নিৰ্বাচনত হাৰিল, এইবাৰ কি হ’ব ড’নাল্ড ট্ৰাম্পৰ?

News18 Assam | News18-Assam
Updated:November 8, 2020, 12:22 PM IST
নিৰ্বাচনত হাৰিল, এইবাৰ কি হ’ব ড’নাল্ড ট্ৰাম্পৰ?
মাৰ্কিন ৰাষ্ট্ৰপতি নিৰ্বাচনত তেওঁ পৰাজিত হৈছে ঠিকেই, কিন্তু পুনৰবাৰ তেওঁ নামিব পাৰে যুঁজত।

মাৰ্কিন ৰাষ্ট্ৰপতি নিৰ্বাচনত তেওঁ পৰাজিত হৈছে ঠিকেই, কিন্তু পুনৰবাৰ তেওঁ নামিব পাৰে যুঁজত।

  • Share this:
জো বাইডেনৰ হাতত পৰাজয়ৰ খবৰটো তেওঁ পায় গ’ল্ফ খেলি থকাৰ সময়ত। ট্ৰাম্পে গ’ল্ফ খেলি খুব ভাল পায়। এতিয়া তেওঁ আৰু বেছিকৈ খেলত সময় দিব পাৰিব। মন্তব্য কৰিছে সমালোচকসকলে। ট্ৰাম্পে চৰ্চাত থাকিবলৈ খুবেই ভাল পায়। সেয়েহে আন বিদায়ী ৰাষ্ট্ৰপতিসকলে যিদৰে প্ৰচাৰৰ আঁৰলৈ গৈছে, ট্ৰাম্পৰ বাবে সেয়া অসম্ভৱ বুলিয়ে ধাৰণা কৰিছে সচেতন মহলে। তেনেহ’লে এতিয়া কি কৰিব ড’নাল্ড ট্ৰাম্পে?

মাৰ্কিন ৰাষ্ট্ৰপতি নিৰ্বাচনত তেওঁ পৰাজিত হৈছে ঠিকেই, কিন্তু পুনৰবাৰ তেওঁ নামিব পাৰে যুঁজত। তাৰ বাবে এতিয়াৰে পৰা আৰম্ভ কৰিব পাৰে ৰণকৌশল। ২০২৪ত পুনৰ তেওঁ ৰাষ্ট্ৰপতি নিৰ্বাচনত অংশগ্ৰহণ কৰিব পাৰে। এই কথা জনাইছে ট্ৰাম্পৰ ঘনিষ্ঠসকলে।

নিৰ্বাচনৰ বাবে প্ৰস্তুত হোৱাৰ উপৰি লাইমলাইটে থাকিবলৈ ট্ৰাম্পে নিজৰ টিভি চেনেল আৰম্ভ কৰিব পাৰে। এই বিষয়ে তেওঁ পূৰ্বে এবাৰ ইংগিত দিছে। ২০০০ চনত নিজেই এটা টেলিভিছন শ্ব’ হোষ্ট কৰাৰ সুবাদত তেওঁৰ এই অভিজ্ঞতা আছে। ৰাষ্ট্ৰপতি হৈ থকাৰ সময়ত তেওঁ এবাৰ কৈছিল যে তেওঁ পুৰণি দিনবোৰ খুব মিছ কৰে। ফলত অতীত যি কৰিছিল সেয়া পুনৰ কৰিব পাৰে ট্ৰাম্পে।

ট্ৰাম্পৰ বিৰুদ্ধে বহু অভিযোগ আছে। এগৰাকী পৰ্ণষ্টাৰক গোপনে টকা দিয়াৰ পৰা আৰম্ভ কৰি অংগতিপূৰ্ণ বেংক একাউণ্ট আৰু ব্যৱসায়ৰ খেলিমেলি। ৰাষ্ট্ৰপতি হৈ থকা কালত এই বিষয়সমূহ এৰাই চলিলেও এতিয়া পুনৰ তেওঁৰ বিৰুদ্ধে আৰম্ভ হ’ব পাৰে গোচৰ।

ইয়াৰ উপৰি হোৱাইট হাউছত থকাৰ সময়ত তেওঁ কৈছিল যে পত্নীৰ সৈতে দীঘলীয়া যাত্ৰালৈ যাব বিচাৰে। এতিয়া ট্ৰাম্পৰ হাতত বহু সময়। কিন্তু এতিয়া ট্ৰাম্পে কি কৰিব সেয়া সময়েহে ক’ব।
Published by: Sanjay Kumar Das
First published: November 8, 2020, 12:22 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading