চাৰিটা পাত থকা এজোপা গছ, নিলামত দাম উঠিল ৪ লাখ! কি আছে এই গছজোপাত?

News18 Assam | News18-Assam
Updated:September 4, 2020, 10:33 AM IST
চাৰিটা পাত থকা এজোপা গছ, নিলামত দাম উঠিল ৪ লাখ! কি আছে এই গছজোপাত?
৪ লাখ টকাত এখন গাড়ী কিনিব পাৰিব আপুনি, বা বিদেশ ভ্ৰমণ কৰিব পাৰিব। কিন্তু চাৰি লাখ টকা দি এই গছজোপা কিনিলে নিউজিলেণ্ডৰ এজন লোকে।

৪ লাখ টকাত এখন গাড়ী কিনিব পাৰিব আপুনি, বা বিদেশ ভ্ৰমণ কৰিব পাৰিব। কিন্তু চাৰি লাখ টকা দি এই গছজোপা কিনিলে নিউজিলেণ্ডৰ এজন লোকে।

  • News18 Assam
  • Last Updated: September 4, 2020, 10:33 AM IST
  • Share this:
চাৰিটা পাতৰ এজোপা গছ। আকাৰত এক ফুটো দীঘল নহয়। আছে মাত্ৰ চাৰিটা পাত। নিলামত এই গছজোপাৰ দাম উঠিল চাৰি লাখ টকা। কিন্তু কিয় ইমান দাম এই গছজোপাৰ!

৪ লাখ টকাত এখন গাড়ী কিনিব পাৰিব আপুনি, বা বিদেশ ভ্ৰমণ কৰিব পাৰিব। কিন্তু চাৰি লাখ টকা দি এই গছজোপা কিনিলে নিউজিলেণ্ডৰ এজন লোকে। গছজোপাৰ নাম ফিলোডেণ্ড্রন মিনিমা। স্থানীয় মুদ্ৰাৰ হিচাপত যাৰ দাম ৮,১৫০ নিউজিলেণ্ড ডলাৰ। ভাৰতীয় মুদ্ৰাৰ হিচাপত চাৰি লাখ টকা।

সৰু এই গছজোপা আচলতে এক বিৰল প্ৰজাতিৰ। গছজোপাত থকা পাতবোৰৰ এফাল সেউজীয়া আৰু এফাল হালধীয়া। এনেধৰণৰ ৰং এই গছৰ কেতিয়াও দেখা যোৱা নাই। ‘ট্ৰেড মি’ নামৰ এটা অনলাইন ট্ৰেডিং ছাইটত এই গছজোপা কিনিবলৈ সেয়ে হেতাওপৰা লাগিল। শেষত নিলাম হ’ল ৪ লাখ টকাত। ট্ৰেডিং ছাইটত লিখা হৈছে যে গছজোপাত কৃত্ৰিমভাৱে ৰং কৰা হোৱা নাই। প্ৰাকৃতিকভাৱেই এনে বিৰল ৰং পোৱা গৈছে।
Published by: Sanjay Kumar Das
First published: September 4, 2020, 10:33 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading