Howdy Modi:এইকাৰণে এঘণ্টা পলমকৈ মোদীক অপেক্ষা কৰোৱালে ট্ৰাম্পে!

এনআৰজি ষ্টেডিয়ামত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ নিশা ৯বাজি ২০মিনিটত আৰম্ভ হ’ল। ইয়াৰ পূৰ্বে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে উপস্থিত ৰাইজক সম্বোধন কৰিবলগীয়া আছিল। কিন্তু হাউদি মোদী কাৰ্যসূচীত ট্ৰাম্প উপস্থিত হয় এঘণ্টা ৫মিনিট পলমকৈ অৰ্থাৎ নিশা ১০বাজি ২৫মিনিটত।

News18
Updated:September 23, 2019, 12:47 PM IST
Howdy Modi:এইকাৰণে এঘণ্টা পলমকৈ মোদীক অপেক্ষা কৰোৱালে ট্ৰাম্পে!
এনআৰজি ষ্টেডিয়ামত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ নিশা ৯বাজি ২০মিনিটত আৰম্ভ হ’ল। ইয়াৰ পূৰ্বে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে উপস্থিত ৰাইজক সম্বোধন কৰিবলগীয়া আছিল। কিন্তু হাউদি মোদী কাৰ্যসূচীত ট্ৰাম্প উপস্থিত হয় এঘণ্টা ৫মিনিট পলমকৈ অৰ্থাৎ নিশা ১০বাজি ২৫মিনিটত।
News18
Updated: September 23, 2019, 12:47 PM IST
হিউছটনত আয়োজিত হাউদি মোদী কাৰ্যসূচীত দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৫০হাজাৰ লোকক সম্বোধন কৰে। এনআৰজি ষ্টেডিয়ামত হাজাৰ হাজাৰ লোকৰ সন্মুখত মোদীয়ে ভাৰতীয় মূলৰ আমেৰিকানসকলক নিজৰ ভাষণৰ জৰিয়তে শক্তিশালী ভাৰতৰ ছবি দেখুৱালে, কিন্তু এই ইভেণ্টত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প যথেষ্ট পলমকৈ উপস্থিত হয়। ইয়াৰ কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যথেষ্ট সময় অপেক্ষা কৰিবলগীয়া হয়।

কিয় পলম হ’ল ট্ৰাম্পৰ?
নৰেন্দ্ৰ মোদীৰ ভাষণ নিশা ৯বাজি ২০মিনিটত আৰম্ভ হ’ল। ইয়াৰ পূৰ্বে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে উপস্থিত ৰাইজক সম্বোধন কৰিবলগীয়া আছিল। কিন্তু হাউদি মোদী কাৰ্যসূচীত ট্ৰাম্প উপস্থিত হয় এঘণ্টা ৫মিনিট পলমকৈ অৰ্থাৎ নিশা ১০বাজি ২৫মিনিটত। হোৱাইট হাউছৰ তৰফৰ পৰা জনোৱা হৈছিল যে ৰাষ্ট্ৰপতিগৰাকীৰ পলম হোৱাৰ কাৰণ হিউছটনত বান। তেওঁ বানৰ কাৰণে ব্ৰিফিং ল’বলগীয়া হৈছিল। যোৱা কিছুদিনৰ পৰা হিউছটনৰ বতৰ ভাল নহয় আৰু প্ৰৱল বৰষুণৰ ফলত বহু ঠাইত বান পৰিস্থিতিৰ সৃষ্টি হৈছে। আনকি ৫জন লোকে প্ৰাণ হেৰুৱাইছে বাঢ়নি পানীত। 

'Howdy Modi'ত ড’নাল্ড ট্ৰাম্পে দেওবাৰে নিশা ৯.৩৯মিনিটত ভাষণ দিবলগীয়া আছিল আৰু আধাঘণ্টাৰ সময় ইয়াৰ কাৰণে নিৰ্ধাৰণ কৰা হৈছিল। ট্ৰাম্পৰ পলম হোৱাৰ কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৯.২০মিনিটত ষ্টেজত উপস্থিত হয়। প্ৰায় আধাঘণ্টা কথা কৈ তেওঁ ষ্টেজ ত্যাগ কৰে। ইয়াৰ পিছত ড’নাল্ড ট্ৰাম্পৰ সৈতে তেওঁ পুনৰ ষ্টেজত উঠে। 

 

দুয়োগৰাকী নেতাই ষ্টেজত ইজনে সিজনৰ ভালেখিনি প্ৰশংসা কৰে। নৰেন্দ্ৰ মোদীয়ে আনকি ‘অব কী বাৰ ট্ৰাম্প চৰকাৰ’ বুলিও কয়। অনুষ্ঠানৰ আগতে ছচিয়েল মিডিয়াত কাৰ্যসূচীৰ কথা উৎসাহেৰে উল্লেখ কৰে ড’নাল্ড ট্ৰাম্পে। উল্লেখযোগ্য যে আমেৰিকা যুক্তৰাষ্ট্ৰত কোনো বিদেশী নেতাৰ কাৰণে আয়োজন কৰা বৃহত্তম অনুষ্ঠানৰূপে বিবেচিত হৈছে হাউদি মোদী অনুষ্ঠান।

আৰু চাওক পৰৱৰ্তী বাতৰি