মুখ্যপৃষ্ঠা »খবৰ »বিশ্ব »Pakistan PM Imran Khan: ''আমেৰিকা কা যো য়াৰ হে, ৱো গদ্দাৰ হে" শ্লোগান পাকিস্তানত, বিদেশী ষড়যন্ত্ৰ মানে আঁৰত আছিল নেকি আমেৰিকা?

Pakistan PM Imran Khan: ''আমেৰিকা কা যো য়াৰ হে, ৱো গদ্দাৰ হে" শ্লোগান পাকিস্তানত, বিদেশী ষড়যন্ত্ৰ মানে আঁৰত আছিল নেকি আমেৰিকা?

ইতিমধ্যে পাকিস্তানৰ মুখ্য ন্যায়াধীশ উচ্চতম ন্যায়ালয়ত উপস্থিত হৈছে

ইতিমধ্যে পাকিস্তানৰ মুখ্য ন্যায়াধীশ উচ্চতম ন্যায়ালয়ত উপস্থিত হৈছে

  • Share this:
পাকিস্তানৰ ৰাষ্ট্ৰপতি আৰিফ আলভিয়ে প্ৰধানমন্ত্ৰী ইমৰান খানৰ পৰামৰ্শ অনুসৰি দেওবাৰে নেচনেল এচেম্বলী ভংগ কৰে। কেইমিনিটমান আগতে নেচনেল এচেম্বলীৰ উপ-সভাপতিয়ে তেওঁৰ বিৰুদ্ধে উত্থাপন কৰা অনাস্থা প্ৰস্তাৱ নাকচ কৰে। ইমৰান খানে ৰাষ্ট্ৰপতিক পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ পৰামৰ্শ দিছে। নেচনেল এচেম্বলী ভংগ হোৱাৰ পিছত পাকিস্তানৰ সংসদৰ বাহিৰত "আমেৰিকা কা যো য়াৰ হে, ৱো গদ্দাৰ হে" আৰু "পাকিস্তান কো কোন বচায়েগা, ইমৰান খান, ইমৰান খান" শ্লোগান দিয়া পৰিলক্ষিত হৈছে। এই সম্পৰ্কীয় ভিডিঅ' সংবাদ সংস্থা এএনআইৰ দ্বাৰা মুকলি কৰা হৈছে।

প্ৰধানমন্ত্ৰী ইমৰান খানে সদনৰ উপাধ্যক্ষ কাছিম চুৰীয়ে সংসদৰ অধিৱেশন স্থগিত কৰাৰ পিছত দেশবাসীক এক চমু ভাষণ প্ৰদান কৰে। তেওঁ অনাস্থা প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ বাবে ৰাইজক অভিনন্দন জনাই কয় যে উপ-ৰাষ্ট্ৰপতিয়ে "চৰকাৰ সলনি কৰাৰ প্ৰচেষ্টা আৰু বিদেশী ষড়যন্ত্ৰ বিফল কৰিছে"। তেওঁ কয় যে অনাস্থা প্ৰস্তাৱটো প্ৰকৃততে এক "বিদেশী কাৰ্যসূচী" আছিল।

ইমৰান খানে কয়- ''এবাৰ দেশৰ সৰ্বোচ্চ নিৰাপত্তা সংস্থাই শাসন পৰিৱৰ্তনৰ বাবে বিদেশী ষড়যন্ত্ৰ নিশ্চিত কৰিলে, বাকী সকলোবোৰ অপ্ৰাসংগিক হৈ পৰে।''



আনহাতে, বিৰোধীয়ে প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আৰু নেচনেল এচেম্বলী ভংগৰ সমগ্ৰ প্ৰক্ৰিয়াটোক সংবিধানবিৰোধী বুলি অভিহিত কৰে। বিৰোধীয়ে নেচনেল এচেম্বলীৰ উপাধ্যক্ষৰ সিদ্ধান্ত আৰু উচ্চতম ন্যায়ালয়ত নেচনেল এচেম্বলী ভংগ কৰাৰ পৰামৰ্শক প্ৰত্যাহ্বান জনোৱাৰ কথা ঘোষণা কৰে আৰু সংসদ ভৱন চৌহদত ধৰ্ণা আৰম্ভ কৰিছে।

ইতিমধ্যে পাকিস্তানৰ মুখ্য ন্যায়াধীশ উচ্চতম ন্যায়ালয়ত উপস্থিত হৈছে, নেচনেল এচেম্বলী ভংগ কৰাৰ বিষয়টোক লৈ সোনকালেই সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে।

শেহতীয়া বাতৰি