সমগ্ৰ বিশ্বত ২ঘণ্টাৰো অধিক সময় বিকল হৈ থাকিল WhatsApp, এইটো আছিল ডাঙৰ কাৰণ

News18 Assam | News18-Assam
Updated:July 15, 2020, 10:33 AM IST
সমগ্ৰ বিশ্বত ২ঘণ্টাৰো অধিক সময় বিকল হৈ থাকিল WhatsApp, এইটো আছিল ডাঙৰ কাৰণ
মাজনিশাৰ পিছত সমগ্ৰ বিশ্বৰ লোকে প্ৰায় দুঘণ্টালকৈ হোৱাটছএপ ব্যৱহাৰ কৰিব নোৱাৰা হৈ পৰে। 

মাজনিশাৰ পিছত সমগ্ৰ বিশ্বৰ লোকে প্ৰায় দুঘণ্টালকৈ হোৱাটছএপ ব্যৱহাৰ কৰিব নোৱাৰা হৈ পৰে। 

  • Share this:
ভাৰত সহ বিশ্বজুৰি প্ৰায় দুঘণ্টা বিকল হৈ থকা WhatsApp–এ অৱশেষত কাম কৰিবলৈ লৈছে। হোৱাটছএপৰ অসুবিধাৰ কাৰণে ইউজাৰ্ছসকলে মেচেজিং এপ ব্যৱহাৰ কৰিব নোৱাৰে। ডাউনডিটেক্টৰৰ মতে হোৱাটছএপ আউটেজ ভাৰতীয় সময়মতে নিশা প্ৰায় ১বজাত আৰম্ভ হৈ প্ৰায় তিনি বজালৈকে থাকে। ইউজাৰ্ছসকলে অভিযোগ কৰা মতে তেওঁলোকে হোৱাটছএপত যোগাযোগ কৰিবই নোৱাৰা হৈ পৰে।

মেচেজিং এপক ট্ৰেক কৰা WABetaInfoৰ মতে বিশ্বৰ হোৱাটছএপ ইউজাৰ্ছে এই অশান্তি হোৱাটছএপৰ চাৰ্ভাৰ ডাউন হোৱাৰ কাৰণে পাবলগীয়া হয়।






ডাউনডিটেক্টৰ মেপৰ মতে বাকী দেশৰ তুলনাত আমেৰিকা, ব্ৰিটেইন, দক্ষিণ আমেৰিকাৰ ইউজাৰ্ছসকল সকলোতকৈ বেছি প্ৰভাৱিত হয়। বৰ্তমান সকলো ঠিকে কাম কৰি আছে।







উল্লেখ্য যে, ইয়াৰ পূৰ্বে এপ্ৰিল মাহতো একেই ধৰণে হোৱাটছএপ সমগ্ৰ বিশ্বত বন্ধ হৈ পৰিছিল। সেই সময়ত ফেচবুক আৰু ইনষ্টাগ্ৰামতো একেই সমস্যাৰ সৃষ্টি হৈছিল।
First published: July 15, 2020, 10:33 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading