G7 সন্মিলনত অংশগ্ৰহণৰ বাবে ফ্ৰান্সত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

ভাৰত ইয়াৰ সদস্য নহয় যদিও প্ৰধানমন্ত্ৰী মোদীক আমন্ত্ৰণ জনোৱা হৈছে এই সন্মিলনলৈ।

News18-Assam
Updated:August 25, 2019, 10:53 PM IST
G7 সন্মিলনত অংশগ্ৰহণৰ বাবে ফ্ৰান্সত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
ভাৰত ইয়াৰ সদস্য নহয় যদিও প্ৰধানমন্ত্ৰী মোদীক আমন্ত্ৰণ জনোৱা হৈছে এই সন্মিলনলৈ।
News18-Assam
Updated: August 25, 2019, 10:53 PM IST
G7 সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে ফ্ৰান্সত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। মোদীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পসহ কেইবাগৰাকীও নেতাক সাক্ষাৎ কৰিব। এই উপলক্ষে প্ৰধানমন্ত্ৰী মোদীয়ে পৰিৱেশ, জলবায়ু, সন্ত্ৰাসবাদ আৰু ডিজিটেলৰ দৰে বিষয়ক লৈ আলোচনা কৰিব। G7ত বিশ্বৰ সাতখন বিকশিত দেশ অন্তৰ্ভুক্ত। ভাৰত ইয়াৰ সদস্য নহয় যদিও প্ৰধানমন্ত্ৰী মোদীক আমন্ত্ৰণ জনোৱা হৈছে এই সন্মিলনলৈ।

G7 সন্মিলনত অন্তৰ্ভুক্ত দেশসমূহ হ’ল কানাডা, ফ্ৰান্স, জাৰ্মানী, ইটালী, জাপান, ব্ৰিটেইন আৰু আমেৰিকা। পূৰ্বে G8 সন্মিলন আছিল আৰু ইয়াৰ সদস্য ৰাষ্ট্ৰ আছিল আমেৰিকা, কানাডা, ফ্ৰান্স, জাৰ্মানী, ইটালী, জাপান, ব্ৰিটেইন আৰু ৰাছিয়া। যেতিয়া আমেৰিকাৰ শাসনৰ ভাৰ বাৰাক ওবামাৰ হাতলৈ আহিছিল তেতিয়া বাহিৰ হৈছিল ৰাছিয়া। ক্ৰিমিয়াৰ ওপৰত ৰাছিয়াৰ দখলৰ পিছত ২০১৪ত G8ৰ পৰা বাহিৰ কৰি দিয়া হৈছিল আৰু তেতিয়াৰ পৰা G8ৰ পৰা হৈছিলগৈ G7 সন্মিলন।



কিয় ভাৰতক আমন্ত্ৰণ কৰা হ’ল
তিনিদেশীয় বিদেশ যাত্ৰাৰ প্ৰথম পৰ্যায়ত ফ্ৰান্সত উপস্থিত হোৱা মোদীৰ সৈতে এক যৌথ সংবাদমেলত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’ৱে কয় যে আমি G7ৰ ওপৰত আলোচনা কৰিছো। আমি বিচাৰিছিলো যে ভাৰতো এই সন্মিলনৰ অংশ হওক, কিয়নো ভাৰতৰ অবিহনে আমি কিছুমান বিষয়ত আগবাঢ়িব নোৱাৰো। উল্লেখযোগ্য যে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি আৰু G7ৰ আয়োজক দেশ হিচাপে দেশখনৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’ৰ এই সন্মিলনৰ সদস্য নোহোৱা আন দেশক আমন্ত্ৰণ জনোৱাৰ অধিকাৰ আছে। এই সন্মিলনলৈ আমন্ত্ৰণ লাভ কৰাটোৱে বিশ্বজুৰি ভাৰতৰ শক্তি বৃদ্ধিৰ ইংগিত বহন কৰিছে।
আৰু চাওক পৰৱৰ্তী বাতৰি