ফ্ৰান্সৰ প্ৰধানমন্ত্ৰীলৈ মহিলাই পঠিয়ালে Underwear! পিছে কিয়? কাৰণ জানিলে আচৰিত হ'ব

News18 Assam | News18-Assam
Updated:April 23, 2021, 8:11 PM IST
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰীলৈ মহিলাই পঠিয়ালে Underwear! পিছে কিয়? কাৰণ জানিলে আচৰিত হ'ব
ফ্ৰান্সৰ ফ্ৰধানমন্ত্ৰী জিন কাচটেক্সৰ অফিচ মেইললৈ মহিলাই পঠিয়াইছে আণ্ডাৰগাৰ্মেণ্টৰ ফটো। ছচিয়েল মিডিয়াতো শ্বেয়াৰ কৰা হৈছে এনেধৰণৰ ফটো।

ফ্ৰান্সৰ ফ্ৰধানমন্ত্ৰী জিন কাচটেক্সৰ অফিচ মেইললৈ মহিলাই পঠিয়াইছে আণ্ডাৰগাৰ্মেণ্টৰ ফটো। ছচিয়েল মিডিয়াতো শ্বেয়াৰ কৰা হৈছে এনেধৰণৰ ফটো।

  • Share this:
কোৰোণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে ফ্ৰান্সত চলি আছে লকডাউন। চৰকাৰৰ আদেশত কোনো লোক ঘৰৰ বাহিৰলৈ ওলাব পৰা নাই। আনকি ফাৰ্মাচী আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ দোকানৰ বাহিৰে অন্যান্য দোকানো বন্ধ কৰা হৈছে। ইয়াৰ মাজতে ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী জিন কাচটেক্সৰ অফিচ মেইললৈ বহু মহিলাই পঠিয়াইছে আণ্ডাৰগাৰ্মেণ্টৰ ফটো।

দৰাচলতে,কাপোৰৰ দোকানৰ এগৰাকী মালিকে প্ৰধানমন্ত্ৰীলৈ পঠিয়াইছে আণ্ডাৰগাৰ্মেণ্টৰ ফটো। যিখন দোকান মহামাৰীৰ বাবে বন্ধ হৈ আছে। ছচিয়েল মিডিয়াতো শ্বেয়াৰ কৰা হৈছে এনেধৰণৰ ফটো। য'ত ফ্ৰান্সৰ প্ৰধানমন্ত্ৰীলৈ লিখা চিঠিৰ লগতে আণ্ডাৰগাৰ্মেণ্টৰ ফটো দেখিবলৈ পোৱা গৈছে। চিঠিৰ জৰিয়তে প্ৰধানমন্ত্ৰীগৰাকীক দোকানৰ মালিকসকলে ব্যৱসায় প্ৰতিষ্ঠানৰ ক্ষেত্ৰত থকা প্ৰতিবন্ধকতা আঁতৰ কৰিবলৈ দাবী জনাইছে।



ফ্ৰান্সৰ ৰাজধানী পেৰিচত বিশ্বৰ ভিতৰতে ফেশ্বন কেপিটেল বুলি জনা যায়। বিশ্বৰ বহু আগশাৰীৰ ফেশ্বন ব্ৰেণ্ড পেৰিচৰ পৰা অপাৰেট কৰা হয়। কিন্তু ল'কডাউনৰ বাবে এতিয়া ব্যৱসায়ত ব্যাপক লোকচানৰ সন্মুখীন হৈছে। ফলত এনেদৰেই প্ৰধানমন্ত্ৰীলৈ চিঠিৰ লগতে আণ্ডাৰপেণ্টৰ ফটো শ্বেয়াৰ কৰি প্ৰতিবাদত নামিছে ব্যৱসায়ীসকল। একাংশই লিখিছে যে, খাদ্য সামগ্ৰীৰ লগতে পৰিধান কৰা কাপোৰো মানুহৰ বাবে এচেনচিয়েল।
Published by: Himangshu Bhuyan
First published: April 23, 2021, 8:11 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি