ক'ৰোনাৰ বিভীষিকা মাৰ যোৱাৰ সময়তে পুনৰ অ'মিক্ৰণৰ ৰূপত ক'ৰোনাই (new COVID-19 variant Omicron) আত্মপ্ৰকাশ কৰাৰ পিছতে সমগ্ৰ বিশ্ববাসী পুনৰ আতংকিত হৈ পৰিছে। দক্ষিণ আফ্ৰিকাৰ পৰা সমগ্ৰ বিশ্বলৈ বিয়পা অ'মিক্ৰণ কিমান ভয়ংকৰ সেই বিষয়ে বিশ্ব স্বাস্থ্য সংস্থাই (World Health Organization) শেহতীয়াভাৱে কিছূ তথ্য ব্যক্ত কৰিছে। দুপালি প্ৰতিষেধক গ্ৰহণ কৰা অথবা এবাৰ ক'ৰোণাত আক্ৰান্ত হোৱা ব্যক্তিও সহজে অ'মিক্ৰণত আক্ৰান্ত হয়। অৱশ্যে অতি শীঘ্ৰে সংক্ৰমণ হ'লেও এইবিধ ভাইৰাছৰ ফলত মানুহ কমকৈ অসুস্থ হোৱাৰ কথা প্ৰকাশ কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই। ডেল্টা ভাইৰাছতকৈ অ'মিক্ৰণত আক্ৰান্ত হোৱা ৰোগীৰ অসুস্থতাৰ হাৰ কম বুলিও বুধবাৰে প্ৰকাশ কৰিলে বিশ্ব স্বাস্থ্য সংস্থাই।
বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰোছ অধানম ঘেব্ৰিয়েছেছে (Tedros Adhanom Ghebreyesus) কয়, "দক্ষিণ আফ্ৰিকাৰ তথ্যই দেখুৱাইছে যে অ'মিক্ৰন প্ৰকাৰত পুনৰ সংক্ৰমণ হোৱাৰ সম্ভাৱনা অতি বেছি। অৱশ্যে, অ'মিক্ৰনত ভুক্তভোগীসকল ডেল্টা প্ৰকাৰতকৈ কম অসুস্থ হোৱাৰ প্ৰমাণো পোৱা গৈছে। "
কিন্তু বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বীয়ে কয় যে অ'মিক্ৰনৰ বিষয়ে নিশ্চিতভাৱে একো কোৱাটো এতিয়াই সম্ভৱ নহয়। এয়া নতুন প্ৰকাৰ হোৱাৰ বাবে, ইয়াৰ চৰিত্ৰৰ গাঁথনি, বৈশিষ্ট্যবোৰো বাকী প্ৰকাৰবোৰতকৈ বহুত বেলেগ। গতিকে এই প্ৰকাৰটোৰ বিষয়ে ভালদৰে জানিবলৈ আৰু কেইদিনমান লাগিব। অৱশ্যে, তেওঁ অনুৰোধ কৰিছিল যে সকলো দেশে এই মুহূৰ্তত ইয়াৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিব লাগে। তেওঁ লগতে কয়, অ'মিক্ৰণত আক্ৰান্তসকলৰ অৱস্থা গুৰুতৰ ন'হলেও চিকিৎসকে সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰাৰ প্ৰয়োজন আছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|