• Home
  • »
  • News
  • »
  • world
  • »
  • Women's Age: মহিলাৰ বয়স নুসুধিব! প্ৰেমেই হওক প্ৰফেছনেই হওক, মহিলাৰ বয়স সুধিলে বিপদত পৰিব পাৰে আপুনি!

Women's Age: মহিলাৰ বয়স নুসুধিব! প্ৰেমেই হওক প্ৰফেছনেই হওক, মহিলাৰ বয়স সুধিলে বিপদত পৰিব পাৰে আপুনি!

জেনিছ  ৱালছে প্ৰকাশ কৰে যে পিজ্জা কোম্পানীটোৰ কাউণ্টী টাইৰনৰ ষ্ট্ৰেবেনত অৱস্থিত  শাখাত ডেলিভাৰী ড্ৰাইভাৰৰ পদৰ বাবে সাক্ষাৎকাৰ লোৱাৰ সময়ত তেওঁক প্ৰথম প্ৰশ্ন হিচাপে তেওঁৰ বয়সৰ বিষয়ে সোধা হৈছিল।

জেনিছ ৱালছে প্ৰকাশ কৰে যে পিজ্জা কোম্পানীটোৰ কাউণ্টী টাইৰনৰ ষ্ট্ৰেবেনত অৱস্থিত  শাখাত ডেলিভাৰী ড্ৰাইভাৰৰ পদৰ বাবে সাক্ষাৎকাৰ লোৱাৰ সময়ত তেওঁক প্ৰথম প্ৰশ্ন হিচাপে তেওঁৰ বয়সৰ বিষয়ে সোধা হৈছিল।

জেনিছ ৱালছে প্ৰকাশ কৰে যে পিজ্জা কোম্পানীটোৰ কাউণ্টী টাইৰনৰ ষ্ট্ৰেবেনত অৱস্থিত  শাখাত ডেলিভাৰী ড্ৰাইভাৰৰ পদৰ বাবে সাক্ষাৎকাৰ লোৱাৰ সময়ত তেওঁক প্ৰথম প্ৰশ্ন হিচাপে তেওঁৰ বয়সৰ বিষয়ে সোধা হৈছিল।

  • Share this:
সাধাৰণতেই কোৱা হয় যে মহিলাৰ বয়স সুধিব নাপায়, আনকি প্ৰেমিক বা স্বামীয়েই হওক। যদিও চাকৰিত বয়সৰ তথ্য দিয়া জৰুৰী সাক্ষাৎকাৰৰ সময়ত বয়সৰ কথা সুধি বপদত পৰিছে এটা কোম্পানী। সাক্ষাৎকাৰৰ সময়ত বয়সৰ কথা সোধা আৰু লিংগৰ ভিত্তিত বৈষম্য (Gender Discrimination)ৰ সন্মুখীন হোৱাৰ অভিযোগ তুলি উত্তৰ আয়াৰলেণ্ডৰ এগৰাকী মহিলাই ডমিন’জ পিজ্জা (Dominos Pizza)ৰ বিৰুদ্ধে আইনী গোচৰ দাখিল কৰে। ফাষ্ট ফুড আউটলেটটোৰ পৰা ক্ষমাপ্ৰাৰ্থনাৰ অংশ হিচাপে এতিয়া জেনিছ ৱালছ (Janice Walsh) নামৰ মহিলাগৰাকীয়ে ৪ হাজাৰ পাউণ্ড, প্ৰায় ৩ লাখ ৮০,০০০ টকাৰ আৰ্থিক নিষ্পত্তি লাভ কৰিছে।

BBC Newsৰ সৈতে হোৱা মত বিনিময়ৰ সময়ত ৱালছে প্ৰকাশ কৰে যে পিজ্জা কোম্পানীটোৰ কাউণ্টী টাইৰনৰ ষ্ট্ৰেবেনত অৱস্থিত  শাখাত ডেলিভাৰী ড্ৰাইভাৰ (delivery driver)ৰ পদৰ বাবে সাক্ষাৎকাৰ লোৱাৰ সময়ত তেওঁক প্ৰথম প্ৰশ্ন হিচাপে তেওঁৰ বয়সৰ বিষয়ে সোধা হৈছিল।

