আকৰ্ষণীয় পুৰুষৰ চকুলৈ চালেই মুৰ্ছা যায় মহিলাগৰাকী! পিছে কাৰণ কি জানেনে? আচৰিত হ'ব আপুনি!

News18 Assam | News18-Assam
Updated:March 26, 2021, 1:53 PM IST
আকৰ্ষণীয় পুৰুষৰ চকুলৈ চালেই মুৰ্ছা যায় মহিলাগৰাকী! পিছে কাৰণ কি জানেনে? আচৰিত হ'ব আপুনি!
চিকিৎসকে জনোৱা মতে, মহিলাগৰাকী কিৰ্ষ্টি ব্ৰাউন (Kirsty Brown) আৰু কেটাপ্লেক্সি (Cataplexy) নামৰ দুটা আচৰিত ৰোগত আক্ৰান্ত।

চিকিৎসকে জনোৱা মতে, মহিলাগৰাকী কিৰ্ষ্টি ব্ৰাউন (Kirsty Brown) আৰু কেটাপ্লেক্সি (Cataplexy) নামৰ দুটা আচৰিত ৰোগত আক্ৰান্ত।

  • Share this:
ইংলেণ্ডৰ এগৰাকী দুৰ্ভগীয়া মহিলা! মহিলাগৰাকীয়ে চাব নোৱাৰে পুৰুষৰ চকুলৈ। আকৰ্ষণীয় পুৰুষ দেখিলেই মুৰ্ছা যায় মহিলাগৰাকী। পিছে ইয়াৰ কাৰণ কি জানেনে?

আচলতে মহিলাগৰাকী এক বিৰল ৰোগত আক্ৰান্ত। চিকিৎসকে জনোৱা মতে, মহিলাগৰাকী কিৰ্ষ্টি ব্ৰাউন (Kirsty Brown) আৰু কেটাপ্লেক্সি (Cataplexy) নামৰ দুটা আচৰিত ৰোগত আক্ৰান্ত। মানৱ দেহত এই সমস্যাই দেখা দিলে খং, হাঁহি, ভয় আদি উদ্দীপনৰ ওপৰত হঠাৎ পেশী পক্ষাঘাত (Muscle Paralysis) সৃষ্টি কৰে।

দুটা সন্তান মাতৃ ৩২ বছৰীয়া মহিলাগৰাকী নৰ্থৱাইচৰ বাসিন্দা। মহিলাগৰাকীয়ে নিজৰ শাৰীৰিক অৱস্থাৰ ওপৰত কয় যে, "এয়া অতি লজ্জাজনক। মই এবাৰ বজাৰ কৰিবলৈ যাওতে এজন লোকক দেখাৰ লগে লগে মোৰ ভৰিবোৰ দুৰ্বল হৈ পৰিছিল আৰু মাটিত বাগৰি পৰিছিলো। সাধাৰণতে, এই সমস্যা নাৰ্কোলেপচি (Narcolepsy) সৈতে সম্পৰ্কিত। এই অস্বাভাৱিক টোপনিৰ বিকাৰৰ ফলত ব্যক্তি এজনে যিকোনো সময়তে টোপনি যায়, থিয় হৈ থাকিলে, কথা পাতি থাকিলে বা গাড়ী চলালেও কোন সময়ত পৰি যায় অনুমান কৰিব পৰা নাযায়।'

এতিয়া মহিলাগৰাকীয়ে ৰাজহুৱা স্থানত সুৰক্ষিত হৈ থাকিবলৈ মূৰ তল কৰি থাকে। মহিলাগৰাকীয়ে লগতে কয় যে, "যদি মই কাৰোবাক আকৰ্ষণীয় দেখো, মোৰ ভৰি দুৰ্বল হৈ পৰে। গতিকে চকু তললৈ ৰাখিবলৈ চেষ্টা কৰো।"
Published by: Himangshu Bhuyan
First published: March 26, 2021, 1:53 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি