল। ইয়াৰ পিছতেই জেকলিনে কৈছিল যে তেওঁৰ শিশুটো গৰ্ভতেই নষ্ট হৈছে। লগতে জেমিক মেচেজ দি কৈছিল যে গৰ্ভত থকা নৱজাতকটোক লৈ জেমিয়ে কোনোধৰণৰ সহযোগ নকৰিলে।
এনেধৰণৰ আচৰণৰত জেমি অসন্তুষ্ট হৈছিল আৰু জেকলিনৰ বিৰুধে স্থানীয় আদালতত গোচৰ ৰুজু কৰিছিল। আদালতত জেকলিনে স্বীকাৰ কৰিছিল যে ১ জুন ২০১৯ ৰ পৰা ২৯ ফেব্ৰুৱাৰী ২০২০ লৈ জেমিৰ ঘৰত অশান্তি দিছিল। জেকলিনে নিজৰ প্ৰাক্তন প্ৰেমিক ষ্টকৰ তত্বাৱধানত এইসকলো খিনি কাম কৰিছিল। লগতে গৰ্ভধাৰণৰ অচিলাৰে ধন সংগ্ৰহ কৰিব বিচাৰিছিল জেকলিনে।
আদালতে কয় যে এইটো অসাধাৰণ অভিযোগ আৰু বাকী তথ্যবোৰ পৰীক্ষা কৰিব লাগিব। জেকলিন বিগত শুনানিত দোষী সাব্যস্ত হোৱা নাই যদি আগন্তক দিনত দোষী সাব্যস্ত হোৱাৰ আদেশ দিব পাৰে।