• Home
  • »
  • News
  • »
  • world
  • »
  • Kim Jong Un Losing Weight : কিম জং উনে কমাইছে ওজন, কিন্তু চিন্তা হৈছে বিশ্বৰ বহুকেইখন দেশৰ নেতাৰ!

Kim Jong Un Losing Weight : কিম জং উনে কমাইছে ওজন, কিন্তু চিন্তা হৈছে বিশ্বৰ বহুকেইখন দেশৰ নেতাৰ!

উত্তৰ কোৰিয়াৰ টেলিভিছনত শেহতীয়াকৈ দেখা গৈছে কিম জং উন (Kim Jong Un)ৰ ওজন কমিছে বহুত। উনৰ হাতৰ ঘঁড়ীৰ ষ্ট্ৰেপ টান হৈছে আৰু শকত মুখখন যথেষ্ট ক্ষীণ দেখা গৈছে।

উত্তৰ কোৰিয়াৰ টেলিভিছনত শেহতীয়াকৈ দেখা গৈছে কিম জং উন (Kim Jong Un)ৰ ওজন কমিছে বহুত। উনৰ হাতৰ ঘঁড়ীৰ ষ্ট্ৰেপ টান হৈছে আৰু শকত মুখখন যথেষ্ট ক্ষীণ দেখা গৈছে।

উত্তৰ কোৰিয়াৰ টেলিভিছনত শেহতীয়াকৈ দেখা গৈছে কিম জং উন (Kim Jong Un)ৰ ওজন কমিছে বহুত। উনৰ হাতৰ ঘঁড়ীৰ ষ্ট্ৰেপ টান হৈছে আৰু শকত মুখখন যথেষ্ট ক্ষীণ দেখা গৈছে।

  • Share this:
সাধাৰণতে সমগ্ৰ বিশ্বতেই কোনোবাই যদি দেহৰ ওজন হ্ৰাস কৰিব পাৰিছে তন্তে তেওঁক সকলোৱেই প্ৰশংসা কৰে আৰু কেনেকৈ ইমান ওজন কমাবলৈ সক্ষম হ'ল সেইয়া সকলোৰে বাবে কৌতুহলৰ বিষয় হৈ পৰে। কিন্তু যদি কিম জং উন (Kim Jong Un)ৰ দৰে লোকৰ ওজন কমে তেনেহ'লে দেশৰ সাধাৰণ লোক চিন্তিত হোৱাটো বাদেই কৌুহলৰ কাৰণ হৈ পৰে বিশ্বৰ বহু দেশৰ নোতাৰ বাবেও।

কিম জঙৰ স্বাস্থ্যক লৈ বিশ্বত যদি কাৰোবাৰ চিন্তা আছে সেয়া হৈছে দক্ষিণ কোৰিয়া (South Korea)।  ১২ লাখ সৈন্য আৰু পাৰমাণৱিক অস্ত্ৰ (Nuclear Weapons)ৰে সু-সজ্জিত কিম জং উনৰ উত্তৰ কোৰিয়াৰ সেনাৰ সন্মুখীন হৈ থকা দক্ষিণ কোৰিয়াই অনবৰত কিম জঙৰ ওজন কিমান বাঢ়িল, উনৰ ওজন কমিল নেকি, তেওঁ অৰপমান খোজ কাঢ়িয়েই উশাহ-নিশাহৰ কিবা সমস্যাত ভূগিছে নেকি, আদি নানা প্ৰশ্নৰ উত্তৰ বিচাৰি উদ্বিগ্ন হৈ থাকে । সেয়ে ৩৭ বছৰীয়া কিম জং উনৰ চেহেৰা সলনি হোৱাৰ বাতৰিয়ে দক্ষিণ কোৰিয়াত আলোড়নৰ সৃষ্টি কৰিছে।

উনৰ স্বাস্থ্য কেৱল দক্ষিণ কোৰিয়াৰে নহয়, আমেৰিকা, জাপান, ইউৰোপৰ বহু দেশৰ বাবেই এক ডাঙৰ খবৰ। উত্তৰ কোৰিয়াৰ আভ্যন্তৰৰীণ বিষয় চীনৰ দৰেই অতি গোপন। কিম জং উনৰ পিছত কোন উত্তৰ কোৰিয়াৰ শাসক হ'ব সেয়া বিশ্বৰ সকলো দেশৰ নেতাৰ বাবেই চিন্তাৰ বিষয়। কাৰণ উত্তৰ কোৰিয়াৰ হাতত মজুত আছে বিশ্বৰ ভয়ানক পাৰমাণৱিক অস্ত্ৰৰ ভাণ্ডাৰ। সেয়ে কিমৰ স্বাস্থ্যৰ বাতৰিও সিমানেই গুৰুত্বপূৰ্ণ বিশ্বৰ বাবে।

দেশখনৰ চৰকাৰী চেনেলত কিমৰ ক্ষীণ চেহেৰা দেখাৰ লগে লগে সেয়ে বনজুইৰ দৰে বিয়পি পৰিল খবৰ। কিছুমান বিশেষজ্ঞই কিমৰ চেহেৰা চাই অনুমান কৰিছে কিমে কিমান ওজন হ্ৰাস কৰিলে। তেওঁলোকৰ মতে ৫ ফুট ৮ ইঞ্চি ওখ কিম জং উনে কমেও ১০ৰ পৰা ২০ কিলোগ্ৰাম ওজন হ্ৰাস কৰিছে। পূৰ্বে কিমৰ ওজন আছিল প্ৰায় ১৪০ কিলোগ্ৰাম। এতিয়া ওজন কমি ১২০ কিলোগ্ৰাম হোৱা বুলি অনুমান কৰিছে একাংশ বিশেষজ্ঞই।

পিছে কিমৰ এই ৱেইট লছ (Weight Loss) অসুস্থাতাৰ বাবে নহয়, তেওঁ নিজকে বেছি স্বাস্থ্যৱান কৰি ৰখাৰ যত্ন কৰিহে ওজন কমাইছে বুলি মন্তব্য কৰিছে বিভিন্নজনে।
Published by:Manjumoni Borah
First published: