মুখত মাস্ক, চুলিত বগা ৰং! নিজকে বয়স্ক সজাই মদ কিনিবলৈ গৈ ধৰা পৰিল নাবালিকা!

News18 Assam | News18-Assam
Updated:July 19, 2020, 8:47 AM IST
মুখত মাস্ক, চুলিত বগা ৰং! নিজকে বয়স্ক সজাই মদ কিনিবলৈ গৈ ধৰা পৰিল নাবালিকা!
সম্প্ৰতি ছচিয়েল মিডিয়াত ভাইৰেল হৈছে এটা ভিডিঅ’।

সম্প্ৰতি ছচিয়েল মিডিয়াত ভাইৰেল হৈছে এটা ভিডিঅ’।

  • Share this:
কোৰোণা ভাইৰাছৰ বাবে মাস্ক পিন্ধাটো বাধ্যতামূলক। সমগ্ৰ বিশ্বই মাস্ক পিন্ধাটো বাধ্যতামূলক কৰিছে। বাহিৰলৈ ওলালে মাস্ক পিন্ধাটো বাধ্যতামূলক। আমেৰিকাতো আৰম্ভ হৈছে এই নিয়ম। কিন্তু মাস্ক পিন্ধাৰ সুযোগ লৈ সুৰাৰ দোকানত ভিৰ কৰিছে কিশোৰীসকলে। সম্প্ৰতি এই তথ্য পোহৰলৈ আহিছে।

আমেৰিকাত নাবালক–নাবালিকাসকলক বিক্ৰী কৰা নহয় সুৰা। এলকহল কিনিবলৈ হ’লে ১৮ বছৰ বয়স হ’ব লাগিব। কিন্তু আমেৰিকাৰ বৰ্তমানৰ প্ৰজন্ম যেন অলপ বেছি স্মাৰ্ট। মুখত মাস্ক পিন্ধিছে। চুলিত ঘহিছে বগা ৰং। পোষাকো বসস্কৰ দৰেই। খোজো কাঢ়িছে বয়োজ্যেষ্ঠ লোকৰ দৰে। এনেদৰে নিজকে বয়স্ক সজাই সুৰাৰ বিপণীত কিনিছে সুৰা।

সম্প্ৰতি ছচিয়েল মিডিয়াত ভাইৰেল হৈছে এটা ভিডিঅ’। ভিডিঅ’টোত এগৰাকী নাবালিকাই বয়স্ক মহিলাৰ দৰে সাজি–কাছি সুৰা কিনিবলৈ গৈছে। সুৰা কিনি উভতিও আহিছে। কোনেও একো সোধা নাই।




এই সমগ্ৰ ঘটনাৰ ভিডিঅ’ পোহৰলৈ অহাৰ পিছতে ওলাই পৰে সকলো। নাবালিকাগৰাকীক ভিডিঅ’টো চাই আৰক্ষীয়ে জেৰাও কৰে। কিন্তু কিশোৰীগৰাকীয়ে কয় যে ভিডিঅ’টো ধেমালিৰ বাবেই বনাইছে। কিন্তু আৰক্ষীৰ হাতত এই খবৰ আগৰ পৰাই আছিল।
Published by: Sanjay Kumar Das
First published: July 19, 2020, 8:47 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading