PM মোদীক টুইটাৰত আনফল’ কৰাক লৈ প্ৰতিক্ৰিয়াৰ পিছত হোৱাইট হাউছে দিলে চাফাই, কি ক’লে চাওক

News18 Assam | News18-Assam
Updated:April 30, 2020, 12:26 PM IST
PM মোদীক টুইটাৰত আনফল’ কৰাক লৈ প্ৰতিক্ৰিয়াৰ পিছত হোৱাইট হাউছে দিলে চাফাই, কি ক’লে চাওক
হোৱাইট হাউছৰ মতে কিছুসময়ৰ কাৰণেহে ফল’ কৰে তেওঁলোকে। 

হোৱাইট হাউছৰ মতে কিছুসময়ৰ কাৰণেহে ফল’ কৰে তেওঁলোকে। 

  • Share this:
ৱাশ্বিংটনঃ হোৱাইট হাউছে বুধবাৰে নিজৰ চাফাইত উল্লেখ কৰিছে যে তেওঁলোকৰ টুইটাৰ হেণ্ডেলে সাধাৰণতে কিছুসময়ৰ কাৰণেহে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ যাত্ৰাৰ সময়ত সেই দেশৰ প্ৰধানসকলক টুইটাৰত ফল’ কৰে। এই কাম এই কাৰণেই কৰা হয় যাতে ৰাষ্ট্ৰপতিৰ যাত্ৰাৰ সমৰ্থনত তেওঁলোকৰ সংবাদসমূহ ৰিটুইট কৰিব পৰা যায়।

ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ফেব্ৰুৱাৰী মাহৰ অন্তিম সপ্তাহত ভাৰত ভ্ৰমণৰ সময়ত হোৱাইট হাউছে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, আমেৰিকাৰ ভাৰতীয় দূতাবাস আৰু ভাৰতত আমেৰিকাৰ ৰাষ্ট্ৰদূত কেন জেষ্টাৰৰ একাউণ্ট ফল’ কৰিবলৈ আৰম্ভ কৰিছিল। এই সপ্তাহৰ আৰম্ভনিতে হোৱাইট হাউছে গোটেই ছটা একাউণ্ট আনফল’ কৰি দিলে।

এজন জ্যেষ্ঠ প্ৰশাসনিক বিষয়াই প্ৰশ্নসমূহৰ উত্তৰ প্ৰদান কৰি কয় যে হোৱাইট হাউছৰ টুইটাৰ একাউণ্টে সাধাৰণতে আমেৰিকাৰ চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলৰ টুইটাৰ একাউণ্টছ ফল’ কৰে।

উল্লেখযোগ্য যে, হোৱাইট হাউছৰ এই পদক্ষেপত ভাৰতৰ ছচিয়েল মিডিয়াত বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া অহা দেখিবলৈ পোৱা গৈছিল। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়ে বুধবাৰে হোৱাইট হাউছে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আনফল’ কৰাক লৈ নিৰাশ হোৱাৰ কথা প্ৰকাশ কৰি বিদেশ মন্ত্ৰালয়ক এই সন্দৰ্ভত তথ্য আহৰণ কৰিবলৈ কৈছিল।

বুধবাৰলৈকে হোৱাইট হাউছৰ ২.২কোটি ফল’ৱাৰ আছিল। সাধাৰণতে হোৱাইট হাউছে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প তেওঁৰ বিষয়া, প্ৰথম মহিলা, উপ ৰাষ্ট্ৰপতি তথা তেওঁৰ পত্নী, নতুন প্ৰেছ সচিব কেলিঘ মেকেনী, ৰাষ্ট্ৰীয় সুৰক্ষা পৰিষদ আৰু প্ৰাক্তন হোৱাইট হাউছ সচিব ষ্টেফানী গ্ৰীছম সহ ১৩জন লোকৰ একাউণ্ট ফল’ কৰে।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading