চিন্তাজনক! অহা বছৰৰ মাজ ভাগলৈকে প্ৰস্তুত নহয় কোৰোণাৰ ভেকচিনঃ WHO

News18 Assam | News18-Assam
Updated:September 5, 2020, 9:00 AM IST
চিন্তাজনক! অহা বছৰৰ মাজ ভাগলৈকে প্ৰস্তুত নহয় কোৰোণাৰ ভেকচিনঃ WHO
বিশ্ব স্বাস্থ্য সংস্থাই ক’লে যে, কোৰোণাৰ ভেকচিন প্ৰস্তুতৰ বাবে আৰু বহু সময়ৰ প্ৰয়োজন হ’ব। অহা বছৰ মাজ ভাগতহে সম্পূৰ্ণ হৈ উঠাৰ সম্ভাৱনা।

বিশ্ব স্বাস্থ্য সংস্থাই ক’লে যে, কোৰোণাৰ ভেকচিন প্ৰস্তুতৰ বাবে আৰু বহু সময়ৰ প্ৰয়োজন হ’ব। অহা বছৰ মাজ ভাগতহে সম্পূৰ্ণ হৈ উঠাৰ সম্ভাৱনা।

  • Share this:
কোৰোণা ভাইৰাছে সমগ্ৰ দেশতে এতিয়াও তাণ্ডৱ অব্যাহত ৰাখিছে। ভাৰতবৰ্ষতো দ্ৰুতগতিত বাঢ়িছে কোৰোণাত আক্ৰান্ত লোকৰ সংখ্যা। তাৰ মাজতে কোৰোণা ভাইৰাছৰ সন্দৰ্ভত বিশ্ব স্বাস্থ্য সংস্থাৰ ফালৰ পৰা বিশেষ মন্তব্য প্ৰকাশ কৰা হৈছে। দৰাচলতে, বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, অহা বছৰৰ মাজভাগলৈকে প্ৰস্তুত নহয় কোৰোণাৰ ভেকচিন। বিশ্ব স্বাস্থ্য সংস্থাৰ মুখপাত্ৰ মাগৰিট হেৰিছে কয় যে, এতিয়ালৈকে যিমান খিনি কোৰোণাৰ ভেকচিন প্ৰস্তুত কৰি থকা হৈছে, তাৰে প্ৰায় সকলোখিনিয়েই এই পৰ্যন্ত ৫০ শতাংশও ফলপ্ৰসূ হৈ উঠা নাই।



আনহাতে, আমেৰিকাৰ চেণ্টাৰ ফ’ৰ ডিজীজ কণ্ট্ৰ’ল এণ্ড প্ৰিভেনশ্যনে জনস্বাস্থ্যৰ সৈতে জড়িত এজেন্সীক কয় যে, তেওঁলোকে অক্টোবৰ, নৱেম্বৰৰ ভিতৰত দুটা ভেকচিন তৈয়াৰ কৰিব পাৰিব। লগতে, আমেৰিকাৰ ‘Oxford-AstraZeneca’ৰ দ্বাৰা প্ৰস্তুত কৰা কোৰোণাৰ ভেকচিন তৃতীয়টো পৰীক্ষণৰ বাবে সাজু হৈ উঠিছে। কোম্পানীয়ে জনোৱা মতে, আমেৰিকাৰ প্ৰায় ৮০ শতাংশ ঠাইতে ৩০ হাজাৰ লোকৰ শৰীৰত ইয়াৰ পৰীক্ষণ বৰ্তমান সময়ত চলি আছে।
Published by: Himangshu Bhuyan
First published: September 5, 2020, 9:00 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading