• Home
  • »
  • News
  • »
  • world
  • »
  • কোৰোণা নহয় আত্মহত্যাহে মৃত্যুৰ প্ৰধান কাৰণ! কিয় জাপানত জীৱন শেষ কৰে অনেকে? জানক

কোৰোণা নহয় আত্মহত্যাহে মৃত্যুৰ প্ৰধান কাৰণ! কিয় জাপানত জীৱন শেষ কৰে অনেকে? জানক

ফাইল ফটো

ফাইল ফটো

জাপানক ১৯৯০ৰ দশকক ‘দ্য লষ্ট ডিকেড’ অৰ্থাৎ হেৰাই যোৱা দশক কোৱা হয়। অৰ্থাৎ এই দশকত প্ৰতি বছৰে প্ৰায় ৩০হাজাৰ জাপানীয়ে আত্মহত্যা কৰিছিল। কিয়নো সেই সময়ত আৰ্থিক দুৰৱস্থা তথা অস্থিৰতাৰ পৰিৱেশ আছিল। এয়া প্ৰায় ২০১০চনলৈকে থাকিল। তাৰ পিছত পৰিস্থিতি কিছু উন্নত হ’লেও শেহতীয়াকৈ আকৌ আত্মহত্যাৰ ঘটনা তুমুল গতিত বাঢ়িছে।

  • Share this:
কোৰোণা অতিমাৰী নহয় আত্মহত্যাৰ কাৰণেহে অধিক মানুহৰ মৃত্যু হৈছে জাপানত। শেহতীয়াকৈ এটা ৰিপ’ৰ্ট ওলাইছিল যে অক্টোবৰ মাহত জাপানত কোৰোণাৰ কাৰণে ২০৮৭ জন লোকৰ প্ৰাণ গৈছিল আনহাতে এই মাহত ২১৫৩ জন লোকে নিজৰ জীৱন শেষ কৰিলে। অৱশ্যে জাপান হেপ্পী প্লেনেট ইণ্ডেক্সত ৫৮সংখ্যক স্থানত আছে। কিন্তু ইয়াত মানুহৰ আত্মহননৰ উদ্বেগজনক সংখ্যাই সকলোকে চিন্তিত কৰি তুলিছে। কি কাৰণে জাপানত আত্মহত্যাৰ সংখ্যা ইমান বেছি!

যোৱা বছৰ জাপানত ২৫হাজাৰ মানুহে আত্মহত্যা কৰিছে। অৰ্থাৎ প্ৰতি দিনে গড়ে ৭০জন লোকে আত্মহত্যা কৰিছে। ইয়াত বেছিভাগ মানুহ পুৰুষ। যিকোনো বিকশিত দেশৰ কাৰণে এই হাৰ চৰকাৰ আৰু মানুহ উভয়ৰ কাৰণেই উদ্বেগজনক। অৱশ্যে বিকশিত দেশৰ ভিতৰত সৰ্বাধিক আত্মহত্যা দক্ষিণ কোৰিয়াত। তথাপিও জাপানত আত্মহত্যা এক উদ্বেগজনক বিষয়।

বিবিচিৰ ৰিপ’ৰ্ট মতে, শেহতীয়াকৈ জাপানত বুলেট ট্ৰেইনত এজন ৭১ বছৰীয়া ব্যক্তিয়ে নিজৰ শৰীৰত অগ্নি সংযোগ কৰি আত্মহত্যা কৰিছিল। তেওঁ প্ৰথমে কোচত বহি থকা অন্যান্য যাত্ৰীসকলক দূৰলৈ যাবলৈ কয় তাৰ পিছত শৰীৰত অগ্নিসংযোগ কৰে। প্ৰত্যক্ষদৰ্শীৰ মতে, এনেকুৱা কৰাৰ কাৰণে ব্যক্তিজন অত্যন্ত দুখী আছিল, তেওঁৰ দুচকু পানীৰে ভৰি আছিল। জাপানৰ মিডিয়াত প্ৰকাশিত খবৰ মতে বয়োবৃদ্ধ ব্যক্তিজনে এলুমিনিয়ামৰ কেন জমাই দুবেলা দুসাজ খাই আছিল।

জাপান টুডে ৱেবছাইটৰ মতে এইটো এক ডাঙৰ সামাজিক বিষয় হৈ পৰিছে। টকিঅ’ টেম্পল ইউনিভাৰ্চিটিৰ চাইক’লজিষ্ট বতাৰু নিশিদাই মতে জাপানত মানুহে ডিপ্ৰেশ্যনৰ কাৰণেই আইচ’লেট হৈ পৰে। নিজকে পৃথিৱীৰ পৰা আঁতৰাই লয়। স্থিতি বেয়া হৈ পৰিলে আত্মহত্যা কৰে। এনেকুৱা কৰা বেছিভাগ মানুহেই বয়োবৃদ্ধ। তেওঁলোক অকলশৰীয়া হৈ পৰে আৰু ল’ৰা–ছোৱালীয়ে তেওঁলোকক চাব নোখোজে। নিশিদাৰ মতে জাপানত সন্মান ৰক্ষাৰ্থে আত্মহত্যা যথেষ্ট প্ৰাচীন কালৰ পৰা চলি আৰু এয়া এক প্ৰকাৰৰ অকৰ্তৃত্বশীল সংস্কৃতি হৈ পৰিছে। তেওঁ চামুৰাই যোদ্ধাসকলৰ দ্বাৰা চেপুকু (Seppuku) প্ৰথাৰ ফালে আঙুলিয়াই। এই প্ৰথা অনুসৰি চামুৰাই যোদ্ধাসকলে বিভিন্ন সাংস্কৃতিক কাৰণত আত্মহত্যা কৰে। কেইবাবাৰো চামুৰাইয়ে তৰোৱালেৰে নিজৰ পেট ফালি পেলায়। এই প্ৰথাক হাৰাকিৰি  (Harakiri) বুলিও কোৱা হয়।

জাপানৰ প্ৰচলিত ধৰ্মীয় বিশ্বাসত আত্মহত্যাক পাপ বুলি গণ্য নকৰে মানুহে। বৰং ইয়াক দায়িত্ব বুলিহে গ্ৰহণ কৰে! জাপানৰ হেল্পলাইন ষ্টাফ কেন জ’চেফৰ মতে বিগত ৪০বছৰে দেখি অহা মতে বয়োবৃদ্ধ লোকসকলে যেতিয়া ঋণদায়গ্ৰস্ত হৈ পৰে তেতিয়া আত্মহত্যা কৰে।

এতিয়া ২০ৰ পৰা ৪৪ বছৰ বয়সৰ যুৱচামেও আত্মহত্যা কৰিবলৈ লৈছে। জাপানৰ ৪০শতাংশ যুৱৰ এটা সমস্যা স্থায়ী চাকৰি নোপোৱা। নিজকে একান্ত বাসলৈ লৈ যোৱাক জাপানত আত্মহত্যাৰ প্ৰথম চৰণ গণ্য কৰা হয়। এইটোক হিকিক’মাৰী (Hikikomori) কোৱা হয়। ইয়াত মানুহে সমাজ, পৰিয়াল, বন্ধু আৰু সমগ্ৰ বিশ্বৰ পৰা নিজকে বেলেগ কৰি পেলায়। ইয়াৰ সকলোতকৈ ডাঙৰ কাৰণ...কৰ্মসংস্থাপনহীনতা, আর্থিক দুৰ্বলতা, ডিপ্ৰেচন, চাপ, কোনো কথা বেয়া লগা আদি। জাপানৰ চৰকাৰৰ এক পৰিসংখ্যা মতে ২০১০ বৰ্ষত ৭লাখ লোকে হিকিক’মাৰীত আছিল। এওঁলোকৰ গড় বয়স আছিল ৩১।

জাপানক ১৯৯০ৰ দশকক ‘দ্য লষ্ট ডিকেড’ অৰ্থাৎ হেৰাই যোৱা দশক কোৱা হয়। অৰ্থাৎ এই দশকত প্ৰতি বছৰে প্ৰায় ৩০হাজাৰ জাপানীয়ে আত্মহত্যা কৰিছিল। কিয়নো সেই সময়ত আৰ্থিক দুৰৱস্থা তথা অস্থিৰতাৰ পৰিৱেশ আছিল। এয়া প্ৰায় ২০১০চনলৈকে থাকিল। তাৰ পিছত পৰিস্থিতি কিছু উন্নত হ’লেও শেহতীয়াকৈ আকৌ আত্মহত্যাৰ ঘটনা তুমুল গতিত বাঢ়িছে।
First published: