• Home
  • »
  • News
  • »
  • world
  • »
  • হোৱাইট হাউচে ‘ৱাৰ্নিং’ দিয়া উপ ৰাষ্ট্ৰপতি কমলা হেৰিছৰ ভাগিনীয়েক কোন এই মীনা হেৰিচ? ভাৰততো সাংঘাতিক ভাইৰেল তেওঁ...

হোৱাইট হাউচে ‘ৱাৰ্নিং’ দিয়া উপ ৰাষ্ট্ৰপতি কমলা হেৰিছৰ ভাগিনীয়েক কোন এই মীনা হেৰিচ? ভাৰততো সাংঘাতিক ভাইৰেল তেওঁ...

কমলা হেৰিছৰ ভাগিনীয়েক মীনা হেৰিচক শেহতীয়াকৈ হোৱাইট হাউচে সকীয়নি দিছিল যে নিজৰ ব্ৰেণ্ড বনাওতে মীনাই যাতে উপ ৰাষ্ট্ৰপতি হেৰিচৰ নাম ব্যৱহাৰ নকৰে |

কমলা হেৰিছৰ ভাগিনীয়েক মীনা হেৰিচক শেহতীয়াকৈ হোৱাইট হাউচে সকীয়নি দিছিল যে নিজৰ ব্ৰেণ্ড বনাওতে মীনাই যাতে উপ ৰাষ্ট্ৰপতি হেৰিচৰ নাম ব্যৱহাৰ নকৰে |

কমলা হেৰিছৰ ভাগিনীয়েক মীনা হেৰিচক শেহতীয়াকৈ হোৱাইট হাউচে সকীয়নি দিছিল যে নিজৰ ব্ৰেণ্ড বনাওতে মীনাই যাতে উপ ৰাষ্ট্ৰপতি হেৰিচৰ নাম ব্যৱহাৰ নকৰে |

  • Share this:
মাৰ্কিন উপৰাষ্ট্ৰপতি কমলা হেৰিচ ভাগিনী মীনা হেৰিচ এতিয়া বিশেষভাৱে চৰ্চিত হৈ পৰিছে। সামাজিক মাধ্যমৰ ষ্টাৰ অৰ্থাত্ অতিকে জনপ্ৰিয় মীনা হেৰিচৰ নিজস্ব পৰিচয় আছে যদিও বৰ্তমানে তেওঁক লৈ চৰ্চা হোৱাৰ অন্য এক কাৰণ হৈছে শেহতীয়াকৈ হোৱাইট হাউচে তেওঁক দিয়া সকীয়নী।

কিছুদিন পূৰ্বে মীনাক হোৱাইট হাউচে সকীয়নী প্ৰদান কৰিছিল যে তেওঁ যাতে নিজৰ ব্ৰেণ্ড বনাবলৈ মাৰ্কিন উপৰাষ্ট্ৰপতি অৰ্থাত্ তেওঁৰ মাহীয়েক কমলা হেৰিচৰ নাম ব্যৱহাৰ নকৰে।

কিন্তু আচলতে কোন মীনা হেৰিছ ? অথবা মীনাক লৈ হোৱাইট হাউচৰ কৰ্তৃপক্ষ কিয় ইমান ক্ষোভ ?

দৰাচলতে মীনা হেৰিচ কমলা হেৰিছৰ ভাগিনীয়েক হোৱাৰ লগতে হাৰ্ভাৰ্ডৰ পৰা স্নাতক এগৰাকী অধিবক্তা আৰু এগৰাকী ছ'চিয়েল মিডিয়া ষ্টাৰ । তেওঁ এগৰাকী উদ্যোগীও যিয়ে পূৰ্বে তেওঁৰ পিতৃ টনি ৱেষ্টৰ সৈতে উবাৰ(Uber)ত কাম কৰিছিল। চাৰি বছৰ পূৰ্বে মীনাই 'ফিনমেনেল(Phenomenal)' নামৰ এটা কোম্পানী আৰম্ভ কৰিছিল। যিয়ে সমাজৰ কিছু প্ৰাসঙ্গিক বাৰ্তাৰ সৈতে বনোৱা টি-চাৰ্ট বিক্ৰী কৰে। ইয়াৰে বহু ফটো মীনাই প্ৰায়ে ইনষ্টাগ্ৰাম প্ৰফাইলৰ লগতে ছ'চিয়েল মিডিয়া প্লেটফৰ্মত আপলোড কৰি আহিছে য'ত আন ফটোসমূহৰ সৈতে উপৰাষ্ট্ৰপতি কমলা হেৰিচৰ সৈতে একেলগে তোলা ফটোও আছে।

মীনাৰ এই কাণ্ডক লৈ এতিয়া চিন্তিত বাইডেন প্ৰশাসন কিয়নো বাইডেন প্ৰশাসনৰ বহুতে শেহতীয়াকৈ মত প্ৰকাশ কৰিছে যে মীনাই তেওঁৰ ব্যক্তিগত ব্ৰেণ্ডৰ প্ৰচাৰৰ বাবে এতিয়া আৰু উপৰাষ্ট্ৰপতি মাহীয়েক কমলা হেৰিচক ব্যৱহাৰ কৰিব নালাগে। সেইবাবে হোৱাইট হাউচত বাইডেনৰ ট্ৰেঞ্জিচন দলৰ নৈতিক অধিবক্তাসকলে শেহতীয়াকৈ মীনাক কৈছিল যে তেওঁ বৰ্তমান নিজৰ কিতাপ, টি-চাৰ্ট বা অন্যান্য সমল প্ৰচাৰ কৰিবলৈ কমলা হেৰিচ বা বাইডেন নাম ব্যৱহাৰ কৰিব নোৱাৰিব।

লক্ষ্যণীয় দিশটো হ'ল, ইয়াৰ পূৰ্বে ড'নাল্ড ট্ৰাম্প ৰাষ্ট্ৰপতি হৈ থকা অৱস্থাত তেওঁৰ পুত্ৰ এৰিক আৰু ড'নাল্ড জুনিয়ৰৰ নেতৃত্বত আৰু ট্ৰাম্প মালিকানাধীন এটা ব্যৱসায়ে মিত্ৰ ৰাজনৈতিক গোটৰ পৰা পোনপটীয়াকৈ লাভলাভ গ্ৰহণ কৰা দেখা গৈছিল । ইভাংকা ট্ৰাম্প আৰু তেওঁৰ স্বামী জাৰেড ক'শ্নাৰে পৰিয়ালৰ মালিকানাধীন ৰিয়েল ইষ্টেট ব্যৱসায়ৰ লগতে জীৱনশৈলীৰ ব্ৰেণ্ডতো লাভালাভ কৰিছিল। সেই সময়ত ট্ৰাম্পৰ পৰিয়ালৰ বিৰুদ্ধে নিজৰ স্বাৰ্থৰ বাবে তেওঁলোকৰ নাম ব্যৱহাৰ কৰাৰ প্ৰশ্ন উত্থাপিত হৈছিল। সেইবাবে মীনাক লৈ সজাগ হৈছে হোৱাইট হাউচ কৰ্তৃপক্ষ।

ইপিনে মীনাৰ আছে ভাৰতীয় সংযোগো। হোৱাইট হাউচৰ পৰা সকীয়নী লাভ অথবা কমলা হেৰিচৰ ভাগিনীয়েক হোৱাৰ বাবেই ভাৰতত তেওঁ ভাইৰেল হৈ পৰা নাই। মীনা ভাৰতত ভাইৰেল হৈ পৰাৰ অন্যতম কাৰণ হৈছে তেওঁ ভাৰত চৰকাৰক কৰা কঠোৰ সমালোচনা। শেহতীয়াকৈ ভাৰতত চলি থকা কৃষকৰ প্ৰতিবাদ সম্পৰ্কে টুইট কৰি লিখিছিল "সবাতোকৈ ডাঙৰ গণতন্ত্ৰক আক্ৰমণ কৰা হৈছে "। ভাৰতীয় ৰাজনীতিৰ বিষয়ে কৰা এই মন্তব্যৰ বাবে মীনাক বহু ভাৰতীয়ই সমালোচনা কৰিছিল।
First published: