মুখ্যপৃষ্ঠা »খবৰ »বিশ্ব »Wimbledon 2019: দীৰ্ঘতম ফাইনেলত ফেডেৰাৰক পৰাস্ত কৰিলে জক’ভিচে, পঞ্চমবাৰলৈ চেম্পিয়ন

Wimbledon 2019: দীৰ্ঘতম ফাইনেলত ফেডেৰাৰক পৰাস্ত কৰিলে জক’ভিচে, পঞ্চমবাৰলৈ চেম্পিয়ন

সকলোতকৈ দীঘলীয়া ফাইনেলত জয়ী হৈ ন’ভাক জক’ভিচে খিতাপ দখল কৰে।

সকলোতকৈ দীঘলীয়া ফাইনেলত জয়ী হৈ ন’ভাক জক’ভিচে খিতাপ দখল কৰে।

  • Share this:
    ক্ৰিকেট বিশ্বকাপৰ শ্বাসৰূদ্ধকৰ ফাইনেল চলি থকাৰ সময়তে টেনিচ জগততো চলি আছিল আন এক খিতাপ জয়ৰ যুঁজ। উইম্বলডনৰ অত্যন্ত আকৰ্ষণীয় ফাইনেলত বিশ্বৰ এক নম্বৰ খেলুৱৈ চাৰ্বিয়াৰ ন’ভাক জক’ভিচে ৰজাৰ ফেডেৰাৰক পৰাস্ত কৰি উইম্বলডনৰ খিতাপ অক্ষুণ্ণ ৰাখে। প্ৰায় ৫ ঘণ্টা চলা এই ফাইনেলত জক’ভিচে আঠ বাৰৰ উইম্বলডন চেম্পিয়ন ফেডেৰাৰক ৭–৬(৫), ১–৬, ৭–৬(৪), ৪–৬, ১৩–১২(৩) ছেটত পৰাস্ত কৰে।


    ৩২বছৰীয়া চাৰ্বিয়াৰ খেলুৱৈ জক’ভিচে ৩৮বছৰীয়া ফেডেৰাৰক শেষলৈকে চলা তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ মাজত পৰাস্ত কৰে। ফেডেৰাৰৰ বিৰুদ্ধে জক’ভিচৰ এয়া অষ্টমটো গ্ৰেণ্ডশ্লাম খিতাপ জয়।

    ফাইনেলত তিনিটা ছেটৰ ফলাফল টাই ব্ৰেকাৰৰ দ্বাৰা ওলায়। দুয়োজন খেলুৱৈয়ে প্ৰতিপক্ষৰ ওপৰত শেষলৈকে চাপ ৰাখে। জক’ভিচৰ এয়া পঞ্চমটো উইম্বলডন খিতাপ।

    শেহতীয়া বাতৰি