• Home
  • »
  • News
  • »
  • world
  • »
  • Why Coffee & Tea Hot and Ice Cold : চাহ আৰু কফি কিয় গৰম হয়, বৰফ কিয় ঠাণ্ডা হয়, এই সাধাৰণ কথাটোৰ আঁৰতে কিমান যে ৰহস্য

Why Coffee & Tea Hot and Ice Cold : চাহ আৰু কফি কিয় গৰম হয়, বৰফ কিয় ঠাণ্ডা হয়, এই সাধাৰণ কথাটোৰ আঁৰতে কিমান যে ৰহস্য

আমি জানোঁ যে আমাৰ ইন্দ্ৰীয়ৰ যোগেদী মস্তিষ্কলৈ প্ৰেৰণ কৰা বাৰ্তাৰ পৰাই বহিৰ্জগতৰ সৈতে আমাৰ শৰীৰে যোগাযোগ ৰক্ষা কৰে। কিন্তু অতদিনে এই প্ৰক্ৰিয়া কেনেদৰে সম্পাদন হয় তাক নিৰ্ণয় কৰিব পৰা হোৱা নাছিল।  

  • Share this:
পুৱা শুই উঠি এগিলাছ পানী নাইবা একাপ চাহ (Tea ) বা কফি (Coffee )। আমাৰ দৈনন্দিন জীৱনৰ প্ৰায় এৰাব নোৱাৰা অভ্যাস হৈ পৰিছে, ঠিক সূৰ্য উদয় আৰু অস্ত হোৱাৰ লেখিয়া। চাহ বা কফি কাপত চুমুক দিলেই এক উত্তাপে আমাৰ জঠৰতা ভাঙি দিয়ে। একেদৰে যেতিয়া প্ৰচণ্ড গৰমত শীতল পানীয়ৰ বটল খুলি খাওঁ তেতিয়া যেন বৰফ (Cold )ৰ নৈ এখন শৰীৰৰ মাজেৰে বৈ গৈছে তেনে অনুভৱেই হয়। পিছে আমি কেতিয়াব ভাবি চাইছোনে যে কিয় এনে হয়!

যন্ত্ৰণা হ'লে বিষ (Pain) অনুভৱ, চাহ খালে গৰম অনুভৱ বা বৰফ চুলে শীতল (Cold) অনুভৱ আমি কিয় কৰোঁ তাৰ ৰহস্য ভেদ কৰাটো ইমান সহজ নাছিল। আমাৰ দেহৰ ছালৰ পৰা এই বাৰ্তা মস্তিষ্ক (Brain)লৈ কিদৰে প্ৰেৰণ কৰা হয় তাৰ জটিল ৰহস্য ভেদ কৰিয়েই এইবাৰ চিকিৎসাবিজ্ঞানৰ ন'বেল বঁটা  (Nobel Prize for Medicine) লাভ কৰিছে দুই বিজ্ঞানীয়ে।

আমি জানোঁ যে আমাৰ ইন্দ্ৰীয়ৰ যোগেদী মস্তিষ্কলৈ প্ৰেৰণ কৰা বাৰ্তাৰ পৰাই বহিৰ্জগতৰ সৈতে আমাৰ শৰীৰে যোগাযোগ ৰক্ষা কৰে। কিন্তু অতদিনে এই প্ৰক্ৰিয়া কেনেদৰে সম্পাদন হয় তাক নিৰ্ণয় কৰিব পৰা হোৱা নাছিল।

২০২১ বৰ্ষৰ চিকিৎসাবিজ্ঞানৰ ন'বেল বঁটা লাভ কৰা দুই বিজ্ঞানী ডেভিড জুলিয়াছ  (David Julius) আৰু আর্ডেম পাটাপুটিয়ানে (Ardem Patapoutian) বিচাৰি উলিয়াইছে স্নায়ু কোষত থকা এবিধ বিশেষ ছেনছৰ (Sensor) যি মগজুক তাপ বা উষ্ণতাৰ বাৰ্তা দিয়ে। এইয়া আপাতত সাধাৰণ যেন লাগিলেও এই আৱিষ্কাৰ স্নায়ু ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত হ'ব পাৰে যুগান্তকাৰী । এই ছেনছৰেই আমাৰক স্পৰ্শৰ অনুভূতি কৰাতো সহায় কৰে।

ডেভিড জুলিয়াছ TRPV1 নামৰ এটা ছেনছৰী ৰিচেপ্টৰ আৱিষ্কাৰ কৰে যি আমাৰ মগজুলৈ তাপৰ বাৰ্তা দিয়ে আৰু আর্ডেম পাটাপুটিয়ানে TRPM8 নামৰ এটা ছেনছৰী ৰিচেপ্টৰ আৱিষ্কাৰ কৰে যি আমাৰ মগজুলৈ শীতৰ বাৰ্তা প্ৰেৰ কৰে। ইয়াৰ উপৰি দুয়োজনে অতিৰিক্ত TRPV1 আৰু TRPM8 ৰিচেপ্টাৰ চিনাক্ত কৰে যিবোৰে ভিন্ন স্তৰৰ তাপ বা শীতৰ বাৰ্তা মগজুলৈ পঠিয়ায়। এইববোৰক একো একোটা আয়ন চেনেল (ion channels) বুলি কোৱা হয়।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি