মুখ্যপৃষ্ঠা »খবৰ »বিশ্ব »Donald Trump: গ্ৰেপ্তাৰ হ'ব নেকি প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প! সমৰ্থকক গ্ৰেপ্তাৰৰ বিৰোধিতা কৰিবলৈ আহ্বান ট্ৰাম্পৰ

Donald Trump: গ্ৰেপ্তাৰ হ'ব নেকি প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প! সমৰ্থকক গ্ৰেপ্তাৰৰ বিৰোধিতা কৰিবলৈ আহ্বান ট্ৰাম্পৰ

গ্ৰেপ্তাৰ হ'ব নেকি প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প! সমৰ্থকক গ্ৰেপ্তাৰৰ বিৰোধিতা কৰিবলৈ আহ্বান ট্ৰাম্পৰ

গ্ৰেপ্তাৰ হ'ব নেকি প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প! সমৰ্থকক গ্ৰেপ্তাৰৰ বিৰোধিতা কৰিবলৈ আহ্বান ট্ৰাম্পৰ

ট্ৰাম্পে তেওঁৰ সমৰ্থকসকলক একত্ৰিত হৈ গ্ৰেপ্তাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ আহ্বান জনাই পোষ্ট কৰে। আন এটা পোষ্টত ট্ৰাম্পে কয়, ‘প্ৰতিবাদ কৰক, আমাৰ দেশখনক ওভতাই লওক।'

  • Share this:
মানহাটান জিলা এটৰ্নীৰ কাৰ্যালয়ৰ পৰা “লিক”ৰ ভিত্তিত অহা সপ্তাহৰ মঙলবাৰে গ্ৰেপ্তাৰ হ’ব বুলি দাবী কৰিছে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে।

Truth Social ত দিয়া পোষ্ট অনুসৰি ট্ৰাম্পে নিজৰ কথা উল্লেখ কৰি কয় যে “অহা সপ্তাহৰ মঙলবাৰে ৰিপাব্লিকান দলৰ আগশাৰীৰ প্ৰাৰ্থী তথা আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীক গ্ৰেপ্তাৰ কৰা হ’ব।”

লগতে ট্ৰাম্পে তেওঁৰ সমৰ্থকসকলক একত্ৰিত হৈ গ্ৰেপ্তাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ আহ্বান জনাই পোষ্ট কৰে। আন এটা পোষ্টত ট্ৰাম্পে কয়, ‘প্ৰতিবাদ কৰক, আমাৰ দেশখনক ওভতাই লওক।'

২০১৬ চনত ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে ট্ৰাম্পে এগৰাকী পৰ্ণ ষ্টাৰক দিয়া কথিত 'হছ মানি' (Hush Money) পেমেণ্টৰ বাবে মানহাটান জিলা এটৰ্নীৰ কাৰ্যালয়ে অভিযোগনামা পত্ৰ জাৰি কৰিবলৈ সাজু হোৱা বুলি প্ৰকাশ পোৱা বাতৰিৰ মাজতে তেওঁৰ এই পোষ্টটো প্ৰকাশ পাইছে।

ৰয়টাৰৰ মতে, জিলা অধিবক্তাৰ কাৰ্যালয়ৰ এগৰাকী মুখপাত্ৰই মন্তব্যৰ বাবে কৰা অনুৰোধৰ তৎক্ষণাত কোনো সঁহাৰি নিদিলে।

চলিত বৰ্ষৰ আৰম্ভণিতে মানহাটান জিলা এটৰ্নী এলভিন ব্ৰেগৰ কাৰ্যালয়ে ২০১৬ চনৰ নিৰ্বাচনৰ বাবে ট্ৰাম্প ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হোৱাৰ সময়ত ট্ৰাম্পৰ প্ৰাক্তন ব্যক্তিগত অধিবক্তা আৰু ফিক্সাৰ মাইকেল কোহেনে পৰ্ণ তাৰকা ষ্টৰ্মি ডেনিয়েলছক দিয়া ১ লাখ ৩০ হাজাৰ ডলাৰৰ ধনৰ তদন্ত কৰা গ্ৰেণ্ড জুৰীৰ সন্মুখত প্ৰমাণ দাখিল কৰিবলৈ আৰম্ভ কৰিছিল।

খবৰ অনুসৰি এই গোচৰত ট্ৰাম্পৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা হ’ব নে নহয় সেই বিষয়ে এতিয়াও অভিযুক্তসকলে গুৰুত্ব আৰোপ কৰি আছে।

কিন্তু যদিহে ট্ৰাম্পৰ বিৰুদ্ধে অভিযোগ উত্থাপন হয় তেন্তে ৭৬ বছৰীয়া ট্ৰাম্পে অপৰাধৰ অভিযোগত অভিযুক্ত হোৱা প্ৰথমজন প্ৰাক্তন ৰাষ্ট্ৰপতি হিচাপে পৰিগণিত হ’ব।

ডেনিয়েলছ যাৰ প্ৰকৃত নাম ষ্টেফানী ক্লিফৰ্ড ডেনিয়েলছে কয় যে তেওঁৰ এদশক পূৰ্বে ট্ৰাম্পৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল। এই প্ৰেমৰ সম্পৰ্ক হোৱা বুলি অস্বীকাৰ কৰিছে ট্ৰাম্পে।

শেহতীয়া বাতৰি