কাবুল বিমানবন্দৰত ISIS-K অৰ্থাৎ ইছলামিক ষ্টেট অৱ ইৰাক এণ্ড চিৰিয়া খোড়াচান নামৰ এটা সন্ত্ৰাসবাদী সংগঠনে কৰা আত্মঘাতী আক্ৰমণত ১৬৯জন আফগান নাগৰিক আৰু ১৩জন আমেৰিকান সৈনিক নিহত হোৱাৰ পিছতে চৰ্চালৈ আহিছে ISIS-K নামৰ সংগঠনটো। ISISৰ এটা গোটে ২০১৫ চনত খোড়াচান অঞ্চলত জন্মলাভ কৰাৰ পিছতেই এই সংগঠনটোৰ নাম ISIS-K হৈ পৰে।
মূলত আমেৰিকা আৰু মিত্ৰবাহিনীৰ বিৰুদ্ধে যুঁজ দিয়াৰ লগতে ইছলামিক ৰাজ্য স্থাপনৰ নামত বৰ্বৰতাৰ সীমা চেৰোৱা এই সংগঠনটো বৰ্তমান বিশ্বৰ শক্তিধৰ দেশসমূহৰ বাবে হৈ পৰিছে মূৰৰ কামোৰণি। জ' বাইডেনে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে দায়িত্ব লোৱাৰ পিছতে আফগানিস্তানৰ পৰা আমেৰিকান সেনা অপসাৰণ কৰাৰ সুযোগ লৈছিল ISIS-Kয়ে।
আমেৰিকা সমৰ্থিত আফগান চৰকাৰক ক্ষমতাচ্যুত কৰাৰ বাবে ISIS-Kয়ে ২০১৭ চনৰে পৰা প্ৰস্তুতি চলাইছিল। কিন্তু আমেৰিকান সেনাৰ প্ৰবল প্ৰতিৰোধৰ বাবে বাৰে বাৰে বিফল হৈছিল এই সংগঠনটো। ট্ৰাম্পৰ পিছত বাইডেন ক্ষমতালৈ অহাৰ পিছতে আমেৰিকান চৰকাৰে দেখুওৱা শিথিলতাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰিলে এই সংগঠনটোৱে। পিছে ইছলামিক ষ্টেটৰ পূৰ্বৰ শাখাতকৈয়ো এই সংগঠনটো অধিক ভয়ংকৰ। এই সংগঠনটোৰ লক্ষ্য কেৱল আফগানিস্থানত দখল কৰাই নহয়, এই সংগঠনটোৰ স্বপ্নৰ সাম্ৰাজ্যত সোমাই আছে সন্ত্ৰাসবাদৰ পৃষ্ঠপোষক হিচাপে পৰিচিত পাকিস্তানৰো বৃহৎ অঞ্চল।
চেণ্টাৰ ফৰ ষ্ট্ৰেটেজিক এণ্ড ইণ্টাৰনেচনেল ষ্টাডিজৰ এক প্ৰতিবেদন অনুসৰি আইএছআইএছ-কেয়ে "আন্তৰ্জাতিক সীমাক অৱজ্ঞা কৰে, আৰু আফগানিস্তান আৰু পাকিস্তানৰ দৰে ৰাষ্ট্ৰ-ৰাজ্য অতিক্ৰম কৰি ইয়াৰ ভূখণ্ডৰ কল্পনা কৰে।" প্ৰতিষ্ঠানটোৱে আগবঢ়োৱা তথ্য অনুসৰি, ইছলামত খোৰাচান নামটোৰ অৰ্থ হৈছে "সূৰ্যৰ দেশ, য'ত ইৰাণ আৰু আফগানিস্তানৰ উপৰিও পাকিস্তানৰো বৃহৎ অংশ অন্তৰ্ভুক্ত হৈ থাকে।" সেয়ে গাখীৰ খুৱাই সাপ পোহাৰ দৰে ISIS-K লাহে লাহে ভয়ংকৰ হৈ পৰিছে পাকিস্তানৰ বাবেও।
প্ৰকৃতাৰ্থত পাকিস্তানৰ একাংশ অসন্তুষ্ট তালিবানী সমৰ্থকেই এই সংগঠনটোক ২০১৫ চনত জন্ম দিছিল আৰু বিশ্বৰ কেইবাখনো চোৰাংচোৱা সংস্থাৰ প্ৰতিবেদন অনুসৰি পাকিস্তানী চোৰাংচোৱা সংস্থা আইআছআইয়ে এই সংগঠনটোক সকলো দিশৰ পৰা সহায় কৰিছিল। কিন্তু আফগানিস্তানৰ সফলতাৰ পিছতে ভষ্মাসূৰৰ দৰে এই সংগঠনটোৰ লক্ষ্য হৈ পৰিছে পাকিস্তানো।
জ' বাইডেন বাহিনীৰ তালিবানৰ পৰা পৃষ্ঠভংগৰ পিছতে ব্ৰিটেইন আৰু মিত্ৰবাহিনীৰ বহু দেশে এতিয়া ISIS-Kৰ তালিবানত থকা ঘাটি ধ্বংসৰ বাবে এয়াৰ ষ্ট্ৰাইকৰ পৰিকল্পনা কৰিছে। আনকি তালিবানেও বৰ্তমান আইএছআইএছ খোড়াচানক ধ্বংস কৰাৰ বাবে অভিযান আৰম্ভ কৰিছে। কাৰণ তালিবানে ভালদৰে বুজি পাইছে ISIS-Kয়ে তালিবানক শান্তিৰে শাসন চলাবলৈ নিদিয়ে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : September 02, 2021, 08:36 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।