ভাৰত সহ সমগ্ৰ বিশ্বতে ভয়ংকৰ গতিত বৃদ্ধি পাইছে কোৰোণাৰ সংক্ৰমণ। শুকুৰবাৰে ভাৰতত ২০ হাজাৰ জনৰ শৰীৰত ধৰা পৰিছে কোৰোণাৰ অৱস্থিতি। এনে জটিল পৰিস্থিতিৰ মাজতে আশাৰ ৰেঙণি দেখুৱাইছে বিশ্ব স্বাস্থ্য সংস্থাই। আগন্তুক দুসপ্তাহৰ ভিতৰত কোৰোণা ভাইৰাছৰ ঔষধৰ ট্ৰাইলৰ ৰিপৰ্ট লাভ কৰিব পাৰে WHO-এ। আৰু যদি ট্ৰাইলৰ ৰিপৰ্টত সুফল আহে তেন্তে বিশ্ববাসীয়ে লাভ কৰিব কোৰোণাৰ ঔষধ। ভেকচিনৰ লগতে কোৰোণাৰ ঔষধৰ বাবে এতিয়া সমগ্ৰ বিশ্বৰ চিকিত্সা বিজ্ঞানীয়ে দিন-ৰাতি একাকাৰ কৰিছে।
বিশ্ব স্বাস্থ্য সংস্থাৰ ডাইৰেক্টৰ জেনেৰেলে কয় যে, ‘৩৯ খন দেশৰ প্ৰায় ৫ হাজাৰ কোৰোণা ৰোগীৰ ওপৰত ঔষধৰ ট্ৰাইল কৰা হৈছে। আমাৰ আশা দুসপ্তাহৰ ভিতৰত ইয়াৰ ৰিপৰ্ট আমাৰ হাতলৈ আহিব।’
WHO-এ দাবী কৰিছে যে,সমগ্ৰ বিশ্বত কোৰোণাত আক্ৰান্তৰ সংখ্যাই ১ কোটি ১০ লাখৰ ঘৰ পাৰ হৈছে। বিগত ৭ মাহ ধৰি অতিমাৰী। ৪টা অংশৰ ঔষধৰ ট্ৰাইল আৰম্ভ হৈছিল। ষ্টেণ্ডাৰ্ড কেয়াৰ ৰেমডেচিভিৰ, এণ্টি মেলেৰীয়া ড্ৰাগ হাইড্ৰ’ক্সিক্লোৰোকুইন, HIVৰ ঔষধ লপিনেভিৰ বা ৰাইটোনেভিৰ আৰু লপিনেভিৰ বা ৰাইট’নেভিৰৰ লগত ইণ্টাৰফেৰন।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|