বতাহত বিয়পে কোৰোণা ভাইৰাছ! বিজ্ঞানীসকলৰ দাবীক স্বীকৃতি দিলে WHO-এ

News18 Assam | News18-Assam
Updated:July 8, 2020, 2:05 PM IST
বতাহত বিয়পে কোৰোণা ভাইৰাছ! বিজ্ঞানীসকলৰ দাবীক স্বীকৃতি দিলে WHO-এ
৩২ খন দেশৰ বিজ্ঞানীসকলে দাবী কৰিছিল যে, যথেষ্ট প্রমাণ আছে এই ভাইৰাছৰ পার্টিকল বতাহত ভাঁহি ফুৰে আৰু কোনো মানুহে সেয়া শ্বাস–প্ৰশ্বাসৰ জৰিয়তে গ্ৰহণ কৰিলে তেওঁ সংক্ৰমিত হ’ব পাৰে। 

৩২ খন দেশৰ বিজ্ঞানীসকলে দাবী কৰিছিল যে, যথেষ্ট প্রমাণ আছে এই ভাইৰাছৰ পার্টিকল বতাহত ভাঁহি ফুৰে আৰু কোনো মানুহে সেয়া শ্বাস–প্ৰশ্বাসৰ জৰিয়তে গ্ৰহণ কৰিলে তেওঁ সংক্ৰমিত হ’ব পাৰে। 

  • Share this:
বতাহৰ জৰিয়তেও কোৰোণা ভাইৰাছৰ বীজাণু বিয়পিব পাৰে। বিজ্ঞানীসকলৰ এই দাবীক স্বীকৃতি দিলে দ্য ৱৰ্ল্ড হেলথ অৰ্গেনাইজেশ্যনে। মঙলবাৰে WHO -ৰ তৰফৰ পৰা জনোৱা হয় যে শেহতীয়াকৈ নতুন প্ৰমাণ সন্মুখলৈ আহিছে যে কোভিড ১৯ বতাহৰ জৰিয়তে বিয়পে এই কথা দাবী কৰিছিল বিজ্ঞানীসকলে। বিজ্ঞানীসকলে কোৰোণাৰ এই নতুন বৈশিষ্ট্য আপডেট কৰিবলৈ বিশ্ব স্বাস্থ্য সংস্থাক আৱেদন জনাইছিল।

কোভিড ১৯ অতিমৰীৰ টেকনিকেল লীড মাৰিয়া ভান ক্যাৰকোভে জনায়, ‘জীৱাণুৰ বতাহত ভাঁহি পৰাৰ ফলত সংক্ৰমণৰ বিষয়টো আলোচনা কৰা হৈছে। ড্ৰপলটেৰ জৰিয়তে এই ভাইৰাছৰ সংক্ৰমণ এনেকৈ হয়।

ইয়াৰ পূৰ্বে বিশ্ব স্বাস্থ্য সংস্থাই জনাইছিল কোভিড ১৯ এক শ্বাস–প্ৰশ্বাসজনিত ৰোগ যি প্ৰধানকৈ ড্ৰপলেটৰ জৰিয়তে বিয়পে। যি নাক–মুখৰ পৰা ওলাই মানুহক আক্ৰান্ত কৰে তথা খুব সোনকালে মাটিত পৰি যায়।

কিন্তু ক্লিনিকেল ডিজিজ জাৰ্নালত প্ৰকাশিত গৱেষণাত ২৩৯জন বিজ্ঞানীৰ দাবীয়ে সকলোকে হতভম্ব কৰি তুলিছে। ৩২খন দেশৰ বিজ্ঞানীয়ে দাবী কৰিছে যে যথেষ্ট প্ৰমাণ আছে যে এই ভাইৰাছৰ পাৰ্টিকল বতাহত ভাঁহি থাকে আৰু কোনো মানুহে সেয়া উশাহৰ জৰিয়তে গ্ৰহণ কৰিলে সংক্ৰমিত হ’ব পাৰে। বিজ্ঞানীসকলৰ দাবী একেবাৰে ক্ষুদ্ৰাতিক্ষুদ্ৰ কণা বতাহত টিকি থাকিব পাৰে। ইয়াৰ পিছতে WHO-ৰ নিৰ্দেশিকাৰ কাৰণে আৱেদন কৰে তেওঁলোকে।
মঙলবাৰে সংবাদমাধ্যমৰ সৈতে কথা পতাৰ সময়ত WHO-ৰ তৰফৰ পৰা জনোৱা হয় যে এই জীৱাণু বতাহত ভাঁহি থাকি ৰোগ বিয়পোৱাৰ ক্ষমতাৰ উদাহৰণ পোৱা গ’লেও এতিয়াই নিশ্চিতভাৱে ক’ব পৰা নাযায়। তেওঁলোকে জনায়, ‘ জন- পৰিকাঠামোৰ একেবাৰে বিশেষ কণ্ডিশ্যনত এইটো বায়ুবাহিত হোৱাৰ সম্ভাৱনা থাকে ৷ সেই ঠাইত কিমান ভিৰ আছিল, কিমান ওচৰে–পাজৰে আছিল সেই ঠাইত বায়ুৰ ভেণ্টিলেশ্যনৰ ব্যৱস্থা কেনেকুৱা আছিল সেই‍বোৰ গুৰুত্বপূৰ্ণ। এনে ক্ষেত্ৰত ভাইৰাছৰ বায়ুবাহিত হোৱাৰ সম্ভাৱনা খাৰিজ কৰি দিব নোৱাৰি। ’

‘গতিকে এই বিষয়টোক লৈ এতিয়াও আৰু অধিক তথ্য প্ৰমাণ যোগাৰ কৰিব লাগিব, এইক্ষেত্ৰত আমি সকলো সময়তে সমৰ্থন আৰু সাহাৰ্য প্ৰদান কৰিম।’ এই মুহূর্তত বিশ্ব স্বাস্থ্য সংস্থাৰ নির্দেশিকা অনুযায়ী ১ মিটাৰ দূৰত্ব মানি চলাৰ কথা কোৱা হয়। WHO–এ জনায় আগন্তুক কেইটামান দিনৰ ভিতৰত কোৰোণা ভাইৰাছৰ সংক্ৰমণৰ পদ্ধতিক লৈ বিস্তাৰিত ভাৱে জনোৱা হ’ব।
First published: July 8, 2020, 10:29 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading