• Home
  • »
  • News
  • »
  • world
  • »
  • Whatsapp Facebook Instagram Down: সমগ্ৰ বিশ্বতে ডাউন ফেচবুক, হোৱাটছএপ আৰু ইনষ্টাগ্ৰাম সেৱা, ইউজাৰৰ মাজত হাহাকাৰ

Whatsapp Facebook Instagram Down: সমগ্ৰ বিশ্বতে ডাউন ফেচবুক, হোৱাটছএপ আৰু ইনষ্টাগ্ৰাম সেৱা, ইউজাৰৰ মাজত হাহাকাৰ

whatsapp, facebook and instagram service down !

whatsapp, facebook and instagram service down !

Whatsapp Facebook Instagram Down: ফেচবুক আৰু হোৱাটছএপ ভাৰতীয় সময়মতে নিশা প্ৰায় ৯ বজাৰ পৰা কাম কৰা নাই।

  • Share this:
ছ'চিয়েল মিডিয়া ছাইট ফেচবুক (Facebook ), হোৱাটছএপ (Whatsapp) আৰু ইনষ্টাগ্ৰাম (Instagram )সেৱা বিশ্বব্যাপী ডাউন হৈ পৰাত হাহাকাৰ লাগিছে। ইয়াৰ ফলত ছচিয়েল মিডিয়া ইউজাৰসকলৰ যথেষ্ট অসুবিধা হৈছে। খুব কম সংখ্য ইউজাৰহে এই সমস্যাৰ পৰা হাত সাৰি আছে বুলি জানিব পৰা গৈছে।  ফেচবুক ৱেবছাইটত এটা বাৰ্তাত কোৱা হৈছে, "ক্ষমা কৰিব, কিবা এটা গণ্ডগোল হৈছে। আমি ইয়াৰ ওপৰত কাম কৰি আছোঁ আৰু আমি যিমান সোনকালে পাৰোঁ ঠিক কৰিম।"

একাংশ ইউজাৰে টুইটাৰত টুইট কৰি কয় যে ফেচবুক আৰু হোৱাটছএপ ভাৰতীয় সময়মতে নিশা প্ৰায় ৯ বজাৰ পৰা কাম কৰা নাই।



ভাৰতত ফেচবুকৰ ৪১০ মিলিয়নতকৈও অধিক ব্যৱহাৰকাৰী আছে আৰু ইয়াৰ হোৱাটছএপৰ ৫৩০ মিলিয়নতকৈও অধিক ব্যৱহাৰকাৰীৰ আছে । ভাৰতত ইনষ্টাগ্ৰামৰ ২১০ মিলিয়নতকৈও অধিক ব্যৱহাৰকাৰী আছে।
Published by:Manjumoni Borah
First published: