உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • world
    • »
    • Coronavirus Pandemic : আশাৰ বতৰা, অমিক্ৰনৰ পিছত ইউৰোপত শেষ হ’ব পাৰে কোৰোণা মহামাৰীৰ প্ৰভাৱ! WHOৰ মন্তব্য

    Coronavirus Pandemic : আশাৰ বতৰা, অমিক্ৰনৰ পিছত ইউৰোপত শেষ হ’ব পাৰে কোৰোণা মহামাৰীৰ প্ৰভাৱ! WHOৰ মন্তব্য

    প্ৰতীকী ফটো

    প্ৰতীকী ফটো

    বিশ্ব স্বাস্থ্য সংস্থাৰ ইউৰোপৰ নিৰ্দেশক হ্যান্স ক্লুজে (Hans Kluge)  এএফপি নিউজ এজেন্সীক জনাইছে যে কোৰোণা মহামাৰী, কোৰোণাৰ নতুন ভ্যাৰিয়েণ্ট অমিক্ৰনৰ সৈতে এক নতুন দিশত প্ৰৱেশ কৰিছে।

    • Share this:
    কোৰোণা মহামাৰীক লৈ দেখা গৈছে এক আশাৰ ৰেঙণি। কোৱা হৈছে যে কোৰোণাৰ নতুন ভেৰিয়েণ্ট অমিক্ৰনৰ (Omicron) প্ৰভাৱৰ পিছতেই শেষ হ’বলৈ ল’ব ইয়াৰপ্ৰভাৱ। এই আশাৰ বতৰা শুনাইছে বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ WHO–এ। সম্প্ৰতি বিশ্ব স্বাস্থ্য সংস্থাই প্ৰথমবাৰৰ বাবে ইউৰোপত কোৰোণা মহামাৰী শেষ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে। বৰ্তমান কোৰোণা মহামাৰীৰ নতুন ভেৰিয়েণ্ট অমিক্ৰনৰ প্ৰভাৱত কোৰোণা মহামাৰীৰ ভয়ানক ঢৌ অলপ হ’লেও কম হৈছে।

    বিশ্ব স্বাস্থ্য সংস্থাৰ ইউৰোপৰ নিৰ্দেশক হ্যান্স ক্লুজে (Hans Kluge)  এএফপি নিউজ এজেন্সীক জনাইছে যে কোৰোণা মহামাৰী, কোৰোণাৰ নতুন ভ্যাৰিয়েণ্ট অমিক্ৰনৰ সৈতে এক নতুন দিশত প্ৰৱেশ কৰিছে। কোৰোণাৰ নতুন ভেৰিয়েণ্ট অমিক্ৰন ২০২২ চনৰ মাৰ্চ মাহৰ মাজত ইউৰোপৰ প্ৰায় ৬০ শতাংশ মানুহক সংক্ৰমিত কৰিব পাৰে। যাৰ বাবে ইউৰোপত শেষ হ’ব পাৰে ক'ৰণা মহামাৰীৰ প্ৰভাৱ। কোৰোণাৰ নতুন ভেৰিয়েণ্ট অমিক্ৰনেই কোৰোণা মহামাৰীৰ অন্ত পৰাৰ ক্ষেত্ৰত আশাৰ সূচনা কৰিছে। কোৰোণা মহামাৰীৰ নতুন ভেৰিয়েণ্ট অমিক্ৰনে দেখুৱাইছে আশাৰ নতুন পোহৰ।

    বিশ্ব স্বাস্থ্য সংস্থাৰ ইউৰোপৰ নিৰ্দেশক হ্যান্স ক্লুজ (Hans Kluge)  এএফপি নিউজ এজেন্সিক জনাইছে যে এয়া এক বহুত আনন্দৰ খবৰ যে কোৰোণা মহামাৰীৰ নতুন ভ্যাৰিয়েণ্ট অমিক্ৰনে আমাক কোৰোণা মহামাৰীৰ অন্তিম দিশত লৈ যাবলৈ ধৰিছে। তাৰ লগতে সকলোকে জৰুৰী সতৰ্কতা অৱলম্বন কৰিবলৈও পৰামৰ্শ দিয়ে।

    গৱেষণাত লক্ষ্য কৰা গৈছে যে কোৰোণাৰ নতুন ভেৰিয়েণ্ট অমিক্ৰনৰ প্ৰভাৱ অলপ হ’লেও কম। এয়া ডেল্টাৰ নিচিনা সিমান এটা ভয়ংকৰ নহয়। ইয়াৰ উপৰিও যিসকলে ভেকচিন লৈছে তাৰ শৰীৰত নতুন ভেৰিয়েণ্ট অমিক্ৰনে তেনেকুৱা সংক্ৰমণ বিস্তাৰ কৰিব নোৱাৰিব। কোৰোণাৰ নতুন ভেৰিয়েণ্ট অমিক্ৰনৰ ফালে চোকা দৃষ্টি ৰখা হৈছে যে ইয়াৰ ফলত শেষ হ’ব পাৰে কোৰোণাৰ ভাইৰাছৰ প্ৰভাৱ। লাহে লাহে কোৰোণা ভাইৰাছ এটা সাধাৰণ জ্বৰ হিচাপে থাকি যাব পাৰে। যাৰ প্ৰভাৱে তেনেকুৱা ভয়ংকৰ ৰীপ ধাৰণ কৰিব নোৱাৰিব।
    Published by:Sanjay Kumar Das
    First published: