হৃদয়স্পৰ্শী! Covid-19 ৰ ক’মাত থাকোতে জন্ম দিছিল কন্যাক, তিনি মাহৰ পিছত চেতনা ঘুৰাই পোৱা মাকে যেতিয়া কোলাত ল’লে সন্তান...চাওক VIDEO

৩২ বছৰীয়া কেলছী টাৱানচেণ্ডে চতুৰ্থটো সন্তান ক’মাত থাকোতে জন্ম দিয়ে।
৩২ বছৰীয়া কেলছী টাৱানচেণ্ডে চতুৰ্থটো সন্তান ক’মাত থাকোতে জন্ম দিয়ে।
- News18 Assam
- Last Updated: February 4, 2021, 9:09 PM IST
চেতনা ঘুৰাই পোৱাৰ পিছত উজ্বল দুচকুৰে কণমানি লুছিক কোলাত তুলি লৈ সজল হৈ পৰিছে মাতৃ কেলছিৰ দুচকু।
“শুনিছা মই তোমাক ভালপাও, বহুত ভালপাও। মই তোমাক মিছ কৰিছিলো।’ কণমানি লুছিৰ কাণত বিৰবিৰাই ক’লে কেলছিয়ে।
“আমাৰ প্ৰথম দেখাদেখি হোৱাৰ লগে লগে বান্ধোন অনুভৱ কৰো। মোলৈ চাই তাই ডাঙৰকৈ হাঁহি এটা মাৰে, তাই যেন মই কোন চিনি পাইছিল আৰু এই কথাটোৱে মোক অতি সুখী কৰি তোলে।” কেলছিয়ে কয়।
চিকিৎসকৰ মতে কেলছিয়ে গুৰুতৰ অৱস্থাৰ পৰা ঘূৰি অহাটো এক বিৰল ঘটনা। আনহাতে কেলছিৰ স্বামী ডেৰেক টাউনছেণ্ডে কয়, “লুছিক মই কোলাত তুলি লওতে তাই ইফালে সিফালে মূৰ ঘুৰাই চাই থাকে, যেন কাৰোবাৰ অপেক্ষা অনবৰতে কৰি আছিল। কেলছিক মই কৈছিলো তাই যেন অনবৰতে মাকক বিচাৰি আছিলে।”
“পৰিয়াল মোৰ কাৰণে সকলো আৰু মই ইয়াতে জীৱন কটাব বিচাৰো। মোৰ আৰু বেলেগ একো আশা নাই।”