• Home
  • »
  • News
  • »
  • world
  • »
  • Ayman al-Zawahiri : অল কায়দাৰ মুৰব্বী জৱাহিৰিক ২১ বছৰ ধৰি বিচাৰি আছিল আমেৰিকাই, কেনেকৈ চিকিৎসকৰ পৰা হ’ল সন্ত্ৰাসবাদী?

Ayman al-Zawahiri : অল কায়দাৰ মুৰব্বী জৱাহিৰিক ২১ বছৰ ধৰি বিচাৰি আছিল আমেৰিকাই, কেনেকৈ চিকিৎসকৰ পৰা হ’ল সন্ত্ৰাসবাদী?

আল–জৱাহিৰিয়ে আমেৰিকাৰ ওপৰত হোৱা ১১ ছেপ্টেম্বৰ ২০০১ৰ আক্ৰমণত জড়িত আছিল। আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে এই অভিযানৰ পিছত কয় যে এতিয়া ন্যায় লাভ কৰিছো।

  • Share this:
সন্ত্ৰাসবাদী সংগঠন অল কায়দাৰ মুৰব্বী আয়মান অল–জৱাহিৰিক (Ayman al-Zawahiri) হত্যা কৰাৰ দাবী কৰিছে আমেৰিকাই। আফগানিস্তানত ড্ৰোণ আক্ৰমণত নিহত হয় জৱাহিৰি। বিগত ২১ বছৰ ধৰি আমেৰিকাই আল–জৱাহিৰিৰ সন্ধানত আছিল। আমেৰিকাৰ চোৰাংচোৱা সংস্থা CIAই সন্ত্ৰাসবাদীৰ বিৰুদ্ধে এক অভিযানত জৱাহিৰিক হত্যা কৰে। আমেৰিকাৰ মতে, জৱাহিৰিয়ে ঘৰৰ বেলকনীত বহি থকাৰ সময়তে তেওঁক লক্ষ্য কৰি লোৱা হয়। তেওঁলৈ লক্ষ্য কৰি দুটাকৈ মিচাইল নিক্ষেপ কৰা হয়।

আল–জৱাহিৰিয়ে আমেৰিকাৰ ওপৰত হোৱা ১১ ছেপ্টেম্বৰ ২০০১ৰ আক্ৰমণত জড়িত আছিল। আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে এই অভিযানৰ পিছত কয় যে এতিয়া ন্যায় লাভ কৰিছো।

কোন আছিল আয়মান আল–জৱাহিৰি?
১. আয়মান আল–জৱাহিৰিয়ে ২০১১ চনত ওছামা বিন লাডেনৰ মৃত্যুৰ পিছত অল কায়দাৰ দায়িত্ব লৈছিল। জৱাহিৰি লাডেনৰ খুব ঘনিষ্ঠ আছিল। তেওঁ বিশ্বৰ বিভিন্ন স্থানত সন্ত্ৰাসবাদী কাৰ্যকলাপ সংঘটিত কৰাত মাষ্টাৰমাইণ্ডৰ ভূমিকা পালন কৰিছিল।

২. বিশ্বৰ বহু বিশেষজ্ঞৰ মতে, ১১ ছেপ্টেম্বৰ ২০০১ত আমেৰিকাত হোৱা আক্ৰমণৰ মূল ষড়যন্ত্ৰকাৰী আছিল জৱাহিৰি। এই আক্ৰমণত প্ৰাত তিনি হাজাৰ আমেৰিকান নাগৰিকৰ মৃত্যু হৈছিল। সেই ভয়ংকৰ আক্ৰমণৰ বাবে চাৰিখন বিমান হাইজেক কৰা হৈছিল। ইয়াৰে দুখন বিমানে ৱৰ্ল্ড ট্ৰেড চেণ্টাৰৰ দুয়োটা টাৱাৰত আক্ৰমণ কৰিছিল।

৩. ১৯৫১ চনৰ ১৯ জুনত মিছৰৰ ৰাজধানী কাহিৰাত জন্মগ্ৰহণ কৰা জৱাহিৰি এক আধ্যৱন্ত পৰিয়ালৰ পৰিয়ালৰ পৰা আহিছিল। তেওঁৰ ককাক াবিয়া আল–জৱাহিৰি, মধ্য পূৰ্বত ছুন্নী ইছলামী শিক্ষাৰ কেন্দ্ৰ আল–আজহাৰৰ ইমাম আছিল।

৪. আয়মান আল–জৱাহিৰিয়ে অল কায়দাৰ ভেটি মজবুত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। সন্ত্ৰাসবাদী কাৰ্যকলাপত জড়িত হোৱাৰ পূৰ্বে জৱাহিৰি আছিল চকুৰ চিকিৎসক। ১৯৮০ৰ দশকত সন্ত্ৰাসবাদী ইছলামত অন্তৰ্ভুক্ত হোৱা বাবে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল, মুক্তিৰ পিছত তেওঁ দেশ এৰিছিল আৰু আন্তঃৰাষ্ট্ৰীয় জেহাদী আন্দোলনত চামিল হয়।

৫. পিছলৈ জৱাহিৰি ওছামা বিন লাডেনৰ লগ লাগে। তেওঁলোক দুয়ো আমেৰিকাৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে। ১১ ছেপ্টেম্বৰ ২০০১ৰ আক্ৰমণৰ পৰিকল্পনা প্ৰস্তু কৰে। বিন লাডেনৰ মৃত্যুৰ পিছত জৱাহিৰিয়ে অল কায়দাৰ নেতৃত্ব লয়। কিন্তু তেওঁক খুব কম সক্ৰিয় দেখা গৈছিল। কেতিয়াবাহে তেওঁ কেৱল বাৰ্তা প্ৰেৰণ কৰিছিল।

৬. ২০০৬ চনৰ জানুৱাৰীত আফগানিস্তানৰ সৈতে পাকিস্তানৰ সীমাৰ সমীপত আমেৰিকাই তেওঁক লক্ষ্য কৰিছিল। এই আক্ৰমণত অল কায়দাৰ চাৰি সদস্য নিহত হৈছিল, কিন্তু জৱাহিৰি বাচি গৈছিল আৰু দুসপ্তাৰ পিছত ভিডিঅ’ত দেখা গৈছিল।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি