মুখ্যপৃষ্ঠা »খবৰ »বিশ্ব »অন্য নাৰীৰ সৈতে প্ৰেম! খঙৰ ভমকত কাঁচিৰে প্ৰেমিকৰ যৌনাংগ কাটি কমোডত পেলাই ফ্লাছ কৰি দিলে প্ৰেমিকাই

অন্য নাৰীৰ সৈতে প্ৰেম! খঙৰ ভমকত কাঁচিৰে প্ৰেমিকৰ যৌনাংগ কাটি কমোডত পেলাই ফ্লাছ কৰি দিলে প্ৰেমিকাই

টোপনি মাৰি থকাৰ সময়তে কাঁচিৰে হুৱাঙৰ গুপ্তাংগ কাটিলে ৪০ বছৰীয়া প্ৰেমিকা ফুঙে।

টোপনি মাৰি থকাৰ সময়তে কাঁচিৰে হুৱাঙৰ গুপ্তাংগ কাটিলে ৪০ বছৰীয়া প্ৰেমিকা ফুঙে।

  • Share this:


আন মহিলাৰ সৈতে প্ৰেমত মগ্ন প্ৰেমিক, আছে অবৈধ শাৰীৰিক সম্পৰ্কও! এই সন্দেহতেই মাৰাত্মক কাণ্ড কৰি পেলালে প্ৰেমিকাই! প্ৰেমিকৰ যৌনাংগ কাটি বাথৰুমৰ কমোডত পেলাই ফ্লাছ কৰি দিলে প্ৰেমিকাই! অবাক কৰা এই ঘটনা সংঘটিত হৈছে টাইৱানৰ ছাংউৱা কাউণ্টিৰ জিহু টাউনশ্বিপত।

এক আন্তৰ্জাতিক সংবাদ মাধ্যমত প্ৰকাশিত প্ৰতিবেদন অনুসৰি, প্ৰেমিকৰ নাম হুৱাং, তেওঁ দুপৰীয়া ৱাইনত তিয়াই ৰখা চিকেন নুডল খাই টোপনি মাৰিছিল! টোপনি মাৰি থকাৰ সময়তে কাঁচিৰে হুৱাঙৰ গুপ্তাংগ কাটিলে ৪০ বছৰীয়া প্ৰেমিকা ফুঙে। হুৱাং তিনি সন্তানৰ পিতৃ। দহ মাহ আগতেই বিবাহ বিচ্ছেদ হোৱা ফুঙৰ সৈতে সম্পৰ্ক গঢ়িছিল। কিন্তু ইয়াৰ মাজতে হুৱাঙৰ জীৱনলৈ আহিল আন এগৰাকী ৰমণী, তাতেই ঘটিল বিপত্তি!

ইয়াৰ পিছত অৱশ্যে ফুঙে নিজেই থানালৈ গৈ সমগ্ৰ ঘটনা অৱগত কৰে। আৰক্ষীয়ে জনোৱা মতে, লোকজনক ৰক্তাক্ত অৱস্থাত হাস্পতালত ভৰ্তি কৰোৱা হৈছে। ৰক্তক্ষৰণ ৰোধ কৰিবলৈ কৰিবলগীয়া হয় অস্ত্ৰোপচাৰ। ঘৰৰ বাহিৰত উদ্ধাৰ হৈছে তেজলগা কাঁচি! হাস্পতালৰ সূত্ৰত জানিব পৰা গৈছে যে লোকজন বৰ্তমান কিছু পৰিমাণে সুস্থ হৈছে। কিন্তু আগলৈ তেওঁ কেতিয়াও যৌন সংগম কৰিবলৈ সক্ষম নহ’ব। আৰক্ষীয়ে অভিযুক্ত প্ৰেমিকাক গ্ৰেপ্তাৰ কৰিছে।

শেহতীয়া বাতৰি