মহিলাগৰাকীয়ে দাবী কৰা মতে, প্ৰশ্নটো সোধাৰ পিছত সাক্ষাৎকাৰ লোৱাজনে তেওঁৰ বয়স লিখি বৃত্তাকাৰ কৰি কয়, “আপুনি ইয়াৰ বাবে উপযুক্ত নহয়।” যেতিয়া নিজৰ প্ৰত্যাখ্যানৰ বিষয়ে জানিব পাৰিলে তেতিয়া ৱালছে নিশ্চিত হ’ল যে বয়স আৰু লিংগৰ বাবে তেওঁক নাকচ কৰা হৈছে। তেওঁ প’ৰ্টেলটোক জনাইছে, ‘মই লগে লগে সাক্ষাৎকাৰটো আৰু মোৰ বয়সৰ বিষয়ে কৰা প্ৰশ্নটোৰ কথা ভাবিলোঁ। মই বিশ্বাস কৰোঁ যে মোৰ বয়স এটা বিষয় আছিল আৰু ই সাক্ষাৎকাৰ পেনেলে লোৱা সিদ্ধান্তত প্ৰভাৱ পেলাইছিল।”

আনকি ৱালছে ফেচবুকৰ জৰিয়তে শাখাটোৰ সৈতে যোগাযোগ কৰি তেওঁ সন্মুখীন হোৱা বৈষম্যৰ বিষয়েও কয়। খবৰ অনুসৰি তাই সাক্ষাৎকাৰৰ পেনেলৰ পৰা ক্ষমাপ্ৰাৰ্থনা লাভ কৰিছিল আৰু সাক্ষাৎকাৰৰ সময়ত কাৰোবাৰ বয়স সোধাটো অনুচিত বুলি সাক্ষাৎকাৰ লোৱাজনে অৱগত নাছিল বুলি জনাইছিল।

ৱালছে আৰু কয় যে আনকি এগৰাকী মহিলা হোৱাৰ বাবে ড্ৰাইভাৰৰ পদৰ বাবেও তেওঁক অৱজ্ঞা কৰা হৈছিল। তেওঁ আৰু ক’লে, “মই সদায় কেৱল পুৰুষে ড্ৰাইভাৰ হিচাপে কাম কৰা দেখিছো আৰু মই ভাবোঁ যে মই এগৰাকী মহিলা হোৱাৰ বাবেই মোক ড্ৰাইভাৰৰ পদৰ বাবে অৱজ্ঞা কৰা হৈছিল। সাক্ষাৎকাৰ লোৱাৰ পিছতো ডমিনো’জে চালকৰ বাবে বিজ্ঞাপন দিয়েই আছিল।”

তেওঁ আইনী পথ গ্ৰহণ কৰি বৈষম্যৰ গোচৰ তৰিছিল যিটো উত্তৰ আয়াৰলেণ্ড (Northern Ireland)ৰ সমতা আয়োগে সমৰ্থন কৰিছিল। আয়োগৰ জ্যেষ্ঠ আইনী বিষয়া মেৰী কিটছনে এক বিবৃতিত কয়, “নিয়োগকৰ্তাক আইনগত ভাবে শুদ্ধকৈ ৰাখিবলৈ নিযুক্তি আৰু বাছনিৰ সৈতে জড়িত লোকসকলে আইনৰ দ্বাৰা মানুহক কেনেদৰে সুৰক্ষিত কৰা হয় সেই বিষয়ে পৰিচিত হ’ব লাগে। বিশেষ কাম কোনে কৰিব পাৰে সেই সম্পৰ্কে কু-সংস্কাৰপূৰ্ণ দৃষ্টিভংগীয়ে সিদ্ধান্তত প্ৰভাৱ পেলাবলৈ নিদিয়াটো অতি গুৰুত্বপূৰ্ণ।”

ডমিনোজ পিজ্জাইও এই সন্দৰ্ভত আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰি ব্যাখ্যা কৰিছে যে খাদ্য আউটলেটটোৱে ফ্ৰেঞ্চাইজি মডেল অনুসৰণ কৰে, যাৰ অধীনত শাখাৰ নিয়োগ আৰু নিযুক্তি শাখাটোৰ দায়িত্বত আহে। কোম্পানীটোৱে কয় যে তেওঁলোকে সেৱা আগবঢ়োৱা সম্প্ৰদায়সমূহত ইয়াৰ গুৰুত্বপূৰ্ণ ভূমিকাক তেওঁলোকে স্বীকাৰ কৰাৰ বাবে বিষয়টো চোৱাচিতা কৰা হৈছে।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি