Howdy Modi: ড’নাল্ড ট্ৰাম্পৰ সন্মুখতে পাকিস্তানক আক্ৰমণ প্ৰধানমন্ত্ৰী মোদীৰ, প্ৰশ্ন কৰিলে 9/11 আৰু 26/11ৰ আক্ৰমণকাৰী ক’ত পোৱা হৈছিল?

জম্মু–কাশ্মীৰক বিশেষ মৰ্যাদা প্ৰদান কৰা অনুচ্ছেদ ৩৭০ আঁতৰোৱাৰ প্ৰসংগ সমৰ্থন কৰে মোদীয়ে। তেওঁ কয় যে, এই অনুচ্ছেদ ৩৭০ৰ কাৰণে ৰাজ্যখনত আতংকবাদ আৰু বিচ্ছিন্নতাবাদে গা কৰি উঠিছিল। 

News18
Updated:September 23, 2019, 8:08 AM IST
Howdy Modi: ড’নাল্ড ট্ৰাম্পৰ সন্মুখতে পাকিস্তানক আক্ৰমণ প্ৰধানমন্ত্ৰী মোদীৰ, প্ৰশ্ন কৰিলে 9/11 আৰু 26/11ৰ আক্ৰমণকাৰী ক’ত পোৱা হৈছিল?
জম্মু–কাশ্মীৰক বিশেষ মৰ্যাদা প্ৰদান কৰা অনুচ্ছেদ ৩৭০ আঁতৰোৱাৰ প্ৰসংগ সমৰ্থন কৰে মোদীয়ে। তেওঁ কয় যে, এই অনুচ্ছেদ ৩৭০ৰ কাৰণে ৰাজ্যখনত আতংকবাদ আৰু বিচ্ছিন্নতাবাদে গা কৰি উঠিছিল। 
News18
Updated: September 23, 2019, 8:08 AM IST
সন্ত্ৰাসবাদৰ বিৰুদ্ধে কঠোৰ স্থিতিৰে হাউদি মোদী কাৰ্যসূচীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক উল্লেখযোগ্য ভাষণ প্ৰদান কৰে। তেওঁ কয় যে, সন্ত্ৰাসবাদৰ বিৰুদ্ধে এক নিৰ্ণায়ক যুদ্ধ কৰাৰ সময় আহি পৰিছে। আমেৰিকাৰল হিউছটনত দেওবাৰে সন্ত্ৰাসবাদক লৈ পাকিস্তানৰ ওপৰত পৰোক্ষ আক্ৰমণ কৰে মোদীয়ে। পাকিস্তানৰ নাম নোলোৱাকৈ মোদীয়ে থকা–সৰকা কৰাৰ সময়ত ষ্টেজত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পো উপস্থিত আছিল।

৫০,০০০ লোকৰ সন্মুখত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জম্মু–কাশ্মীৰক বিশেষ মৰ্যাদা প্ৰদান কৰা ৩৭০ অনুচ্ছেদ আঁতৰোৱাৰো সমৰ্থন কৰে। তেওঁ কয় যে, এই অনুচ্ছেদ ৩৭০ৰ কাৰণে ৰাজ্যখনত আতংকবাদ আৰু বিচ্ছিন্নতাবাদে গা কৰি উঠিছিল। পাকিস্তানৰ নাম নোলোৱাকৈ তেওঁ কয়, ভাৰতে গ্ৰহণ কৰা সন্ত্ৰাসবাদ বিৰোধী পদক্ষেপৰ দ্বাৰা কিছুমান মানুহে বৰ কষ্ট পাইছে। এনেকুৱা মানুহে নিজৰ দেশত ঘৃণা বিয়পাই দেশখনক দুৰ্বল কৰি তুলিছে।

উল্লেখযোগ্য যে পাকিস্তানক পৰোক্ষভাৱে সমালোচনা কৰি মোদীয়ে সন্ত্ৰাসবাদবিৰোধী যুঁজত আমেৰিকা যুক্তৰাষ্ট্ৰই কৰা সহায়ৰ প্ৰশংসা কৰে। তেওঁ লগতে সোঁৱৰাই দিয়ে যে, আমেৰিকাত 9/11 আৰু ভাৰতত 26/11ৰ সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত কৰা অভিযুক্ত একেখন দেশতে পোৱা গৈছিল।

আনহাতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে কয় যে, তেওঁ গোড়া ইছলামিক সন্ত্ৰাসবাদৰ হাতোৰাৰ পৰা নিৰ্দোষী লোকৰ প্ৰাণ ৰক্ষা কৰিবলৈ প্ৰতিজ্ঞাবদ্ধ। ট্ৰাম্প আৰু মোদী দুয়ো সন্ত্ৰাসবাদ বিৰোধী যুঁজত একেলগ হৈ আছে। ২৭ ডিচেম্বৰত নিউয়ৰ্কত যুক্তৰাষ্ট্ৰৰ বৈঠকত পাকিস্তানৰ বিৰুদ্ধে ভাৰতে প্ৰদৰ্শন কৰিবলগীয়া যুক্তিত দুয়োজন নেতাৰ মন্তব্যক সন্নিবিষ্ট কৰা হ’ব।

এই হাউদি মোদী কাৰ্যসূচীত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ মুকলি প্ৰশংসা কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। মঞ্চত একেলগে উপস্থিত থকাৰ সময়ত মোদীয়ে কয় ভাৰতত আমি ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সৈতে ভাল সম্পৰ্ক গঢ়ি তুলিছো। আমেৰিকাত এইবাৰ ট্ৰাম্প চৰকাৰ। মোদীয়ে কয়, ট্ৰাম্পক বেলেগ পৰিচয়ৰ প্ৰয়োজন নাই। কোটি কোটি মানুহে তেওঁৰ এটা এটা শব্দ অনুসৰণ কৰে। বিশ্ব ৰাজনীতিত ট্ৰাম্পৰ আসন অতি উচ্চ।
আৰু চাওক পৰৱৰ্তী বাতৰি