পুৰণি ফটোত নিজকে নাপালে চিনি! আন নাৰীৰে স্বামীক সন্দেহ কৰি ঘপিয়ালে মহিলাই

ফটোখন আছিল দুয়োৰে ডেটিঙৰ য’ত মহিলাগৰাকীয়ে নিজকে চিনি পোৱা নাছিল।
ফটোখন আছিল দুয়োৰে ডেটিঙৰ য’ত মহিলাগৰাকীয়ে নিজকে চিনি পোৱা নাছিল।
- News18 Assam
- Last Updated: January 26, 2021, 7:10 PM IST
ডেইলী ষ্টাৰ ইউ কেৰ খবৰ অনুসৰি, মেক্সিকোৰ ছন’ৰাৰ কেজেমিৰ লিঅ’নৰা এন নামৰ মহিলাগৰাকীয়ে সন্দেহৰ বশৱৰ্তী হৈ স্বামীক ছুৰীৰে আক্ৰমণ কৰে। কাৰণ মহিলাগৰাকীয়ে ফটোত নিজৰ স্বামীক ‘আন মহিলা’ এগৰাকীৰ সৈতে দেখিছিল। কিন্তু ফটোখনত থকা মহিলাগৰাকী যে নিজেই সেই কথা বুজা নাছিল মহিলাগৰাকীয়ে। ফটোখন আছিল দুয়োৰে ডেটিঙৰ য’ত মহিলাগৰাকীয়ে নিজকে চিনি পোৱা নাছিল।
পত্নীৰ আক্ৰমণত স্বামী কিছু পৰিমাণে আঘাতপ্ৰাপ্ত হয় যদিও মহিলাগৰাকীৰ হাতত থাপ মাৰি ধৰি বিপদৰ পৰা ৰক্ষা পৰে। পিছত স্বামীয়ে মহিলাগৰাকীক বুজায় কয় যে ফটোখন দুয়োৰে ডেটিঙৰ সময়ৰ আৰু সেইখনকে নতুনকৈ ডিজিটাইজ কৰি আনিছিল যাতে তেওঁলোকৰ মৰমৰ স্মৃতি হিচাপে ৰাখিব পাৰে। এই ঘটনাৰ পিছতে প্ৰতিৱেশীয়ে আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে মহিলাগৰাকীক আটক কৰে।