‘কোৰোণাৰ তথ্য প্ৰথমে পোহৰলৈ আনিছিল তেওঁ’,প্ৰয়াত চিকিত্‍সকজনৰ পত্নীয়ে এতিয়া জন্ম দিলে এটি পুত্ৰ সন্তান

News18 Assam | News18-Assam
Updated:June 13, 2020, 8:00 PM IST
‘কোৰোণাৰ তথ্য প্ৰথমে পোহৰলৈ আনিছিল তেওঁ’,প্ৰয়াত চিকিত্‍সকজনৰ পত্নীয়ে এতিয়া জন্ম দিলে এটি পুত্ৰ সন্তান
কোৰোণা ভাইৰাছৰ বিৰুদ্ধে প্ৰথমে সতৰ্ক কৰি দিছিল চিকিত্‍সকজনে। কিন্তু সেই অভিযোগতে আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছিল।

কোৰোণা ভাইৰাছৰ বিৰুদ্ধে প্ৰথমে সতৰ্ক কৰি দিছিল চিকিত্‍সকজনে। কিন্তু সেই অভিযোগতে আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছিল।

  • Share this:
কোৰোণা ভাইৰাছৰ বিৰুদ্ধে প্ৰথমে সতৰ্ক কৰি দিছিল তেওঁ, কিন্তু সেই অভিযোগতে আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছিল। শেষ পৰ্যন্ত কোৰোণাত আক্ৰান্ত হৈয়ে মৃত্যু মুখত পৰিছিল চীনৰ য়ুহান প্ৰদেশৰ ৩৪ বছৰীয়া চিকিত্‍সক লি ওয়েনলিং। এতিয়া সেইগৰাকী চিকিত্‍সকৰ পত্নীয়ে জন্মদিলে এটি পুত্ৰ সন্তান।

এই ভাল খবৰটো দিলে চীনৰ ছচিয়েল মিডিয়াৰ জৰিয়তে প্ৰয়াত চিকিত্‍সকগৰাকীৰ পত্নীয়ে। তেওঁ লিখিছে যে, ‘তুমি স্বৰ্গৰ পৰাই হয়টো দেখিছা? তোমালৈ বুলি এয়া শেষ উপহাৰ। আজি জন্মগ্ৰহণ কৰিলে তোমাৰ সন্তানে। আমি অতি ভালকৈ সন্তানটিৰ যতন লম।’ ছচিয়েল মিডিয়াত এই খবৰ দিয়াৰ লগতে নৱজাতকৰ ছবিও শ্বেয়াৰ কৰিছেল প্ৰয়াত চিকিত্‍সকগৰাকীৰ পত্নীয়ে।

উল্লেখযোগ্য যে, চাইনিজ মেছেজ এপ WeChatত মেডিকেল কলেজৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ গ্ৰুপত কোৰোণা ভাইৰাছৰ সতৰ্কবাণী দিছিল চিকিত্‍সক লিয়ে। এজন লোকৰ দেহত এই ভাইৰাছৰ সংক্ৰমণ হৈছিল বুলি লিখাৰ লগতে, লোকজনক সাগৰৰ ওচৰৰ এখন হাস্পতালত কোৱাৰেণ্টাইন কৰা হৈছিল বুলি জনাইছিল। যাৰফলত অসন্তুষ্ট হৈ চীন চৰকাৰে গ্ৰেপ্তাৰ কৰিছিল চিকিত্‍সক লিক
First published: June 13, 2020, 7:54 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading