মুখ্যপৃষ্ঠা »খবৰ »বিশ্ব »Miss Universe 2021| ২১ বছৰৰ পিচত দেশলৈ গৌৰৱ কঢ়িয়াই Miss Universe 2021ৰ খিতাপ জিকা হৰনাজ কোন? এইটো প্ৰশ্নৰ উত্তৰ দি হ’ল ব্ৰহ্মাণ্ড সুন্দৰী

Miss Universe 2021| ২১ বছৰৰ পিচত দেশলৈ গৌৰৱ কঢ়িয়াই Miss Universe 2021ৰ খিতাপ জিকা হৰনাজ কোন? এইটো প্ৰশ্নৰ উত্তৰ দি হ’ল ব্ৰহ্মাণ্ড সুন্দৰী

হৰনাজ সান্ধু, বিশ্ব সুন্দৰী ২০২১

হৰনাজ সান্ধু, বিশ্ব সুন্দৰী ২০২১

পঞ্জাৱৰ চণ্ডীগড়ৰ অভিনেত্ৰী–মডেল হৰনাজে প্ৰায় ৮০গৰাকী প্ৰতিযোগীক হৰুৱাই খিতাপ দখল কৰিছে। স্নাতকোত্তৰৰ ছাত্ৰী হৰনাজে ব্ৰহ্মাণ্ড সুন্দৰীৰ খিতাপ দখল কৰাৰ বিপৰীতে পাৰাগুৱে আৰু দক্ষিণ আফ্ৰিকাৰ প্ৰতিযোগী দুগৰাকী ক্ৰমে প্ৰথম আৰু দ্বিতীয় ৰাণাৰ্ছ আপ হৈ থাকে।

  • Share this:
ভাৰতৰ হৰনাজ সান্ধুক (Harnaaz Sandhu) নতুন মিছ ইউনিভাৰ্ছ (miss universe 2021) ঘোষণা কৰা হৈছে। তেওঁক ২০২০ চনৰ মিছ ইউনিভাৰ্ছ মেক্সিকোৰ এণ্ড্ৰিয়া মেজাৰ দ্বাৰা ৭০ তম মিছ ইউনিভাৰ্ছৰ মুকুট পিন্ধোৱা হয়। এই অনুষ্ঠানটো সমগ্ৰ বিশ্বতে পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হৈছিল, যাক টিভিত লাখ লাখ লোকে চায়। সূদীৰ্ঘ ২১ বছৰৰ পিছত লাৰা দত্তৰ পিছত হৰনাজে দেশৰ হৈ খিতাপ জয় কৰিছে। ৮০ খন দেশৰ অংশগ্ৰহণকাৰীসকলে প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিছিল। (miss universe 2021 india) ২১ বছৰীয়া হাৰনাজক দেওবাৰে ইজৰাইলৰ ইলিয়টত অনুষ্ঠিত প্ৰতিযোগিতাখনৰ বিজয়ী ঘোষণা কৰা হয় (miss universe 2021 winner)।

পাঁচ ফুট ৯ ইঞ্জি উচ্চতাৰ হাৰনাজ সান্ধুৰ (harnaaz sandhu height) ওজন ৫০ কিলোগ্ৰাম আৰু তেওঁ ২০১৯ চনত মিছ ইণ্ডিয়া পেজেণ্টত অংশ লৈছিল।

অভিনেত্ৰী-মডেল সান্ধুৰ পূৰ্বে মাত্ৰ দুগৰাকী ভাৰতীয় মহিলাই মিছ ইউনিভাৰ্ছ খিতাপ জিকিছে। অভিনেত্ৰী সুস্মিতা সেনে ১৯৯৪ চনত আৰু লাৰা দত্তই ২০০০ চনত ব্ৰহ্মাণ্ড সুন্দৰীৰ মুকুট পৰিধান কৰিবলৈ সক্ষম হৈছিল (miss universe from india)। দেওবাৰে পাৰাগুৱেৰ নাদিয়া ফেৰেৰাই (২২) দ্বিতীয় স্থান দখল কৰে, আনহাতে দক্ষিণ আফ্ৰিকাৰ লালেলা মাচভানে (২৪) তৃতীয় স্থান লাভ কৰে (miss universe pageant contestants)।

ৰাজহুৱা প্ৰশাসনত স্নাতকোত্তৰত অধ্যয়ন কৰি থকা হৰনাজত প্ৰথম তিনিটা ৰাউণ্ডৰ অন্তত সোধা হৈছিল? "বৰ্তমান সময়ৰ চাপৰ সৈতে মোকাবিলা কৰিবলৈ আপুনি যুৱতীসকলক কি পৰামৰ্শ দিব?"

ইয়াৰ উত্তৰত হৰনাজে কয়, “আজিৰ যুগৰ আটাইতকৈ ডাঙৰ চাপ যুৱপ্ৰজন্মৰ কাৰণে হৈছে নিজৰ ওপৰত বিশ্বাস ৰখা। আপুনি যে অদ্বিতীয় সেই কথা জানিলে আপুনি অধিক সুন্দৰ হৈ পৰে। নিজৰ তুলনা আনৰ সৈতে কৰাটো বন্ধ কৰক আৰু বিশ্বজুৰি হৈ থকা গুৰুত্বপূৰ্ণ বিষয়ক লৈ আলোচনা কৰক। বাহিৰলৈ যাওক, নিজৰ কাৰণে কথা ক’বলৈ লওক। নিজৰ জীৱনৰ নেতা আপুনিয়ে। আপুনিয়ে নিজৰ কণ্ঠ। মই নিজক লৈ বিশ্বাসী আছিলো আৰু সেইকাৰণে আজি ইয়াত থিয় হৈ আছো।”


এই প্ৰতিযোগিতাত ৰাষ্ট্ৰীয় পোছাক, সন্ধিয়াৰ গাউন আৰু চুইমৱেৰৰ পৰম্পৰাগত প্ৰদৰ্শনৰ লগতে প্ৰতিযোগীসকলৰ ৰাজহুৱাভাৱে তেওঁলোকৰ মতামত প্ৰকাশ কৰাৰ দক্ষতা পৰীক্ষা কৰাৰ বাবে প্ৰশ্ন আৰু উত্তৰৰ এক ৰাউণ্ড থাকে।



শীৰ্ষ ৫ ত উপনীত হোৱাৰ পিছত তেওঁক সোধা হৈছিল, "বহুতেই ভাবে যে জলবায়ু পৰিৱৰ্তন এটা ভ্ৰান্ত ধাৰণা, তেওঁলোকক সৈমান কৰিবলৈ আপুনি কি কৰিব?" এই সন্দৰ্ভত ভাৰতৰ হৰনাজে কয়, "প্ৰকৃতিয়ে কিমান সমস্যাৰ মাজেৰে পাৰ হৈ আছে সেয়া দেখি মই অত্যন্ত দুখিত। এই সকলোবোৰ আমাৰ দায়িত্বহীন আচৰণৰ বাবে। মই সম্পূৰ্ণৰূপে অনুভৱ কৰোঁ যে এতিয়া কাম কৰাৰ সময়, কথা কোৱাৰ নহয়। ইয়াৰ কাৰণ হৈছে আমাৰ প্ৰতিটো কাৰ্যই প্ৰকৃতিক বচাব বা হত্যা কৰিব পাৰে। অনুতাপ আৰু মেৰামতিতকৈ প্ৰতিৰোধ আৰু সুৰক্ষা ভাল আৰু সেইটোৱেই মই আজি আপোনাক সৈমান কৰিবলৈ চেষ্টা কৰি আছো।" (2021 miss universe)

শেহতীয়া বাতৰি