ICC Cricket World Cup 2019: ব্যৰ্থ হৈও বাৰে বাৰে কিয় মূল একাদশত স্থান পাইছে বিজয় শংকৰে?

এতিয়াও দলত স্থান পোৱা নাই দলৰ অভিজ্ঞ খেলুৱৈ দীনেশ কাৰ্তিক আৰু ৰবীন্দ্ৰ জাদেজাই

News18-Assam
Updated:June 29, 2019, 2:44 PM IST
ICC Cricket World Cup 2019: ব্যৰ্থ হৈও বাৰে বাৰে কিয় মূল একাদশত স্থান পাইছে বিজয় শংকৰে?
এতিয়াও দলত স্থান পোৱা নাই দলৰ অভিজ্ঞ খেলুৱৈ দীনেশ কাৰ্তিক আৰু ৰবীন্দ্ৰ জাদেজাই
News18-Assam
Updated: June 29, 2019, 2:44 PM IST
বিশ্বকাপত কাইলৈ অনুষ্ঠিত হ’ব ভাৰত আৰু ইংলেণ্ডৰ মাজত হাই ভল্টেজ মেচ।কাইলৈ জয়লাভ কৰিব পাৰিলেই ভাৰতে খেলিব পাৰিব ছেমি ফাইনেল। কিন্তু মিডল অৰ্ডাৰৰ বেটিং লাইনে এতিয়া বাৰুকৈয়ে চিন্তাত পেলাইছে ভাৰতীয় দলৰ মেনেজমেণ্টক।

কাইলৈ সন্মুখত শক্তিশালী ইংলেণ্ড। ইংলেণ্ডৰ শক্তিশালী বলিং লাইন আপৰ বিৰুদ্ধে যুঁজিবলৈ ভাৰতৰ মিডল অৰ্ডাৰৰ বেটচমেনে ভাল প্ৰদৰ্শন কৰিবই লাগিব। দলত অভিজ্ঞ বেটচমেন দীনেশ কাৰ্তিক আছে যদিও এতিয়ালৈকে মূল একাদশত স্থান লাভ কৰিবলৈ সক্ষম হোৱা নাই। কিন্তু প্ৰতিখন খেলতে ব্যৰ্থ হৈও মূল একাদশত স্থান লাভ কৰি আছে  মিডল অৰ্ডাৰ বেটচমেন বিজয় শংকৰে।

সেইদৰে সফল হ’ব পৰা নাই কেডাৰ যাদৱ, তথাপিও জাদেজাৰ পৰিৱৰ্তে প্ৰতিখন খেলতে সুযোগ পাইছে  কেডাৰে। এনেবোৰ সিদ্ধান্তৰ বাবে এতিয়া ভাৰতৰ দলীয় মেনেজমেণ্টক প্ৰশ্ন কৰিছে বহু প্ৰাক্তন খেলুৱৈয়ে।

কিয় ৰবীন্দ্ৰ জাদেজা আৰু দীনেশ কাৰ্তিকৰ পৰিৱৰ্তে বাৰে বাৰে প্ৰতিখন খেলতে ব্যৰ্থ হোৱা বিজয় আৰু কেডাৰ যাদৱক দলত স্থান দিয়া হৈছে? মিডল অৰ্ডাৰক গুৰুত্ব নিদি কেৱল বিৰাট কোহলী, ৰোহিত শৰ্মা আৰু মহেন্দ্ৰ সিং ধোনীৰ ওপৰত নিৰ্ভৰ কৰি ভাৰতীয় দল কিমান দূৰ সফল হ’ব ,সেইয়া সময়তহে লক্ষ্যণীয় হ’ব!
আৰু চাওক পৰৱৰ্তী বাতৰি