সেই সময়ত পাকিস্তান আৰু আফগানিস্তানৰ পাস্তুন অঞ্চলত ইছলামিক চিৰিয়া আইন প্ৰৱৰ্তনৰ শ্লোগানেৰে শান্তি আৰু নিৰাপত্তা প্ৰদানৰ প্ৰতিশ্ৰুতি আছিল তেওঁলোকৰ মূলমন্ত্ৰ।
প্ৰথমে পশ্চিম আফগানিস্তানৰ পৰা হঠাতে তেওঁলোকৰ প্ৰতিপত্তি বৃদ্ধি কৰি ১৯৯৫ চনত আফগানিস্তান আৰু ইৰান সীমান্তৰ হিৰাট প্ৰভিন্ছ অঞ্চল দখল কৰি লয় তালিবানে। ঠিক এবছৰ পিছতে তালিবানে ৰাষ্ট্ৰপতি বাহৰান উদ্দিন ৰাব্বানীৰ চৰকাৰক মোক্ষম আঘাত হানি আফগানিস্তানৰ ৰাজধানী কাবুল দখল কৰি লয়।
উল্লেখযোগ্য যে বাহাৰান উদ্দিন ৰাব্বানীয়ে তেতিয়াৰ ছোভিয়েট ৰাছিয়াক প্ৰতিহত কৰি আফগান মুজাহিদীনৰ জন্ম দিছিল। ইপিনে তালিবানে ১৯৯৫ চনত কাবুল দখলৰ তিনিবছৰৰ ভিতৰত ১৯৯৮ চনত আফগানিস্তানৰ ৯০% নিজৰ অধীনলৈ আনিবলৈ সক্ষম হৈছিল।
আফগান নাগৰিকে ছোভিয়েট ৰাছিয়াক উৎখাতৰ সময়ত ভাবিছিল মুজাহিদিনে তেওঁলোকৰ সমস্যা সমাধান কৰিব। কিন্তু মুজাহিদিনসকলে ক্ষমতা লাভ কৰাৰ পিছত বিভিন্ন অত্যাচাৰ আৰু সংঘৰ্ষৰ পিছত প্ৰথমতে তালিবানসকলক আঁকোৱালি লৈছিল। তালিবানৰ প্ৰথম অৱস্থাত জনপ্ৰিয়তাৰ কাৰণ আছিল দুৰ্নীতি দমন, অত্যাচাৰ বন্ধ আৰু তালিবানৰ নিয়ন্ত্ৰণত থকা অঞ্চলসমূহত ব্যৱসায়–বাণিজ্যৰ বাবে নিৰাপত্তা প্ৰদান।
কিন্তু অলপ দিন যোৱাৰ পিছতে তালিবানে শৰিয়া আইন কাৰ্যকৰী কৰি কঠোৰ শাস্তি প্ৰদান কৰিবলৈ আৰম্ভ কৰাত ৰাইজৰ মাজত আস্থা হেৰুৱাবলৈ আৰম্ভ কৰে। সেই সময়ত তালিবানে পুৰুষৰ দীঘল দাড়ি ৰখা বাধ্যতামূলক কৰাৰ লগতে মহিলাসকলক বোৰ্খা–হিজাব আদি পিন্ধিবলৈ বাধ্য কৰায়। আনহতে চুৰি কৰিলে মুকলিকৈ হাত কাটি দিয়া, হত্যাকাণ্ডৰ বাবে গুলীয়াই দিয়া আদি কৰিবলৈ আৰম্ভ কৰে।
তালিবানে দেশত টেলিভিছন বন্ধ কৰি দিয়াৰ লগতে গীত–নৃত্য, চিনেমাৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰি দহ বছৰৰ ওপৰৰ ছাত্ৰীৰ স্কুল যোৱাৰ ওপৰতো নিষেধাজ্ঞা জাৰি কৰে। তেওঁলোকৰ ওৰত বিভিন্ন ধৰণে মানৱ অধিকাৰ উলংঘাৰ অভিযোগ উৎথাপিত হ’বলৈ আৰম্ভ কৰে। উদাহৰণস্বৰূপে ২০০১ চনত তালিবানে মধ্য আফগানিস্তানৰ বুদ্ধ মূৰ্তিসমূহ ধ্বংস কৰে।
যদিও পাকিস্তানে তেওঁলোকৰ দেশত তালিবানৰ জন্ম লাভ কৰাৰ কথা অস্বীকাৰ কৰে কিন্তু সেই সময়ত বহু তালিবান নেতাই পাকিস্তানৰ মাদ্ৰাছাৰ পৰা ধৰ্মীয় শিক্ষা লাভ কৰাৰ বহু তথ্য পোৱা যায়।
আনহতে, তালিবানে আফগানিস্তান দখল কৰাৰ পিছত চৌদি আৰব আৰু ইউএই আৰু পাকিস্তানে প্ৰথমতেই তেওঁলোকক সমৰ্থন প্ৰদান কৰিছিল। কিন্তু ২০০১ চনৰ ১১ ছেপ্টেম্বৰত আমেৰিকাৰ WORLD TRADE CENTER আক্ৰমণৰ পিছত চকু খোল খায় আমেৰিকাৰ। কাৰণ আমেৰিকাৰ অভিযোগ মতে, ৰ্ৱল্ড ট্ৰেড চেণ্টাৰৰ আক্ৰমণৰ মূল মাষ্টৰমাইণ্ড ওছামা বিন লাডেনৰ আল কায়দা গোষ্ঠী তালিবান মদতপুষ্ট আছিল আৰু তেওঁলোকে আফগানিস্তানত বাহৰ পাতিছিল। ইয়াৰ পিছতেই ২০০১ চনৰ ডিচেম্বৰ মাহত আমেৰিকাই আফগানিস্তানত তালিবান চৰকাৰৰ ওপৰত আক্ৰমণ চলায় আৰু অতি কম সময়ৰ ভিতৰত তালিবান ক্ষমতাচ্যুত হয়।
তেতিয়া তালিবানৰ বেছিভাগ নেতাই পাকিস্তানৰ কোয়েটা চহৰত আশ্ৰয় গ্ৰহণ কৰে।
ইয়াৰ পৰৱৰ্তী সময়ত আফগানিস্তানত শান্তি প্ৰতিষ্ঠাৰ বাবে নতুন চৰকাৰ গঠন হয়। কিন্তু তালিবানে পাকিস্তান আৰু কাটাৰত থাকি আমেৰিকা আৰু আফগানিস্তান চৰকাৰৰ বিৰুদ্ধে বিক্ষিপ্ত আক্ৰমণ অব্যাহত ৰাখে। পিছত কাটাৰৰ ৰাজধানী দোহাত ফেব্ৰুৱাৰী ২০২১ত আমেৰিকাৰ লগত শান্তি চুক্তি সম্পাদনা কৰে আৰু বিগত কেইবামাহে এটা এটাকৈ অঞ্চলত নিজৰ অধিপত্য বৃদ্ধি কৰে। ফলত ৬ আগষ্ট ২০২১ চনৰ পৰা মাত্ৰ দহ দিনৰ ভিতৰত আমেৰিকান সৈন্য উভতি যোৱাত তালিবানে ১৬ আগষ্টৰ দিনা আফগানিস্তানৰ ৰাজধানী কাবুল দখল কৰি পুনৰ তালিবানী চৰকাৰ প্ৰতিষ্ঠা কৰে।