স্বামীৰ অত্যাচাৰ সহিব নোৱাৰি ওলাই গৈছিল ঘৰৰ পৰা, দুবছৰ পিছত সাগৰত জীৱন্তে উদ্ধাৰ ‘আত্মহত্যা কৰা’ মহিলা, চাওক ভিডিও

News18 Assam | News18-Assam
Updated:October 1, 2020, 12:42 PM IST
স্বামীৰ অত্যাচাৰ সহিব নোৱাৰি ওলাই গৈছিল ঘৰৰ পৰা, দুবছৰ পিছত সাগৰত জীৱন্তে উদ্ধাৰ ‘আত্মহত্যা কৰা’ মহিলা, চাওক ভিডিও
ভগৱানেহে বচালে, স্থানীয় মৎসজীৱিসকলে জনাইছে কলম্বিয়াৰ সেই এলেকাত এঞ্জেলিকাক কোনোমতে ভাঁহি আহি থকা দেখা পাইছিল। সেই সময়তে তেওঁক জীৱন্তে উদ্ধাৰ কৰা হয়।

ভগৱানেহে বচালে, স্থানীয় মৎসজীৱিসকলে জনাইছে কলম্বিয়াৰ সেই এলেকাত এঞ্জেলিকাক কোনোমতে ভাঁহি আহি থকা দেখা পাইছিল। সেই সময়তে তেওঁক জীৱন্তে উদ্ধাৰ কৰা হয়।

  • Share this:
ৰাখে হৰি মাৰে কোনে! এই কথাষাৰেই সত্য প্ৰমাণিত হ’ল কলম্বিয়াত। দুবছৰ পৰিয়ালৰ পৰা দূৰৈত থকাৰ পিছত ঘৰলৈ ঘুৰি আহিল মাতৃ। তাকো সমুদ্ৰৰ পানীত ওপঙি ওপঙি। সকলোৱে ভাবি লৈছিল তেওঁৰ মৃত্যু হৈছে। কিন্তু সমুদ্ৰৰ পানীৰেই তেওঁ উভতি আহিল জীৱন্তে। কলম্বিয়া চহৰৰ পৰা কিছু দূৰৈত সমুদ্ৰৰ বুকুত তেওঁৰ সন্ধান পোৱা গ’ল। বিগত ২৬ছেপ্তেম্বৰত তেওঁক অবাক কৰা এটা দিন হৈ ৰ’ল এই পৰিয়ালটোৰ কাৰণে জানিব পৰা মতে প্ৰায় আঠঘণ্টা সময় তেওঁ তেনেকৈয়ে সাগৰৰ বুকুত ভাঁহি ভাঁহি আহি আছিল। ঐশ্বৰিক দয়া নাথাকিলে কোনো মানুহেই এনেকৈ বাচি আহিব নোৱাৰে।

মহিলাৰ নাম এঞ্জেলিকা গৈতান। তেওঁৰ বয়স ৪৬বছৰ। আজিৰে পৰা দুবছৰ পূৰ্বে স্বামীৰ সৈতে কাজিয়া কৰি ঘৰৰ পৰা ওলাই গৈছিল তেওঁ। সকলোৱে ভাবিছিল তেওঁ আত্মহত্যা কৰিলে! শৰীৰ উদ্ধাৰ হোৱা নাছিল। এই দুটা বছৰে এঞ্জেলিকাই পৰিয়ালৰ সৈতে কোনো ধৰণৰ যোগাযোগ কৰা নাছিল। স্থানীয় সংবাদ সংস্থাৰ মতে সাগৰত তেওঁ তেতিয়া জাঁপ দিয়াটো সঁচা। কাৰণ মহিলাগৰাকীয়ে বিগত ২০বছৰ ধৰি গাৰ্হস্থ্য হিংসাৰ চিকাৰ। তেওঁ নিজৰ প্ৰাক্তন স্বামীৰ পৰা বাচিবলৈ সেইদিনা ঘৰৰ পৰা ওলাই গৈ আত্মহত্যা কৰিছিল। কিন্তু অলৌকিকভাৱে তেওঁ বাচি যায়।

ভগৱানেহে বচালে, স্থানীয় মৎসজীৱিসকলে জনাইছে কলম্বিয়াৰ সেই এলেকাত এঞ্জেলিকাক কোনোমতে ভাঁহি আহি থকা দেখা পাইছিল। সেই সময়তে তেওঁক জীৱন্তে উদ্ধাৰ কৰা হয়।

বৰ্তমান মহিলাগৰাকী সুস্থ।
First published: October 1, 2020, 12:42 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading